ETV Bharat / sports

কিয় অশ্ৰু নিগৰিল ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৰ !

author img

By

Published : Sep 16, 2019, 7:01 PM IST

এক সাক্ষাৎকাৰত অংশগ্ৰহণ কৰি হুকহুকাই কান্দিলে বিশ্বৰ তাৰকা ফুটবলাৰ পৰ্তুগালৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোই ৷

কিয় অশ্ৰু নিগৰিল ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৰ !

স্পৰ্টছ ডেস্ক, 16 ছেপ্তেম্বৰঃ বিশ্বৰ তাৰকা ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৰ চকুত চকুলো ৷ এক সাক্ষাৎকাৰত অংশ গ্ৰহণ কৰি চকুলো বৈ আহিল পৰ্তুগালৰ খেলুৱৈগৰাকীৰ ৷ দৰাচলতে এই সাক্ষাৎকাৰত খেলুৱৈগৰাকীক তেওঁৰ পিতৃৰ এটা ভিডিঅ’ ক্লিপ দেখোৱা হৈছিল ৷ য’ত ৰ’নাল্ডোৰ পিতৃ জোছ ডিনিছে নিজৰ পুত্ৰকৈ লৈ গৌৰাম্বিত বুলি উল্লেখ কৰিছিল ৷

  • Cristiano Ronaldo breaks down in tears during interview with Piers Morgan 😔

    He’s upset that his father never got to see how great he became.pic.twitter.com/513G5Ooaz8

    — GiveMeSport Football (@GMS__Football) September 16, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

এই ভিডিঅ’ প্ৰত্যক্ষ কৰিয়ে ভাবুক হৈ উঠিল ফুটবলাৰ গৰাকী ৷ ৰ’নাল্ডোই কয়, বিশ্বাস কৰিবলৈ কঠিন হৈছে, মই এই ভিডিঅ’টো প্ৰথমবাৰৰ বাবে প্ৰত্যক্ষ কৰিছো ৷ ইয়াৰ পাচতেই হুকহুকাই কান্দি ৰ’নাল্ডোই কয়, মোৰ বুকু উফন্দি আহে যেতিয়া মই ভাবো, দেউতাই কেতিয়াও মোক দেখা নাপালে বিশ্বৰ 1 নম্বৰ খেলুৱৈ হোৱা, কেতিয়াও এজন সফল খেলুৱৈ তথা মোক পুৰস্কাৰ লাভ কৰি থকা দেউতাই চাবলৈ নাপালে ৷ মোৰ পৰিয়ালৰ মাতৃ, ভাতৃ, মোৰ কনিষ্ঠ পুত্ৰই চালে যদিও পিতৃয়ে চাবলৈ সক্ষম নহ’ল ৷ উল্লেখ্য যে, 2005 চনৰ চেম্পিয়নছ লীগৰ মাজত মৃত্যু হৈছিল ৰ’নাল্ডোৰ পিতৃৰ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.