ETV Bharat / sports

ফিফা ৰেংকিঙত এটা স্থান নিম্নগামী হ'ল ভাৰত - শীৰ্ষ স্থানত বেলজিয়াম

বৃহস্পতিবাৰে ঘোষিত ফিফা ৰেংকিঙত এটা স্থান নিম্নগামী হৈ 104 সংখ্যক স্থানত ৰৈছে ভাৰতীয় ফুটবল দল ৷ বেলজিয়ামে ফিফা ৰেংকিঙৰ শীৰ্ষ স্থান অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হোৱাৰ লগতে ব্ৰাজিলক স্থানচ্যুত কৰি ফ্ৰান্সে দ্বিতীয় স্থান দখল কৰিছে ৷

ফিফা ৰেংকিং
author img

By

Published : Sep 20, 2019, 2:30 PM IST

স্পৰ্টছ ডেস্ক, 20 ছেপ্তেম্বৰ : বৃহস্পতিবাৰে ঘোষিত ফিফা ৰেংকিঙত এটা স্থান নিম্নগামী হৈ 104 সংখ্যক স্থানত ৰৈছে ভাৰতীয় ফুটবল দল ৷ ভাৰতৰ বিৰুদ্ধে ফিফা বিশ্বকাপ, 2022 ৰ যোগ্যতা অৰ্জনকাৰী মেচত জয় লাভ কৰা ওমানে তিনিটাকৈ স্থানৰ অগ্ৰগতি লাভ কৰি 84 সংখ্যক স্থান দখল কৰিছে ৷ আনহাতে, একে প্ৰতিযোগিতাত ভাৰতৰ বিৰুদ্ধে ড্ৰ' খেলা কাটাৰে পূৰ্বৰ 62 সংখ্যক স্থান অক্ষুণ্ণ ৰাখিছে ৷ বেলজিয়ামে ফিফা ৰেংকিঙৰ শীৰ্ষ স্থান অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হোৱাৰ লগতে ব্ৰাজিলক স্থানচ্যুত কৰি ফ্ৰান্সে দ্বিতীয় স্থান দখল কৰিছে ৷

উল্লেখ্য যে, ফিফা বিশ্বকাপৰ বাবে ভাৰতীয় দলে বৰ্তমানলৈকে দুখনকৈ যোগ্যতা অৰ্জনকাৰী মেচত অৱতীৰ্ণ হৈছে ৷ ইয়াৰে এখনত পৰাজিত হোৱাৰ লগতে এখনত ড্ৰ'ৰে সমাপ্ত কৰিছে দলটোৱে ৷ ইয়াৰ পাছতে অক্টোবৰৰ 15 তাৰিখে বাংলাদেশৰ বিৰুদ্ধে আৰু নৱেম্বৰৰ 14 তাৰিখে আফগানিস্তানৰ বিৰুদ্ধে আন দুখন মেচত অৱতীৰ্ণ হ'ব ভাৰতীয় দল ৷

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.