স্পৰ্টছ ডেস্ক, 24 জুনঃ ফিফাৰ ফালৰ পৰা শেহতীয়াকৈ প্ৰকাশ কৰা হ'ল 17 বছৰ অনুৰ্ধ্ব মহিলা ফিফা বিশ্বকাপৰ সংশোধিত কাৰ্যসূচী । অসমৰ ক্ৰীড়াপ্ৰেমীলৈও আছে ভাল খবৰ । প্ৰতিযোগিতাখনত গ্ৰুপ মেচৰ নিজৰ সকলো মেচ গুৱাহাটীৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত খেলিব ভাৰতীয় মহিলা ফুটবল দলটোৱে ।
![গুৱাহাটীত ভাৰতীয় দলৰ সকলো গ্ৰুপ মেচ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/india-u-17-girls-team1592968332991-72_2406email_1592968344_9971592981326694-16_2406email_1592981337_346.jpg)
আগন্তুক বৰ্ষৰ 17 ফেব্ৰুৱাৰী পৰা 7 মাৰ্চলৈ ভাৰতত অনুষ্ঠিত হ'ব 17 অনুৰ্ধ্ব মহিলা ফিফা বিশ্বকাপ । কৰ'ণা ভাইৰাছৰ ফলতেই এই প্ৰতিযোগিতাৰ আয়োজন আগন্তুক বৰ্ষলৈ স্থগিত কৰা হয় । ইয়াৰ পূৰ্বে চলিত বৰ্ষৰ নৱেম্বৰ মাহত আয়োজনৰ কথা আছিল এই প্ৰতিযোগিতা ।
টুৰ্ণামেণ্টখনৰ কোৱাৰ্টাৰ ফাইনেল মেচ সমূহ আহমদাবাদ, নৱী মুম্বাই, ভূৱনেশ্বৰ আৰু কলকাতাত অনুষ্ঠিত হোৱাৰ বিপৰীতে ফাইনেল মেচখন অনুষ্ঠিত কৰা হ'ব নৱী মুম্বাইত । টুৰ্ণামেণ্টৰ আৰম্ভণি গুৱাহাটী আৰু ভূৱনেশ্বৰত দুখন-দুখনকৈ মেচ আয়োজনৰে অনুষ্ঠিত হ'ব ।
উল্লেখ্য় যে, ভাৰতে এইটো দ্বিতীয়বাৰৰ বাবে ফিফাৰ প্ৰতিযোগিতা আয়োজন কৰি আছে । ইয়াৰ পূৰ্বে 2017 চনত 17 বছৰ অনুৰ্ধ্ব পুৰুষ বিশ্বকাপৰ সফল আয়োজন কৰিবলৈ সক্ষম হৈছিল ভাৰতে ।
এই প্ৰতিযোগিতাত 16 টা দলৰ মাজত মুঠ 32 খন মেচ অনুষ্ঠিত হ'ব ।