ETV Bharat / sports

মহিলা ফিফা বিশ্বকাপ 2019: ৰণত নামিব 24খন দেশ

author img

By

Published : Jun 7, 2019, 8:03 AM IST

ফ্ৰান্সত আজিৰ পৰা আৰম্ভ হ’ব মহিলাৰ ফিফা বিশ্বকাপ ৷ বিশ্বৰ 24 খন দেশে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতা চলিব 7 জুনৰ পৰা 7 জুলাইলৈকে ৷

আজিৰ পৰা মহিলা ফিফা বিশ্বকাপ 2019

স্পৰ্টছ ডেস্ক, 7 জুনঃ ফ্ৰান্সত আজিৰ পৰা অনুষ্ঠিত হ’ব অষ্টম সংখ্যক মহিলা ফিফা বিশ্বকাপ ৷ ফান্সৰ 9 খন ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া এই ফুটবল মহাকুম্ভত অংশগ্ৰহণ কৰিছে বিশ্বৰ 24 টা ফুটবল দলে ৷ মাহজুৰি চলিবলগীয়া এই প্ৰতিযোগিতাক শুকুৰবাৰে গুগুল ডুডুল ত স্থান দিয়া হয় ৷

etv bharat
আজিৰ পৰা মহিলা ফিফা বিশ্বকাপ 2019

উল্লেখ্য যে, পোন প্ৰথমবাৰৰ বাবে 1991 চনত মহিলা ফুটবল বিশ্বকাপৰ আয়োজন কৰা হৈছিল ৷ ইয়াৰ পাচত সাতবাৰৰ বাবে অনুষ্ঠিত হৈছে মহিলা বিশ্বকাপ ৷ 2015 চনত জাপানক পৰাস্ত কৰি আমেৰিকাই বিশ্ব চেম্পিয়নৰ খিতাপ দখল কৰিছিল ৷ জাপানক 5-2 গ’ল ত পৰাস্ত কৰি জয়ী হৈছিল আমেৰিকা ৷ আমেৰিকাই ইয়াৰ পূৰ্বে 1991 আৰু 1999 চনতো খিতাপ দখল কৰিছিল ৷ এইবাৰো এই মহিলা বিশ্বকাপৰ প্ৰৱল দাবীদাৰ হিচাপে বিবেচিত হৈছে আমেৰিকা ৷

বিশ্বকাপৰ গ্ৰুপ সমূহ হৈছে-

গ্ৰুপ A - ফ্ৰান্স, নৰৱে’, দক্ষিণ কোৰিয়া, নাইজেৰিয়া
গ্ৰুপ B - জাৰ্মানী, স্পেইন, চীন, দক্ষিণ কোৰিয়া
গ্ৰুপ C - ইটালী, ব্ৰাজীল, আষ্ট্ৰেলিয়া, জামাইকা
গ্ৰুপ D - ইংলেণ্ড, স্কটলেণ্ড, আৰ্জেণ্টিনা, জাপান
গ্ৰুপ E - নেদাৰলেণ্ড, কানাডা, নিউজিলেণ্ড, কেমৰুণ
গ্ৰুপ F- চুইডেন, আমেৰিকা, চিলী, থাইলেণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.