স্পৰ্টছ ডেস্ক, 16আগষ্ট : আৰ্জেন্টিনাৰ ফ'ৰৱাৰ্ড লিয়নেল মেছী, পৰ্টুগালৰ ষ্ট্ৰাইকাৰ ক্ৰিষ্টিয়ানো ৰোনাল্ডো আৰু ডাটছ ডিফেণ্ডাৰ ভাৰ্জিল ভান ডিজিকক বৃহস্পতিবাৰে ইউনিয়ন অৱ ইউৰোপিয়ান ফুটবল এছ'চিয়েছনৰ (UEFA) পুৰুষৰ 'প্লেয়াৰ অৱ দা ইয়েৰ' সন্মানৰ বাবে মনোনীত কৰা হৈছে ৷ এই সন্মান লাভ কৰা খেলুৱৈজনৰ নাম ঘোষণা আগষ্টৰ 29 তাৰিখে 2019-20 চেম্পিয়নছ লীগৰ সময়ত কৰা হ'ব বুলি জানিব পৰা গৈছে ৷
!['প্লেয়াৰ অৱ দা ইয়েৰ'ৰ বাবে মনোনীত](https://etvbharatimages.akamaized.net/etvbharat/prod-images/4154495_1.jpg)
!['প্লেয়াৰ অৱ দা ইয়েৰ'ৰ বাবে মনোনীত](https://etvbharatimages.akamaized.net/etvbharat/prod-images/4154495_3.jpg)
উল্লেখ্য যে, 2018-19 চেম্পিয়নছ লীগত মেছীয়ে সৰ্বাধিক 12 টাকৈ গ'ল কৰিছিল ৷ UEFA নেশ্বনেল লীগৰ ফাইনেলত সৰ্বাধিক গ'ল দিছিল ৰোনাল্ডোয়ে ৷ আনহাতে, প্ৰীমিয়াৰ লীগত লিভাৰপুলৰ ভাৰ্জিল ভান ডিজিকে সুন্দৰ প্ৰদৰ্শন আগবঢ়াবলৈ সক্ষম হৈছিল ৷
!['প্লেয়াৰ অৱ দা ইয়েৰ'ৰ বাবে মনোনীত](https://etvbharatimages.akamaized.net/etvbharat/prod-images/4154495_2.jpg)
উল্লেখ্য যে, যোৱা বছৰ এই সন্মান লাভ কৰিছিল ৰিয়েল মাদ্ৰিদৰ তাৰকা তথা ক্ৰৱেচিয়াৰ ৰাষ্ট্ৰীয় দলৰ খেলুৱৈ লুকা মুদ্ৰিকে ৷