স্পৰ্টছ ডেস্ক, 19 ফেব্ৰুৱাৰীঃ এএফচি মহিলা এচিয়ান কাপ 2022ৰ আয়োজন কৰিবলৈ সাজু ভাৰত ৷ আয়োজক কৰ্তৃপক্ষই মঙলবাৰে এই প্ৰতিযোগিতাখনৰ বাবে সকলো ধৰণৰ প্ৰচাৰৰ বাবে এক অনুষ্ঠানৰ আয়োজন কৰে ৷ এছিয়ান ফুটবল কনফেডাৰেচনৰ মহিলা সমিতিয়ে ইতিমধ্যেই মহিলা ফুটবলক বিকশিত কৰাৰ বাবে ভাৰতক পুৰষ্কৃত কৰিছে ৷ ভাৰতে এই বছৰৰ শেষৰ ভাগত ফিফা অনুৰ্দ্ধ-17 মহিলা বিশ্বকাপো আয়োজন কৰিব ৷ উল্লেখ্য যে এই আয়োজকৰ দেশৰ প্ৰতিযোগিতাত চাইনিজ টাইপেয়ী আৰু উজবেকিস্তানক পিছ পেলাই ভাৰতে আয়োজক দেশ হিচাপে পৰিগণিত হৈছে ৷
![India to host 2022 AFC Women's Asian Cup](https://etvbharatimages.akamaized.net/etvbharat/prod-images/6129112_ytref.png)
এই প্ৰতিযোগিতাৰ বাবে তিনিটা ভেন্যু নিৰ্বাচিত কৰা হৈছে বুলি এএফচিয়ে উল্লেখ কৰে ৷ ইয়াৰ ভিতৰত ডি.ৱাই পাটিল ষ্টেডিয়াম, ট্ৰান্স ষ্টাডিয়া এৰিনা আৰু ফটোৰ্ডা ষ্টেডিয়ামত অনুষ্ঠিত কৰা হ’ব এই প্ৰতিযোগিতাখন ৷ এএফচি মহিলা কমিটিৰ অধ্যক্ষা মাহফুজা আখটাৰ কিৰণে উল্লেখ কৰে যে ভাৰতৰ বাবে এয়া সোণালী সুযোগ ইয়ে ভাৰতৰ বাণিজ্যিক ক্ষেত্ৰখনক লাভান্বিত কৰিব ৷ ইয়াৰোপৰি মহিলাৰ ক্ৰীড়াৰ উন্নয়ণৰ ক্ষেত্ৰতো সঠিক ভৱিষ্যতৰ দিশে আগবঢ়াত সহায় কৰিব বুলি মন্তব্য প্ৰদান কৰে ৷
![India to host 2022 AFC Women's Asian Cup](https://etvbharatimages.akamaized.net/etvbharat/prod-images/6129112_tfh.jpg)
কমিটিয়ে সিদ্ধান্ত কৰা অনুযায়ী এই প্ৰতিযোগিতাখনত 12 টা দলে অংশগ্ৰহণ কৰিব আৰু ইয়াক 3 টা গ্ৰুপত ভাগ কৰা হৈছে ৷ সৰ্বনিম্ন 25 খন মেচৰ পিছত নতুন পদ্ধতি অনুসৰি কোৱাৰ্টাৰ ফাইনেল অনুষ্ঠিত কৰা হ’ব ৷ এই প্ৰতিযোগিতাখন 17 দিনীয়া হ’ব বুলি কমিটিয়ে সিদ্ধান্ত গ্ৰহণ কৰিছে ৷
![India to host 2022 AFC Women's Asian Cup](https://etvbharatimages.akamaized.net/etvbharat/prod-images/6129112_gfj.jpg)
আনহাতে কমিটিৰ অধ্যক্ষা মাহফুজা আখটাৰে এই প্ৰতিযোগিতাখন এছিয়াৰ সকলোতকৈ গুৰুত্বপূৰ্ণ প্ৰতিযোগিতা বুলি উল্লেখ কৰে ৷ এই প্ৰতিযোগিতাখন পোনপ্ৰথমবাৰৰ বাবে জৰ্ডানত অনুষ্ঠিত হৈছিল ৷
আৰু পঢ়কঃগুৱাহাটীত অনুষ্ঠিত হ’ব মহিলা ফিফা 17 অনুৰ্ধ্ব বিশ্বকাপৰ উদ্বোধনী মেচ