ETV Bharat / sports

বিশ্বকাপ ২০২৩ : বিৰাট কোহলীলৈ প্লেয়াৰ অৱ দ্য টুৰ্ণামেণ্টৰ খিতাপ

author img

By ETV Bharat Assamese Team

Published : Nov 20, 2023, 7:52 AM IST

Updated : Nov 20, 2023, 9:54 AM IST

অন্ত পৰিল আই চি চি বিশ্বকাপ ২০২৩ ৷ বিজয়ীৰ মুকুট পিন্ধিলে অষ্ট্ৰেলিয়াই ৷ পুনৰবাৰ বিশ্ব চেম্পিয়নৰ খিতাপ লাভ কৰিলে টীম অষ্ট্ৰেলিয়াই । অৱশ্যে এই সমগ্র প্রতিযোগিতাত বিৰাট কোহলীয়ে সৰ্বোত্তম প্ৰদৰ্শন কৰা দেখিবলৈ পোৱা যায় । যাৰ বাবে তেওঁক টুৰ্ণামেণ্টৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা প্ৰদান কৰা হৈছে ।

World Cup 2023
বিশ্বকাপ ২০২৩

স্পৰ্টছ ডেস্ক, ২০ নৱেম্বৰ : বিৰাট কোহলীক আইচিচিৰ এদিনীয়া বিশ্বকাপ ২০২৩ ৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত কৰা হৈছে । ২০২৩ চনৰ বিশ্বকাপৰ বাবে তেওঁ লাভ কৰিছে প্লেয়াৰ অৱ দ্য টুৰ্ণামেণ্টৰ বঁটা । দেওবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত চূড়ান্ত খেলখনত অষ্ট্ৰেলিয়াৰ হাতত ৬ উইকেটত পৰাস্ত হয় ভাৰতীয় দলটো । কিন্তু ইয়াৰ পিচতো বিৰাটে টুৰ্ণামেণ্টৰ শ্ৰেষ্ঠ খেলুৱৈৰ খিতাপ দখল কৰে ।

প্লেয়াৰ অৱ দা মেছৰ খিতাপ বিৰাটলৈ

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অন্তিমখন খেলত বিৰাট কোহলীয়ে ৬৩ টা বলত ৪ বাৰ ৪ কোৱাই ৫৪ ৰানৰ ইনিংছ খেলিছিল । এই সমগ্র প্রতিযোগিতাত বিৰাট কোহলীয়ে ১১ খন খেল খেলিছিল আৰু এই সময়ছোৱাত তেওঁ ৩ টা শতক আৰু ৬ টা অর্ধশতকৰ সহায়ত ৭৬৫ ৰান কৰিছিল ৷ এই সময়ছোৱাত বিৰাট কোহলীৰ গড় ৯৫.৬২ আৰু ষ্ট্ৰাইক ৰেট আছিল ৯০.৩১। এই উজ্জ্বল প্ৰদৰ্শনৰ বাবে বিৰাটে প্লেয়াৰ অৱ দ্য টুৰ্ণামেণ্টৰ বঁটা লাভ কৰে ।

বিৰাট কোহলীৰ ৩ টা শতক

  • বাংলাদেশৰ বিৰুদ্ধে লীগৰ খেলখনত বিৰাটে প্ৰথম শতক অৰ্জন কৰে । ৯৭ টা বলৰ সন্মুখীন হোৱা এই মেচখনত তেওঁ ৬ টা চাৰি আৰু ৪ টা ছয়ৰে ১০৩ ৰান সংগ্ৰহ কৰে ।
  • দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলখনত বিৰাটৰ দ্বিতীয় শতক । এই মেচখনত তেওঁ ১২১ টা বলত ১০ টা ৪ সৈতে ১০১ টা ৰানৰ বিস্ফোৰক ইনিংছ খেলিছিল।
  • নিউজিলেণ্ডৰ বিৰুদ্ধে ছেমি ফাইনেল খেলখনত তৃতীয় শতক অৰ্জন কৰে বিৰাট কোহলীয়ে । এই মেচখনত বিৰাটে ৯ টা চাৰি আৰু ৩টা ছয়ৰে ১১৩ টা বলত ১১৭ ৰানৰ গুৰুত্বপূৰ্ণ ইনিংছ খেলিছিল ।

বিৰাটৰ ডাঙৰ অভিলেখ

ইয়াৰ লগে লগে বিৰাট কোহলী এদিনীয়া বিশ্বকাপৰ ইতিহাসত সৰ্বাধিক ৰান সংগ্ৰহ কৰা দ্বিতীয়জন বেটছমেন হিচাপেও পৰিগণিত হৈছে । এতিয়ালৈকে বিৰাটে ৪ টা এদিনীয়া বিশ্বকাপত ৩৭ টা ইনিংছত ৫ টা শতক আৰু ১২ টা অৰ্ধশতকৰে ১৭৯৫ ৰান সংগ্ৰহ কৰিছে ।

এই বিষয়ত তেওঁ বহু কিংবদন্তি খেলুৱৈক পিছ পেলাবলৈ সক্ষম হৈছে । তেওঁৰ লগতে মনত পেলাব লাগিব মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰৰ নাম । এদিনীয়া বিশ্বকাপত শচীনে ৪৪ ইনিংছত ২২৭৮ ৰান সংগ্ৰহ কৰিছে ।

এই বিশ্বকাপত ৫০ টা শতক অৰ্জন কৰি বিৰাটে এদিনীয়া ক্ৰিকেটৰ ইতিহাসত ৫০ টা শতক অৰ্জন কৰা প্ৰথমজন বেটছমেন হিচাপেও পৰিগণিত হয় । কিয়নো শচীন তেণ্ডুলকাৰে ৪৯ শতক অৰ্জন কৰিছিল ।

লগতে পঢ়ক : ফাইনেলত ভাৰতৰ পৰাজয়ে হৃদয় ভাঙিলে অনুৰাগীৰ, ছ’চিয়েল মিডিয়াত ক্ষোভ প্ৰকাশ

Last Updated : Nov 20, 2023, 9:54 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.