ETV Bharat / sports

World Cup 2023: ইংলেণ্ডৰ বিৰুদ্ধেও খেলিব নোৱাৰিব পাণ্ডিয়াই; ছেমি ফাইনেলত প্ৰত্যাৱৰ্তনৰ সম্ভাৱনা - ICC cricket world cup

পুনেৰ মহাৰাষ্ট্ৰ ক্ৰিকেট এছ’চিয়েশ্যন ষ্টেডিয়ামত বাংলাদেশৰ বিৰুদ্ধে ভাৰতৰ খেলখনৰ সময়ত টীম ইণ্ডিয়াৰ সহ-অধিনায়ক হাৰ্দিক পাণ্ডিয়াই বলিং কৰি থকাৰ সময়তে বাওঁ ভৰিৰ গোৰোহাত আঘাত পাইছিল । পাণ্ডিয়াৰ দললৈ প্ৰত্যাৱৰ্তন সন্দৰ্ভত NCA ৰ এক সূত্ৰই জনাইছে এই কথা...

World Cup 2023
World Cup 2023
author img

By ETV Bharat Assamese Team

Published : Oct 25, 2023, 7:35 PM IST

স্প’ৰ্টছ ডেস্ক, ২৫ অক্টোবৰ: এতিয়াও সম্পূৰ্ণৰূপে সুস্থ হৈ উঠা নাই বাৰতৰ তাৰকা অল ৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া ৷ যোৱা সপ্তাহত খেলপথাৰত গোৰোহাত আঘাত পোৱাৰ বাবে তেওঁ অংশ ল’ব পৰা নাই বিশ্বকাপৰ মেচত ৷ বিশ্বকাপত ভাৰতৰ পৰৱৰ্তী দুখন মেচৰ পৰা আঁতৰি থকাৰ সম্ভাৱনা আছে পাণ্ডিয়া ।

১৯ অক্টোবৰত পুনেত বাংলাদেশৰ বিৰুদ্ধে বলিং কৰাৰ সময়ত পাণ্ডিয়া পিছলি পৰিছিল আৰু ২২ অক্টোবৰত ধৰ্মশালাত নিউজিলেণ্ডৰ বিৰুদ্ধে হোৱা খেলখনত আঘাতৰ বাবে অংশ ল’ব পৰা নাছিল ।

খেলুৱৈগৰাকীয়ে সোমবাৰে বেংগালুৰুৰ নেশ্যনেল ক্ৰিকেট একাডেমীত আঘাতৰ ব্যৱস্থাপনাৰ বাবে ৰিপ’ৰ্ট দিছিল । NCA ৰ এক সূত্ৰই পিটিআইক জনোৱা মতে, "হাৰ্দিক এতিয়াও চিকিৎসাধীন হৈ আছে । বাওঁ ভৰিৰ গোৰোহাৰ ফুলা যথেষ্ট কমিছে যদিও তেওঁ কেৱল উইকেণ্ডৰ ফালেহে বলিং আৰম্ভ কৰিব । বৰ্তমান গুৰুত্বপূৰ্ণ হ'ল তেওঁক সুস্থ হ'বলৈ সময় দিয়া ।"

যিহেতু এতিয়ালৈকে পাঁচখন মেচতে জয়লাভ কৰি ভাৰতে ছেমিফাইনেলত প্ৰৱেশৰ বাবে অতি শক্তিশালী অৱস্থাত আছে, পাণ্ডিয়াক পৰৱৰ্তী দুখন মেচৰ বাবে সহজেই জিৰণি দিয়া হ’ব পাৰে ৷ যাৰ ফলত তেওঁ নক আউটৰ পূৰ্বে সম্পূৰ্ণ সুস্থ হৈ উঠিব ।

"পাণ্ডিয়াৰ বিষ হৈছে যদিও সৌভাগ্যক্ৰমে হাড় ভগা নাই । বিচিচিআইৰ চিকিৎসকৰ দলে বিশেষ সাৱধানতা অৱলম্বন কৰিব বিচাৰিছে । তেওঁ নক্ আউট পৰ্যায়ৰ মেচত অংশ লোৱাৰ সম্ভাৱনা আছে । দলটোৱে বিচাৰে তেওঁক নক আউট পৰ্যায়ৰ বাবে সম্পূৰ্ণৰূপে ফিট হোৱাটো ।" বিচিচিআইৰ উৎস ।

বৃহস্পতিবাৰে পাণ্ডিয়াৰ ফিটনেছ টেষ্ট হোৱাৰ সম্ভাৱনা আছে আৰু বাওঁ ভৰিৰ গোৰোহাত কোনো ধৰণৰ স্পষ্ট অস্বস্তি বা বিষ নোহোৱাকৈ কিমান মসৃণভাৱে ফুল টিল্ট বলিং কৰিবলৈ সক্ষম হয় তাৰ ওপৰত নিৰ্ভৰ কৰি বিচিচিআইৰ চিকিৎসকৰ দলে তেওঁৰ প্ৰত্যাৱৰ্তনৰ তাৰিখ নিৰ্ণয় কৰিব ৷ ভাৰতে অহা ২৯ অক্টোবৰত ডিফেণ্ডিং চেম্পিয়ন ইংলেণ্ডৰ বিৰুদ্ধে লক্ষ্ণৌত আৰু ২ নৱেম্বৰত মুম্বাইত শ্ৰীলংকাৰ বিৰুদ্ধে খেলিব ।

পাণ্ডিয়াৰ অনুপস্থিতিয়ে নিউজিলেণ্ডৰ বিৰুদ্ধে খেলা দলটোত সূৰ্যকুমাৰ যাদৱ আৰু মহম্মদ শ্বামীৰ বাবে স্থান সৃষ্টি কৰিছিল । প্ৰতিযোগিতাখনৰ প্ৰথমখন খেলত শ্বামীয়ে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছিল যদিও লক্ষ্ণৌৰ পৃষ্ঠভাগে লেহেমীয়া বলাৰসকলক সহায় কৰিব বুলি আশা কৰা হৈছে ৷ খেলখনৰ বাবে ৰবিচন্দ্ৰন অশ্বিন প্লেইং একাদশত অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা আছে । তেনে ক্ষেত্ৰত বেটিঙো শক্তিশালী হ’ব আৰু অশ্বিন ৮ নম্বৰত বেটিং কৰিবলৈ আহিব ।

লগতে পঢ়ক: ICC World Cup 2023 : বিশ্বকাপত নিজৰ উৎকৃষ্ট প্ৰদৰ্শনৰ বিষয়ে কি ক’লে বিৰাট কোহলীয়ে ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.