ETV Bharat / sports

স্পেইনৰ আশা ভংগ কৰি Euro cup ৰ ফাইনেলত ইটালী

author img

By

Published : Jul 7, 2021, 1:58 PM IST

পেনাল্টি শ্বুট আউটত(penalty shootout) ৪-২ গলৰ সৈতে ইটালীয়ে ইউৰো কাপৰ ফাইনেললৈ অৱতীৰ্ণ হয় । ইটালীৰ মিড ফিল্ডাৰ জৰ্জিনহোৰ(Jorginho) এটা দৰ্শনীয় পেনাল্টিয়ে দলটোক নিৰ্ণায়ক খেলখন খেলাৰ সুযোগ প্ৰদান কৰে ।

Italy beat Spain
স্পেইনৰ আশা ভংগ কৰি Euro কাপৰ ফাইনেলত ইটালী

স্প’ৰ্টছ ডেস্ক, ৭ জুলাই : ইউৰো কাপ (Euro cup) ২০২০ ৰ আন এক শ্বাসৰূদ্ধকৰ মেচ । ছেমি ফাইনেলত ইটালী (Italy) বনাম স্পেইন(Spain) । দৰ্শকৰ চকু আছিল দুয়োটা দলৰ ওপৰত । কাৰণ দুয়োটাই বিশ্বৰ সৰ্বশ্ৰেষ্ঠ দলৰ অন্যতম আছিল ।

কিন্তু অৱশেষত একাংশ দৰ্শকৰ আশাত চেঁচা পানী ঢালি ফাইনেললৈ অৱতীৰ্ণ হ'ল ইটালী বাহিনী । পেনাল্টি শ্বুট আউটত(penalty shootout) ৪-২ গ’লৰ সৈতে ইটালীয়ে ইউৰো কাপৰ ফাইনেললৈ অৱতীৰ্ণ হয় । ইটালীৰ মিড ফিল্ডাৰ জৰ্জিনহোৰ(Jorginho) এটা দৰ্শনীয় পেনাল্টিয়ে দলটোক নিৰ্ণায়ক খেলখন খেলাৰ সুযোগ প্ৰদান কৰে ।

ছেমি ফাইনেলখনৰ প্ৰথমাৰ্ধ অতি ৰোমাঞ্চকৰ আছিল । দুয়োটা দলে অশেষ চেষ্টা কৰিছিল যদিও এটা দলেও গ’ল কৰিবলৈ সক্ষম নহ'ল । ইফালে দ্বিতীয়াৰ্ধ আৰম্ভ হোৱাৰ লগে লগে খেলপথাৰত দুয়োটা দলৰ আক্ৰমণাত্মক চৰিত্ৰ দেখা গৈছিল ।

অৱশেষত ৬০ মিনিটত ইটালীৰ ফেডেৰিকো চিয়েছাই (Federico Chiesa) প্ৰথমটো গ’ল কৰি স্পেইনৰ সমৰ্থকক নিৰাশ কৰি তোলে । এক প্ৰকাৰ এই গ’লটোৰ লগে লগে ইটালীয়ে খেলখন নিজৰ হাতলৈ অনাৰ কথা চিন্তা কৰিছিল যদিও ৮০ মিনিটত ইটালীৰ বিৰুদ্ধে স্পেইনৰ আলভাৰো মোৰাতাই (Alvaro Morata) এক সুন্দৰ গ’লেৰে পুনৰবাৰ খেলখনত স্পেইনৰ স্থিতি স্পষ্ট কৰি তোলে । ইয়াৰ পিছত দুয়োটা দল আৰু এটা গ’লৰ অপেক্ষাত আছিল ।

ৰেফাৰীয়ে সংকেত নিদিয়া পৰ্যন্ত দুয়োটা দলৰে খেলুৱৈসকলে যথেষ্ট চেষ্টা কৰিলে ৷ পিছে ১-১ গ’লত খেলখনৰ extra time শেষ হয় । ইয়াৰ পিছতে পেনাল্টি শ্বুট আউটৰ বাবে সাজু হয় দলটো । ইউৰোপিয়ান চেম্পিয়নশ্বিপৰ ফাইনেল খেলাৰ বাবে এইটোৱে আছিল দুয়োটা দলৰ বাবে অন্তিম সুযোগ ।

পেনাল্টি শ্বুট আউটত স্পেইনৰ আলভাৰো মোৰাতাই এটা বিফল কিক কৰে ৷ লগে লগে দলটোৱে ইউৰো কাপৰ পৰা বিদায় ল'বলগীয়া হয় । আনহাতে ইটালীৰ জৰ্জিনহোৱে কোনো সুযোগ নেহেৰুৱাই অন্তিমটো পেনাল্টি কৰিবলৈ সক্ষম হয় ।

ইয়াৰ লগে লগে ইটালীয়ে ফাইনেলত প্ৰৱেশ কৰে । অৱশ্যে এতিয়াও ইংলেণ্ড আৰু ডেনমাৰ্কৰ মাজৰ ছেমি ফাইনেল হোৱা নাই । সেয়ে কোনটো দলৰ সৈতে ইটালী ফাইনেলত অৱতীৰ্ণ হ'ব সকলোৰে অপেক্ষা সেই মুহুৰ্তলৈ ।

লগতে পঢ়ক : ICC-ৰ মহিলা এদিনীয়া খেলুৱৈ ৰেংকিঙৰ শীৰ্ষ স্থানত মিথালী ৰাজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.