ETV Bharat / sports

আই এছ এলক লৈ কি ক'লে বাইচুং ভুটীয়াই - East Bengal Football Club

ইণ্ডিয়ান ছুপাৰ লীগত ইষ্ট বেংগল আৰু মোহন বাগানৰ দৰে দলৰ অন্তৰ্ভুক্তিয়ে প্ৰতিযোগিতাখনৰ সৌন্দৰ্য বৃদ্ধি কৰিব বুলি মন্তব্য ভাৰতীয় ফুটবল দলৰ প্ৰাক্তন কেপ্তেইন বাইচুং ভুটীয়াৰ

আইএছএলক লৈ কি ক'লে বাইচুং ভুটীয়াই
author img

By

Published : Jun 27, 2019, 7:13 PM IST

স্পৰ্টছ ডেস্ক, 27 জুনঃ ভাৰতীয় ফুটবলৰ হৃত গৌৰৱ পুনৰোদ্ধাৰৰ বাবে সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্বনক অনুৰোধ জনাইছে বিশিষ্ট ফুটবলাৰ তথা ভাৰতীয় ফুটবল দলৰ প্ৰাক্তন কেপ্তেইন বাইচুং ভুটীয়াই ৷ আই এছ এল আৰু আই-লীগৰ দলে প্ৰতিযোগিতাত ইষ্ট বেংগল আৰু মোহনবাগানৰ দৰে টীমৰ অন্তৰ্ভুক্তিয়ে ভাৰতীয় ফুটবলক এক নতুন মাত্ৰা দিবলৈ সক্ষম হ'ব বুলিও উল্লেখ কৰে ভুটীয়াই ৷

সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্বনে আই-লীগৰ ঠাইত আই এছ এলক ভাৰতৰ অন্যতম জনপ্ৰিয় ফুটবল টুৰ্ণামেন্টৰ খিতাপ দিবলৈ লোৱা সিদ্ধান্তৰ সময়তে এই মন্তব্য আগবঢ়ায় খেলুৱৈগৰাকীয়ে ৷ আই-লীগৰ ইষ্ট বেংগল আৰু মোহন বাগানৰ দৰে টীম আই এছ এলৰ বহু টীমৰ তুলনাত উন্নত মানৰ বুলি উল্লেখ কৰি, পাঁচ বছৰ আগতে আৰম্ভ হোৱা আই এছ এলে ইয়াৰ জনপ্ৰিয়তা হেৰুৱাই পেলাইছে বুলিও মন্তব্য কৰে ৷ উল্লেখ্য যে 1920 চনত স্থাপিত হোৱা ইষ্ট বেংগল ফুটবল ক্লাৱে অহা বৰ্ষত শতবৰ্ষ অতিক্ৰম কৰিব ৷ এই সুযোগতে ক্লাৱটোৱে বাইচুং ভুটীয়াক দলটোৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ খেলুৱৈৰ সন্মান প্ৰদান কৰিব ৷

Intro:Body:

zsfdgf

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.