ETV Bharat / sports

মানচেষ্টাৰ চিটি ক্লাৱক বিদায় অধিনায়ক ভিনচেন্ট ক’ম্পানীৰ

author img

By

Published : May 19, 2019, 8:22 PM IST

11 বৰ্ষৰ পাচত মেনচেষ্টাৰ চিটি ফুটবল ক্লাৱক বিদায় দিলে ইংলিছ প্ৰিমিয়াৰ লীগৰ চেম্পিয়ন দলৰ অধিনায়ক ভিনচেন্ট ক’ম্পানীয়ে ৷

মেনচেষ্টাৰ চিটি ক্লাৱক বিদায় অধিনায়ক ভিনচেন্ট ক’ম্পানীৰ

স্পৰ্টছ ডেস্ক, 19 মে’: এফএ কাপ জয়ৰ পাচতেই মেনচেষ্টাৰ চিটি ক্লাৱক বিদায় দিলে অধিনায়ক ভিনচেন্ট ক’ম্পানীয়ে ৷ দেওবাৰে ফাইনেলত ৱাটফৰ্ডক বিৰুদ্ধে 6-0 গ’লত জয় লাভ কৰিবলৈ সক্ষম হয় মানচেষ্টাৰ চিটি ৷ এই জয়ৰ কিছু মুহূৰ্তৰ পাচতেই ফেচবুক যোগে ক্লাৱ ত্যাগৰ কথা ঘোষণা কৰে খেলুৱৈগৰাকীয়ে ৷ উল্লেখ্য যে, ক্লাৱটোৰ বাবে ভিনচেন্টে মুঠ 10 খন খিতাপ জয় লাভ কৰিবলৈ সক্ষম হৈছে ৷

ETV BHARAT

খেলুৱৈগৰাকীয়ে ফেচবুকত উল্লেখ কৰে, ‘‘ এইয়া সত্য যেন অনুভৱ হোৱা নাই ৷ কেইবাবাৰো এই দিনটোলৈ মই চিন্তা কৰিছো ৷ এতিয়া বিদায়ৰ সময়, নিজকে বহু সৌভাগ্যৱান অনুভৱ কৰিছোঁ ৷ কেইবা বছৰ ধৰি মোৰ ফুটবল কেৰিয়াৰৰ অন্ত মই দেখিবলৈ পাইছিলো ৷ মানচেষ্টাৰ চিটিয়ে যি মোক দিলে এতিয়া তাৰে কিছু মই ঘূৰাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ ’’ বুলি উল্লেখ কৰে ৷

চিটিৰ হৈ ভিনচেণ্টে চাৰিটা ইপিএল খিতাপ, দুটা এএফএ কাপ, চাৰিখন লীগ কাপৰ খিতাপ নিজৰ নাম কৰিবলৈ সক্ষম হৈছিল ৷ ভিনচেণ্টে ক্লাৱৰ হৈ মুঠ 360 মেচত 20 টা গ’ল কৰিবলৈ সক্ষম হৈছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.