ETV Bharat / sports

ক’ভিড 19ত আক্ৰান্ত মানচেষ্টাৰ চিটিৰ পাঁচ খেলুৱৈ

author img

By

Published : Jan 2, 2021, 9:21 AM IST

মানচেষ্টাৰ চিটিৰ পাঁচজনকৈ খেলুৱৈ আইচোলেশ্যনত থকাৰ বাবে ছেলছীৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া খেলখনত অংশগ্ৰহণ কৰাৰ পৰা বিৰত থাকিব লগীয়া হৈছে ৷ দলটোৰ এই পাঁচজন খেলুৱৈ ক'ভিড 19ত আক্ৰান্ত হোৱাৰ বাবে সম্প্ৰতি আইচোলেশ্যনত থাকিবলগীয়া হৈছে ৷

5 Manchester City players isolating after contracting COVID-19
ক’ভিড 19ত আক্ৰান্ত মানচেষ্টাৰ চিটিৰ পাঁচজনকৈ খেলুৱৈ

স্পৰ্টছ ডেস্ক,2 জানুৱাৰী: মানচেষ্টাৰ চিটিৰ পাঁচজনকৈ খেলুৱৈ আইচোলেশ্যনত থকাৰ বাবে ছেলছীৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া খেলখনত অংশগ্ৰহণ কৰাৰ পৰা বিৰত থাকিব লগীয়া হৈছে ৷ দলটোৰ এই পাঁচজন খেলুৱৈ ক'ভিড 19ত আক্ৰান্ত হোৱাৰ বাবে সম্প্ৰতি আইচোলেশ্যনত থাকিবলগীয়া হৈছে ৷ শুকুৰবাৰে এই কথা সদৰি কৰে ফুটবল ক্লাৱটোৰ মেনেজাৰ পেপ গাৰ্ডিওলাই ৷

দেওবাৰে ষ্টেমফ’ৰ্ড ব্ৰিজ ভ্ৰমণৰ পূৰ্বে দলটোৱে প্ৰশিক্ষণলৈ উভিটিছে দলটো ৷ অৱশ্যে দলটোত কৰ’ণা সংক্ৰমণৰ বাবে সোমবাৰে এভাৰটোনৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া খেলখনো পিছুৱাই দিয়া হৈছে ৷

দলটোৰ ফ’ৰৱাৰ্ড গেব্ৰিয়েল জিযাছ আৰু ডিফেণ্ডাৰ কাইলে ৱাকাৰ আক্ৰান্ত হৈছে মহামাৰী ক’ভিড 19ত ৷ আনহাতে, ছেলছীৰ মেনেজাৰ ফ্ৰেংক লেম্পাৰ্ডে কয়, ক্লাৱটোৰ কৰ্মচাৰীৰ ভিতৰতহে কৰ’ণা সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে কিন্তু কোনো খেলুৱৈ আক্ৰান্ত হোৱা নাই ক’ভিড 19ত ৷

ইয়াৰ বিপৰীতে প্ৰিমিয়াৰ লীগৰ আয়োজকে ক’ভিড 19ৰ নতুন প্ৰবাহে বিশ্বজুৰি সংক্ৰমণ সৃষ্টি কৰাৰ পিছতো প্ৰতিযোগিতাটো পিছুওৱাৰ কোনো সিদ্ধান্ত বৰ্তমানলৈ গ্ৰহণ কৰা নাই ৷ সমান্তৰালকৈ, বুধবাৰে 6 বজাত অনুষ্ঠিত হ’বলগীয়া ফুলহাম আৰু টুটেনহামৰ মাজৰ খেলখন মাত্ৰ তিনিঘন্টা পূৰ্বে পিছুওৱাৰ সিদ্ধান্তত সন্তুষ্ট নহয় টুটেনহামৰ মেনেজাৰ জোজ মোৰিনহো ৷ দলটোৰ লণ্ডনৰ প্ৰতিদ্বন্দী দলত কৰ’ণাৰ সংক্ৰমণৰ বাবে খেলখন পিছুওৱাৰ সিদ্ধান্ত লৈছিল প্ৰিমিয়াৰ লীগে ৷

লগতে পঢ়ক-"ভাৰতীয় স্পীনাৰৰ জালত বন্দী অষ্ট্ৰেলিয়াৰ বেটছমেন" মাৰ্নাছ লাবুচানে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.