স্পৰ্টছ ডেস্ক, 21 অক্টোবৰ: আই এছ এলৰ ষষ্ঠ সংস্কৰণৰ আজি দ্বিতীয়খন মেচত মুখামুখি হ’ব নৰ্থ ইষ্ট ইউনাইটেড এফ চি আৰু ডিফেণ্ডিং চেম্পিয়ন বেংগালুৰু এফ চি ৷ বেংগালুৰুৰ শ্ৰী কান্তিৰাভা ষ্টেডিয়ামত সন্ধিয়া 7.30 বজাত অনুষ্ঠিত হ’ব এই উত্তেজনা পূৰ্ণ মেচখন ৷ দুয়োটা দলৰ লক্ষ্য হ’ব জয়েৰে আই এছ এলৰ ষষ্ঠ সংস্কৰণৰ অভিযান আৰম্ভ কৰাৰ ৷
বিগত বছৰ বেংগালুৰু এফ চি দলটোৱে চেম্পিয়নৰ খিতাপ দখল কৰাৰ বিপৰীতে প্ৰথমবাৰৰ বাবে ছেমিফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছিল নৰ্থ ইষ্ট ইউনাইটেড এফ চি দলটোৱে ৷ নৰ্থ ইষ্ট দলটোৱে নতুন প্ৰশিক্ষক ৰবাৰ্ট জাৰ্নীৰ নেতৃত্বত দলটো এইবাৰ যথেষ্ট আত্মবিশ্বাসী হৈ থকা পৰিলক্ষিত হৈছে ৷ অন্যহাতে দেওবাৰে অনুষ্ঠিত হোৱা প্ৰথমখন মেচত এটলেটিক’ ডি কলকাতাক পৰাস্ত কৰি জয় লাভ কৰিবলৈ সক্ষম হয় কেৰালা ব্লাষ্টাৰ্ছ দলটোৱে ৷
- লগতে চাওক-হাজোত নাওখেলৰ নাজতে প্ৰচণ্ড মাৰপিট