ETV Bharat / sports

World Cup 2023: লীগ পৰ্যায়তে থমকি ৰ’ব নেকি বাবৰ বাহিনী ? - pakistan vs australia Match

বিশ্বকাপ 2023ৰ ছেমিত ফাইনেললৈ উন্নীত হ’বলৈ জয়ৰ আৱশ্যক পাকিস্তান দলক ৷ এখন মেচত পৰাস্ত হোৱা মানে বেলেগ দলৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব পাকিস্তানে ৷ পাক অধিনায়ক বাবৰৰ দুৰ্ৱল প্ৰদৰ্শনত চিন্তিত পাক ক্ৰিকেট প্ৰেমী ৷

World Cup 2023
লীগ পৰ্যায়তে থমকি ৰ’ব নেকি বাবৰ বাহিনী
author img

By ETV Bharat Assamese Team

Published : Oct 22, 2023, 7:40 PM IST

স্পৰ্টছ ডেস্ক, 22 অক্টোবৰ: ভাৰতত চলি থকা আই চি চি ক্ৰিকেট বিশ্বকাপত পাকিস্তানে দ্বিতীয়টো পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয় শুকুৰবাৰে ৷ বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পুনৰ অধিনায়ক তথা তাৰকা বেটছমেন বাবৰ আজম আৰু পেচাৰ হৰিছ ৰৌফে ভাল প্ৰদৰ্শন কৰিব নোৱাৰিলে ।

পাকিস্তান দলৰ অধিনায়ক বাবৰ আজমে এই বিশ্বকাপত এতিয়াও ভাল প্ৰদৰ্শন কৰিব পৰা নাই ৷ কাৰণ তেওঁ আশা কৰা ধৰণে খেলিব পৰা নাই । 2023 চনৰ বিশ্বকাপ চাৰিটা ইনিংছত গড়ে 20.75 ৰানেৰে বাবৰে সংগ্ৰহ কৰিছে মাত্ৰ 83 ৰান । আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত ভাৰতৰ বিৰুদ্ধে তেওঁৰ সৰ্বোচ্চ স্ক’ৰ আছিল 50 ।

বিশ্বকাপৰ প্ৰথম দুখন মেচত বাবৰ আজমে মাত্ৰ 15 ৰানহে কৰিবলৈ সক্ষম হয় । অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এখন গুৰুত্বপূৰ্ণ মেচতো তেওঁৰ মিছ ফায়াৰ কৰিছিল ৷ ফালত মাত্ৰ 18 ৰান কৰি পেভিলিয়নমুখী হৈছিল । এই দুৰ্বল প্ৰদৰ্শনৰ ফলত পাকিস্তানে পাঁচবাৰৰ চেম্পিয়ন অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পৰাস্ত হোৱাৰ লগতে পৰৱৰ্তী সময়ত নকআউটৰ স্থানৰ পৰা বিশ্বকাপৰ পইণ্ট তালিকাৰ পঞ্চম স্থানলৈ নামি আহে ।

নিজৰ দুৰ্দান্ত গতিৰ বাবে পৰিচিত পাকিস্তানৰ স্পীডষ্টাৰ হাৰিছ ৰৌফেও আপ্লুত কৰিব নোৱাৰিলে পাক ক্ৰীকেট প্ৰেমীক ৷ আশা কৰা ধৰণে প্ৰদৰ্শন কৰাত ব্যৰ্থ হৈছে বলাৰগৰাকী । নশ্বীম শ্বাহ বিশ্বকাপৰ পৰা বাদ পৰাৰ পাচত পাকিস্তানৰ বলিঙৰ মূল অস্ত্ৰ আছিল হৰিশ ৰৌফ আৰু শ্বাহীন শ্বাহ আফ্ৰিদী ৷ কিন্তু দুয়োজনেই উন্নত খেল প্ৰদৰ্শনত ব্যর্থ হৈছে ৷ ৰৌফে চাৰিখন মেচত 8 টা উইকেট দখল কৰিছে যদিও 7.06 ইকনমিৰে দুৰ্বল প্ৰদৰ্শন কৰিছে ।

আনহাতে স্পিনাৰ মহম্মদ নৱাজ আৰু ছাদাব খানৰ দুৰ্বল প্ৰদৰ্শনেও চিন্তিত কৰিছে পাকিস্তান দলক । নৱাজে চাৰিখন খেলত 5.80 ইকনমিৰে গড়ে 91.5 ৰান দি মাত্ৰ দুটা উইকেট দখল কৰিছে ৷ বিপৰীতে লেগ স্পিনাৰ ছাদাব খানে মাত্ৰ 20 অভাৰ বলিং কৰি বিশ্বকাপৰ যোৱা তিনিখন খেলত 65.50 ৰান দি 6.5 ইকনমিৰে তিনিটা উইকেট দখল কৰিছে ।

উল্লেখযোগ্য যে, 2023 চনৰ বিশ্বকাপত পাকিস্তানৰ বলিং এতিয়াও সামূহিকভাৱে ভাল প্ৰদৰ্শন কৰিব পৰা নাই বুলি সমোলোচনা কৰিছে ভিন্ন মহলে । যিকোনো এখন মেচত পৰাজয়ৰ সন্মুখীন হোৱা মানে ছেমি ফাইনেলত প্ৰৱেশৰ বাবে কঠিন হৈ পৰিব ৷ কাৰণ ছেমি ফাইনেলত প্ৰৱেশ কৰিবলৈ আন দলৰ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব পাক দলে । পাকিস্তান ক্ৰিকেট দলে বৰ্তমান চাৰিখন মেচত দুখন মেচত জয়লাভ কৰি পইণ্ট তালিকাৰ পঞ্চম স্থানত আছে ।

লগতে পঢ়ক:Dharamshala Cricket Stadium : বিশ্বৰ ভিতৰতে কিয় ব্যতিক্ৰম ধৰ্মশালা ষ্টেডিয়াম ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.