ETV Bharat / sports

SERIE-A ত সৰ্বাধিক গ'ল কৰা পৰ্তুগীজ খেলুৱৈৰ অভিলেখ ৰ'নাল্ডোৰ

author img

By

Published : Jun 24, 2020, 3:58 PM IST

পৰ্তুগালৰ তাৰকা ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰ'নাল্ডোৰ নামত আন এক অভিলেখ । SERIE-A ত জুভেণ্টাছৰ হৈ ব'ল'গ্নাৰ বিৰুদ্ধে এটা গ'ল কৰাৰ পাচতেই অভিলেখ খেলুৱৈগৰাকীৰ ।

Cristiano Ronaldo breaks yet another record become the leading portuguese scorer in serie a history

স্পৰ্টছ ডেস্ক, 24 জুনঃ Serie-A প্ৰতিযোগিতাত ক্ৰিষ্টিয়ানো ৰ'নাল্ডোৰ নামত সংযোজিত হ'ল আন এক নতুন অভিলেখ । জুভেণ্টাছৰ হৈ ব'ল'গ্নাৰ বিৰুদ্ধে এটা গ'ল কৰাৰ পাচতেই Serie-A প্ৰতিযোগিতাত সৰ্বাধিক গ'ল কৰা পৰ্তুগীজ খেলুৱৈ হ'ল ৰ'নাল্ডো । 35 বছৰীয়া খেলুৱৈগৰাকীয়ে ৰুই ক'ষ্টাৰ অভিলেখ ভংগ কৰি এই কৃতিত্ব গঢ়িবলৈ সক্ষম হৈছে । মেচখনত 2-0 গ'লত জয় লাভ কৰে জুভেণ্টাছ দলটোৱে ।

COVID-১৯ ৰ পাচত আৰম্ভ হোৱা Serie-A প্ৰতিযোগিতাত জুভেণ্টাছৰ এইখন আছিল প্ৰথম মেচ । Serie-A প্ৰতিযোগিতাত ৰ'নাল্ডোৰ নামত বৰ্তমানে আছে 54 খন মেচত 43 টা গ'ল । 2018 বৰ্ষত ৰিয়াল মেদ্ৰিডৰ পৰা জুভেণ্টাছ ক্লাৱলৈ প্ৰত্যাৱৰ্তন কৰিছিল ৰ'নাল্ডোই ।

ক'ষ্টাই 1996 ৰ পৰা 2004 চনলৈ মিলান আৰু ফিয়োৰেণ্টিনাৰ হৈ Serie-A ত 42 টা গ'ল কৰিবলৈ সক্ষম হৈছিল । বৰ্তমানে 292 খন মেচত সৰ্বাধিক 311 টা গ'ল কৰা পৰ্তুগীজ খেলুৱৈ হৈছে ৰ'নাল্ডো ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.