নিউজ ডেস্ক, ৩০ এপ্ৰিলঃ COVID-১৯ ৰ সংকটৰ মাজতেই ভাৰতত প্ৰী-চিজন খেলাৰ পৰিকল্পনা স্থগিত ৰাখিছে মানচেষ্টাৰ ইউনাইটেডে । অৱশ্যে জানিব পৰা মতে, এই বৰ্ষৰ শেষৰ ফালে কলকাতাত মেচ অনুষ্ঠিত কৰিব পৰা যায় নেকি তাক লৈ অধিকাৰী-বিষয়ববীয়াৰ সৈতে আলোচনা অব্যাহত ৰাখিছে ক্লাৱটোৱে ।
কৰ'ণা ভাইৰাছৰ মহমাৰীৰ ফলতেই বাৰুকৈ প্ৰভাৱিত হৈছে বিশ্বৰ ক্ৰীড়াজগত । বহু কেইটা প্ৰতিযোগিতা এই পৰ্যন্ত বাতিল তথা স্থগিত ৰাখিবলগীয়া হৈছে । ব্যতিক্ৰম হোৱা নাই ফুটবলৰ ক্ষেত্ৰও । বহু কেইটা নামি-দামী লীগ স্থগিত কৰিবলগীয়া হৈছে । অৱশ্যে ইয়াৰ মাজতেই জুলাইৰ শেষৰ ফালৰ পৰা পুনৰ ফুটবল অনুষ্ঠিত কৰিব পৰা যায় নেকি তাক লৈ বিভিন্ন পৰিকল্পনা চলাই থকা হৈছে ।
বৰ্তমানে মানচেষ্টাৰ ইউনাইটেডে নিজৰ এছিয়া ভ্ৰমণসূচীৰ ইষ্ট বেংগলৰ সৈতে অনুষ্ঠিত হ'বলগীয়া প্ৰী-চিজন মেচ খেলাৰ পৰিকল্পনা স্থগিত ৰাখিছে । বৰ্তমান বিশ্ব জুৰি চলা মহামাৰীৰ সন্ত্ৰাসৰ ফলতেই এই ভ্ৰমণসূচী স্থগিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ক্লাৱটোৱে ।
ইষ্ট বেংগলে ক্লাৱটোৰ শতবৰ্ষ সম্পূৰ্ণ হোৱাৰ স্বাৰ্থত জুলাইত কলকাতাৰ ছল্ট লেক ষ্টেডিয়ামত ২০ বাৰৰ প্ৰীমিয়াৰ লীগ চেম্পিয়ন মানচেষ্টাৰ ইউনাইটেডৰ সৈতে এখন প্ৰদৰ্শনী মেচ খেলাৰ ইচ্ছা প্ৰকাশ কৰিছিল । যাৰ বাবে এটা প্ৰতিনিধিমণ্ডলৰ দলো কলকাতাৰ ভ্ৰমণৰ বাবে ষ্টেডিয়াম ইত্যাদিৰ পৰ্যালোচনাৰ বাবে আহি উপস্থিত হৈছিল । অৱশ্য়ে তেতিয়া ৰেড ডেভিলছ বা মানচেষ্টাৰ ইউনাইটেডে ভাৰতলৈ অহাৰ বাবে বৃহৎ পৰিমাণৰ মাননি দাবী কৰাৰ বাবেই আলোচনা মাজতেই স্থগিত কৰা হৈছিল ।
উল্লেখ্য যে, কেৱল মানচেষ্টাৰ ইউনাইটেডেই নহয় মানচেষ্টাৰ চিটীয়েও নিজৰ এছিয়া-ইউৰোপ ভ্ৰমণসূচী বৰ্তমানলৈ স্থগিত কৰিছে ।