স্পৰ্টছ ডেস্ক,20 মে': কাশ্মীৰৰ মহিলা গ'লকীপাৰ আফছান আছিকে এইবাৰ অংশগ্ৰহণ কৰিব ভাৰতীয় মহিলা লীগ চমুকৈ আই ডব্লিউ এলত ৷ এই লীগত অংশগ্ৰহণৰ জৰিয়তে নিজৰ নামৰ লগত সদায় লাগি থকা "ষ্ট'ন পেল্টাৰ" টেগ আঁতৰোৱাৰ প্ৰয়াস কৰিব বুলি জানিবলৈ দিয়ে ফুটবলাৰ গৰাকীয়ে ৷
উল্লেখ্য যে,2017 চনৰ ডিচেম্বৰ মাহত চ'ছিয়েল মিডিয়াৰ জৰিয়তে জম্মু-কাশ্মীৰৰ আৰক্ষীৰ ওপৰত শিল দলিওৱা আফছানৰ এখন ফ'টো ভাইৰেল হৈছিল ৷ এই সম্পৰ্কত খেলুৱৈ গৰাকীয়ে মন্তব্য কৰিছিল যে,সেই সময়ত তেওঁ কিছুমান মহিলা ফুটবলাৰক প্ৰশিক্ষণ দি আছিল আৰু আৰক্ষীয়ে তেওঁৰ ছাত্ৰীসকলক অভদ্ৰ ব্যৱহাৰ কৰা বুলি তেওঁ জানিবলৈ দিয়ে ৷