ETV Bharat / sports

বেংগালুৰু এফচিৰ সৈতে চুক্তিবদ্ধ ব্ৰাজিলৰ ষ্ট্ৰাইকাৰ ছিল্ভা - Cleiton Silva

আগন্তুক আইএছএল ছীজনত বেংগালুৰু এফচি দলত দেখা পোৱা যাব 33 বছৰীয়া ব্ৰাজিলিয়ান ষ্ট্ৰাইকাৰ চিটন ছিল্ভাক ।

Bengaluru FC sign Thai-League's all-time top scorer Cleiton Silva

author img

By

Published : Jun 20, 2020, 8:10 PM IST

স্পৰ্টছ ডেস্ক, 20 জুনঃ আগন্তুক আই এছএল ছীজনৰ বাবে এবছৰৰ বাবে বেংগালুৰু এফ চি দলৰ সৈতে চুক্তিবদ্ধ হ'ল ব্ৰাজিলিয়ান ষ্ট্ৰাইকাৰ চিটন ছিল্ভা । পোন প্ৰথমে এবছৰৰ বাবে চুক্তিবদ্ধ কৰা হৈছে যদিও খেলুৱৈগৰাকীয়ে পৰৱৰ্তী সময়ত ইয়াৰ ম্যাদ বৃদ্ধি কৰিব পাৰে ।

Cleiton Silva
Cleiton Silva

33 বছৰীয়া খেলুৱৈগৰাকীয়ে প্ৰথমবাৰৰ বাবে ব্ৰাজিলৰ মদুৰীৰা ক্লাৱৰ হৈ নিজৰ ফুটবল কেৰিয়াৰ আৰম্ভ কৰিছিল । ইয়াৰ পাচত তেওঁ থাইলেণ্ড,মেক্সিকো,চীনৰ বহু কেইটা ক্লাৱৰ হৈও অৱতীৰ্ণ হয় ।

আনকি থাইলেণ্ড লীগত 100 টা গ'ল কৰা প্ৰথমগৰাকী বিদেশী খেলুৱৈৰ কৃতিত্ব লাভ কৰিছিল ছিল্ভাই । আনহাতে লীগ একৰ দুটা ছীজনত সৰ্বাধিক গ'ল কৰা খেলুৱৈও আছিল ছিল্ভা ।

এই চুক্তিৰ পাচতেই খেলুৱৈগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়,মই বেংগালুৰু এফচিৰ সৈতে এই বাবেই চুক্তিবদ্ধ হৈছো কাৰণ মই চেম্পিয়ন হ'বলৈ বিচাৰো । ক্লাৱটোৰ সৈতে জড়িত হ'বলৈ এইটো এটা সুন্দৰ সুযোগ আছিল । মই ক্লাৱ আৰু তেওঁলোকৰ অনুৰাগীক আনন্দ প্ৰদান কৰিবলৈ বিচাৰো । মই বেংগালুৰুত উপস্থিত হ'বলৈ আৰু দলটোৰ সৈতে জড়িত হ'বলৈ উৎসাহিত হৈ আছো ।

লগতে চাওকঃ প্ৰসংগ ভাৰত-চীনঃ উত্তৰ পূৰ্বাঞ্চল ঘাটিত সাজু বায়ু সেনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.