নিউজ ডেস্ক, ১০ মে': ক্ৰৱেছিয়াৰ বিশ্বকাপ দলৰ প্ৰাক্তন ফুটবল খেলুৱৈ ইগৰ ষ্টিমেকক ভাৰতীয় ফুটবল দলৰ প্ৰধান প্ৰশিক্ষক হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে । বৃহস্পতিবাৰে সৰ্বভাৰতীয় ফুটবল সমিতিয়ে এই গধূৰ দায়িত্বৰ বাবে তেওঁৰ নাম অনুমোদন কৰাৰ পাছতে ক্ৰৱেছিয়াৰ প্ৰাক্তন মেনেজাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰা ষ্টিমেকৰ নিযুক্তি প্ৰায় নিশ্চিত হৈ পৰিছে ।

উল্লেখ্য যে, ৫১ বছৰীয়া ষ্টিমেক হৈছে ১৯৯৮ চনৰ বিশ্বকাপ ফুটবলত ব্ৰঞ্জ পদক জয়ী ক্ৰৱেছিয়া দলৰ খেলুৱৈ । ফুটবল ফেডাৰেছনৰ কাৰিকৰী সমিতিৰ অধ্যক্ষ শ্যাম থাপাই সংবাদ মাধ্যমক জনোৱা অনুসৰি সমিতিয়ে সাক্ষাৎকাৰ লোৱা চাৰি জন প্ৰাৰ্থীৰ ভিতৰত ইগৰ ষ্টিমেকৰ নাম প্ৰশিক্ষকৰ বাবে অনুমোদন জনোৱা হৈছে । ফুটবল ফেডাৰেছনে শনিবাৰ পৰ্যন্ত ষ্টিমেকৰ নিযুক্তি সম্পৰ্কে ঘোষণা কৰাৰ সম্ভাৱনা আছে ।
