স্পৰ্টছ ডেস্ক, 28 অক্টোবৰ: আই এছ এলৰ ষষ্ঠ সংস্কৰণত আজি মুখামুখি হ’ব ডেফেণ্ডিং চেম্পিয়ন বেংগালৰু এফ চি আৰু ঘৰুৱা দল এফ চি গোৱা ৷ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত সন্ধিয়া 7.30 বজাত অনুষ্ঠিত হ’ব এই উত্তেজনা পূৰ্ণ মেচখন ৷ উল্লেখ্য যে, বিগত ছিজনত বাংগালুৰুৰ হাতত পৰাজয়বৰণ কৰা এফ চি গোৱা দলটোৱে এই মেচখনত বিগত বৰ্ষৰ পৰাজয়ৰ পোটক লোৱাৰ মনষাৰে খেলপথাৰত অৱতীৰ্ণ হ’ব ৷
ইপিনে, এই ছিজনৰ প্ৰথমখন মেচত গোৱাই দুবাৰৰ চেম্পিয়ন চেন্নাইয়ান এফ চি ক 3-0 গ’লত পৰাস্ত কৰাৰ বিপৰীতে বাংগালুৰু এফ চিয়ে নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ বিৰুদ্ধে ড্ৰ’ খেলিবলৈ সক্ষম হৈছিল ৷ গতিকে এই চিজনৰ প্ৰথমটো জয় লাভৰ উদ্দেশ্যে গোৱাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব বাংগালুৰু এফ চি ৷