ETV Bharat / sports

আৰ্জেন্টিনাৰ হাস্পতাললৈ অৰ্ধ মিলিয়ন ইউৰো দান মেছিৰ - ফুটবল তাৰকা লিঅ'নেল মেছি

COVID-19 ৰ বিৰুদ্ধে যুঁজি থকা স্বাস্থ্য কৰ্মী সকলৰ সুৰক্ষাৰ সজুলি ক্ৰয়ৰ ক্ষেত্ৰত হাস্পতালক সহায় কৰিবলৈ ফুটবলাৰ লিঅ'নেল মেছিয়ে দান কৰিলে 540,000 ইউৰো ।

আৰ্জেন্টিনাৰ হাস্পতাললৈ অৰ্ধ মিলিয়ন ইউৰো দান মেছিৰ

author img

By

Published : May 12, 2020, 12:34 PM IST

নিউজ ডেস্ক, 12মে': ফুটবল তাৰকা লিঅ'নেল মেছিয়ে COVID-19ৰ বিৰুদ্ধে চলি থকা যুঁজলৈ আগবঢ়াইছে বৰঙণি । স্বাস্থ্য কৰ্মী সকলৰ সুৰক্ষাৰ বাবে সামগ্ৰী ক্ৰয় কৰিবলৈ মেছিয়ে আগবঢ়াইছে 5,40,000 ইউৰো ।

আনহাতে বাৰ্ছিলোনাৰ খেলুৱৈ মেছিৰ লগতে দলৰ আন সতীৰ্থ সকলেও নিজৰ দৰমহাৰ 70 শতাংশ কমকৈ লৈছে, যাতে ক্লাবটোৰ কৰ্মছাৰী সকলে তেওঁলোকৰ 100 শতাংশ দৰমহা লাভ কৰিব পাৰে ।

ইপিনে শনিবাৰৰ পৰা ট্ৰেইনিংলৈ উভতিছে বাৰ্ছিলোনাৰ খেলুৱৈ সকল ।এইটো লকডাউনৰ পাচত দলটোৰ দ্বিতীয় ট্ৰেনিং ছেচন । জুনত পৰা পুনৰ আৰম্ভ হ'ব লগীয়া লা-লীগাৰ কাৰনে প্ৰস্তুতি আৰম্ভ কৰিছে খেলুৱৈ সকলে ।

কৰ'ণা ভাইৰাছ সংক্ৰমণৰ বাবে মাৰ্ছৰ পৰা বাতিল হৈ আছে স্পেনিছ ফুটবল লীগ লা লীগা । কেতিয়া পুনৰ আৰম্ভ হ'ব তাৰ বাবে কোনো জাননী প্ৰকাশ কৰা নাই দেশখনৰ ফুটবল সন্থাই ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.