ETV Bharat / sports

ভান ডাৰ ৱিক নে মেছি নে ৰ’নাল্ডো ? কাৰ শিৰত বেলন ডিঅ’ৰ 2019 ? - RONALDO

সম্প্ৰতি ফুটবলপ্ৰেমীৰ মাজত তীব্ৰ চৰ্চা কোনে অৰ্জন কৰিব 2019 বৰ্ষৰ ফিফাৰ বৰ্ষশ্ৰেষ্ঠ পুৰুষ খেলুৱৈ অৰ্থাৎ বেলন ডিঅ’ৰৰ সন্মান ?

ভান ডাৰ ৱিক নে মেছি নে ৰ’নাল্ডো ? কাৰ শিৰত বেলন ডিঅ’ৰ 2019?
author img

By

Published : Aug 17, 2019, 6:07 PM IST

স্প’ৰ্টছ ডেস্ক, 16 আগষ্টঃ সম্প্ৰতি ফুটবলপ্ৰেমীৰ মাজত তীব্ৰভাৱে চৰ্চা চলিছে কোনে অৰ্জন কৰিব 2019 বৰ্ষৰ ফিফাৰ বৰ্ষশ্ৰেষ্ঠ পুৰুষ খেলুৱৈ অৰ্থাৎ বেলন ডিঅ’ৰৰ সন্মান ? শেহতীয়াকৈ ফিফাই প্ৰকাশ কৰি উলিয়াইছে এইবছৰৰ বেলন ডিঅ’ৰৰ বাবে মনোনীত দহগৰাকী খেলুৱৈ ৷ তেওঁলোক হ’ল-ক্ৰিষ্টিয়ানো ৰ’নাল্ডো, ফ্ৰেংকী ডী যং,মাথিজ ডী লিট,ইডেন হেজাৰ্ড,হেৰী কেন, ছাডিঅ' মেনে,কাইলিয়ান এম্বাপ্পে,লিয়নেল মেছি,মহম্মদ ছালাহ,ভাৰ্জিল ভান ডাইক ৷

এওঁলোকৰ ভিতৰত সবাতোকৈ অধিক দাবীদাৰ তিনিজন খেলুৱৈ হৈছে -ভাৰ্জিল ভান ডাইক,ক্ৰিষ্টিয়ানো ৰ’নাল্ডো,লায়নেল মেছি ৷ ৰ’নাল্ডো আৰু মেছিৰ সম্পূৰ্ণ দহটা বছৰৰ একেৰাহে বেলন ডিঅ’ৰত দখল থকাৰ পাছত 2018ত ৰিয়েল মাদ্ৰিদৰ তাৰকা খেলুৱৈ লুকা মদ্ৰিচে (ক্ৰৱেচিয়া ) বেলন ডিঅ’ৰৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল ৷

এইবাৰৰ বেলন ডিঅ’ৰৰ সন্মানৰ বাবে প্ৰৱল দাবীদাৰৰ ভিতৰত ফুটবল বিশেষজ্ঞৰ মতে শীৰ্ষত আছে লিভাৰপুলৰ চেন্টাৰ বেক তথা নেদাৰলেণ্ডৰ ডিফেণ্ডাৰ ভাৰ্জিল ভান ডাইক ৷ ভান ডাইকে নিজৰ ক্লাব লিভাৰপুলক চেম্পিয়নছ লীগ 2019ৰ খিতাপ আৰু নেদাৰলেণ্ডক উৱেফা নেচনছ লীগত ৰাণাৰ্ছআপৰ সন্মান অৰ্জন কৰোৱাত মুখ্য ভূমিকা পালন কৰিছিল ৷ ৰক্ষণ বিভাগত প্ৰতিপক্ষৰ বাবে ভেদিব নোৱাৰা প্ৰাচীৰ হৈ পৰা ভান ডাইক এইবাৰৰ বেলন ডিঅ’ৰৰ সন্মানৰ বাবে হৈছে হট ফেভাৰিট ৷

আনহাতে এইবাৰো বেলন ডিঅ’ৰৰ সন্মানৰ বাবে মনোনীত হৈছে ইতিমধ্যে পাঁচবাৰকৈ খিতাপ দখলকাৰী ফুটবল জগতৰ দুই মহাতাৰকা জুভেন্টাছৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডো আৰু বাৰ্চিলোনাৰ মহাতাৰকা লায়নেল মেছি ৷ এইবাৰৰ ছিজনত ক্ৰিষ্টিয়ানো ৰ’নাল্ডোই জুভেন্টাছৰ হৈ 43 খন খেলত 28 টা গ’ল কৰাৰ লগতে 10 টা এছিষ্ট আগবঢ়ায় ৷ লগতে ছিৰি এ আৰু ইটালীয়ান ছুপাৰ কোপাৰ খিতাপ অৰ্জন কৰে ৷ ৰ’নাল্ডোই চলিত বৰ্ষতেই পৰ্টুগালৰ হৈ উৱেফাৰ দ্বাৰা আয়োজিত ইউৰোপিয়ান নেশ্যনছ লীগৰ খিতাপ অৰ্জন কৰে ৷ ৰ’নাল্ডোৱে 2019ৰ ছিৰি এৰ শ্ৰেষ্ঠ খেলুৱৈৰ খিতাপো লাভ কৰিবলৈ সক্ষম হৈছে ৷

ইপিনে লায়নেল মেছিয়ে বাৰ্চিলোনাৰ হৈ 50 খন খেলত 51 টা গ’ল কৰাৰ লগতে 19 টা এছিষ্ট আগবঢ়ায় আৰু লা লীগা 2019 ৰ খিতাপো দখল কৰিবলৈ সক্ষম হয় ৷ মেছিয়ে ইতিমধ্যে 2019 ৰ ইউৰোপীয়ান গোল্ডেন বুটো লাভ কৰিছে ৷ দুয়োগৰাকী মহাতাৰকাই এইবাৰো বেলন ডিঅ’ৰৰ বাবে ফেভাৰিট খেলুৱৈ ৷ দুয়োগৰাকী মহাতাৰকাৰ সম্মূখত এতিয়া বেলন ডিঅ’ৰৰ খিতাপৰ সংখ্যাত ইজনে সিজনক চেৰাই পেলাই যোৱাৰ এক সোণালী সুযোগ আহি পৰিছে ৷

এতিয়া অপেক্ষা মাথোঁ 23 ছেপ্টেম্বৰলৈ ৷ অহা 23 ছেপ্টেম্বৰতেই ইটালীৰ মিলানত হ’বলগীয়া আড়ম্বৰপূৰ্ণ অনুষ্ঠানত ফিফাই ঘোষণা কৰিব 2019 চনৰ বৰ্ষশ্ৰেষ্ঠ পুৰুষ খেলুৱৈ অৰ্থাৎ বেলন ডিঅ’ৰৰ বিজেতাৰ নাম ৷ এতিয়া সমগ্ৰ বিশ্বৰ ফুটবলপ্ৰেমীয়ে আগ্ৰহেৰে বাট চাই আছে এই দিনটোলৈ ৷

Intro:Body:

DD

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.