স্পৰ্টছ ডেস্ক, 20 অক্টোবৰ: দেওবাৰে কেৰালাৰ জৱাহৰলাল নেহৰু ষ্টেডিমায়মত অনুষ্ঠিত হয় আই এছ এলৰ ষষ্ঠ সংস্কৰণ ৷ প্ৰথমখন মেচত মুখামুখি হৈছিল কেৰালা ব্লাষ্টাৰ্ছ আৰু এটলেটিক’ ডি কলকাতা ৷ প্ৰথমখন মেচত জয় লাভ ঘৰুৱা দল কেৰালা ব্লাষ্টাৰ্ছৰ ৷ 2-1 ব্যৱধানত জয় লাভ কৰে ঘৰুৱা দলটোৱে ৷
কেৰালাৰ হৈ দলৰ অধিনায়ক বাৰ্থ’লোমেও অ’গ’বেজে দুটাকৈ গ’ল কৰি জয় নিশ্চিত কৰে দলটোৰ ৷ মেচখনৰ 30 আৰু 45 মিনিটত দুটাকৈ গ’ল কৰে খেলুৱৈগৰাকীয়ে ৷ পঞ্চম সংস্কৰণত নৰ্থ ইষ্ট ইউনাইটেড দলৰ সৈতে চুক্তিৱদ্ধ আছিল অ’গ’বেজে ৷ আনহাতে কলকাতাৰ হৈ 6 মিনিটত একমাত্ৰ গ’লটো কৰিবলৈ সক্ষম হৈছিল কাৰ্ল মেকহাগ্য়ে ৷