স্পৰ্টছ ডেস্ক,১৬ মাৰ্চ: শেহতীয়াকৈ পৰ্তুগালৰ ষ্ট্ৰাইকাৰ ক্ৰিষ্টিয়ানো ৰোনাল্ড'ই ভৱিষ্যত সুঁৱৰি এক পোষ্ট দিয়াৰ পিছতে তেওঁক লৈ ফুটবলপ্ৰেমীৰ মাজত জল্পনা-কল্পনা আৰম্ভ হৈছে । ৰিয়েল মাদ্ৰিদৰ মালিক জিনেদিন জিদানে মঙলবাৰে পাঁচবাৰৰ বাল'ন ডি'অৰ ক্ৰিষ্টিয়ানো ৰোণাল্ড'ক ছাণ্টিয়াগো বেৰ্নাবেউলৈ ঘূৰাই দিয়া সন্দৰ্ভত প্ৰকাশিত উৰা বাতৰিৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে এইটো সম্ভৱ ।
তেওঁ কয় যে সকলোৱে ক্ৰিষ্টিয়ানোক জানে আৰু ৰিয়েল মাদ্ৰিদলৈ তেওঁৰ অৱদান সকলোৰে জ্ঞাত । কিন্তু তেওঁ এতিয়া এগৰাকী জভেনটাছ খেলুৱৈ সেয়ে তেওঁক আৰু ক্লাবক সকলোৱে সন্মান কৰিব লাগে । ক্ৰিষ্টিয়ানক প্ৰশিক্ষণ দিয়া বিষয়ক লৈ মন্তব্য কৰি কয় যে, তেওঁৰ সমৰ্থ অনুযায়ী যি কৰিব লাগে তেওঁ কৰিছে ৷ কিন্তু ভৱিষ্যতে কি হয় সেয়া দেখা যাব বুলিও জিদানে উল্লেখ কৰে ।
ইফালে ১৬ ৰাউণ্ডত পৰ্ট'ৰ হাতত পৰাস্ত হৈ জভেনটাছে ইউইএফএ চেম্পিয়নছ লীগৰ পৰা বাহিৰ হোৱাৰ পিছতে বহুতে স্পেনিছ সমৰ্থকে দাবী কৰিছে যে ৰোণাল্ড' ৰিয়েল মাদ্ৰিডলৈ উভতি আহিব বিচাৰে ।
ৰোণাল্ড'ৱে ২০০৯ চনত ৰিয়েল মাদ্ৰিদত যোগদান কৰিছিল ৷ ১০০ নিযুত ইউৰোত ২০১৮ চনত অল্ড লেডীত যোগদান কৰাৰ আগতে লছ ব্লাংকছৰ সৈতে এক বৃহৎ সফলতাৰে ন বছৰ খেলিছিল ।
লগতে পঢ়ক: কিষাণ আৰু ঋষভ পণ্টে কোহলীক অনুসৰণ কৰাতো বিচাৰে সেহৱাগে