ETV Bharat / sports

আজিৰে পৰা ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ টি-২০ শৃংখলা আৰম্ভ

author img

By

Published : Jul 7, 2022, 6:08 PM IST

ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ'বলগীয়া টি-২০ শৃংখলাৰ পূৰ্বে ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শৰ্মাৰ সংবাদমেল (India vs England T20 series 2022) । টি-২০ বিশ্বকাপৰ প্ৰতি লক্ষ্য ৰাখি এই শৃংখলাত অৱতীৰ্ণ হ'ব দলটো । প্ৰতিখন খেলত জয়ী হ'বলৈ চেষ্টা কৰিব ভাৰতীয় দলটোৱে ।

T20 World Cup
ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ টি ২০ শৃংখলা আৰম্ভ

স্পৰ্টছ ডেস্ক,৭ জুলাই : আহি থকা টি-২০ বিশ্বকাপৰ (Upcoming T20 cricket World Cup) ওপৰত দৃষ্টি ৰাখিছে ভাৰতীয় দলটোৱে । সেয়েহে ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ'বলগীয়া টি-২০ শৃংখলা কেৱল প্ৰস্তুতি হিচাপে ল'ব বিচৰা নাই ভাৰতীয় দলটোৱে । প্ৰতিখন খেলত জয়ী হ'বলৈ চেষ্টা কৰিব ভাৰতীয় দলটোৱে । এই মন্তব্য টি-২০ দলৰ অধিনায়ক ৰোহিত শৰ্মাৰ (Rohit Sharma before T20 series against England)।

শৃংখলাৰ প্ৰথমখন টি-২০ৰ প্ৰাকমুহূৰ্তত সংবাদমাধ্যমৰ সন্মুখত এই মন্তব্য কৰে খেলুৱৈগৰাকীয়ে । তেওঁৰ মতে প্ৰতিখন খেলে তেওঁলোকৰ বাবে গুৰুত্বপূৰ্ণ । ৰোহিতে লগতে কয় যে দলটোৰ যুৱ খেলুৱৈসকলে আই পি এলত বা তেওঁলোকৰ ৰাজ্যিক দলৰ বাবে ভাল প্ৰদৰ্শন কৰাৰ পিছত তেওঁলোকে লাভ কৰা এই সুযোগৰ যোগ্য । আনহাতে তেওঁলোকৰ সন্মুখত ইংলেণ্ড দলটো প্ৰত্যাহ্বানমূলক হ'ব বুলিও মন্তব্য কৰে খেলুৱৈগৰাকীয়ে ।

উমৰাণ মালিক টি-২০ বিশ্বকাপৰ দলত স্থান পোৱাক লৈ প্ৰশ্ন কৰাত অধিনায়কগৰাকীয়ে কয় যে তেওঁলোকে নিশ্চিতভাৱে তেওঁৰ ওপৰত দৃষ্টি ৰাখিছে আৰু যুৱ পেচাৰগৰাকীয়ে কেনে প্ৰদৰ্শন দেখুৱাই সেয়া তেওঁলোকেও চাব বিচাৰে ।

উল্লেখ্য যে শেহতীয়াকৈ ক'ভিডত আক্ৰান্ত হৈছিল ৰোহিত শৰ্মা (Rohit Sharma test Covid positive)। যাৰ বাবে তেওঁ ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত পঞ্চমখন টেষ্ট খেলিব নোৱাৰিলে । অৱশ্যে সম্প্ৰতি সুস্থ খেলুৱৈগৰাকী । যাৰ বাবে ইংলেণ্ডৰ বিৰুদ্ধে বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ'বলগীয়া টি-২০ শৃংখলাত ভাৰতীয় দলটোক নেতৃত্ব দিব ৰোহিত শৰ্মাই । বাৰ্মিংহামত পোনপটীয়াকৈ তিনিদিনীয়া প্ৰশিক্ষণৰ অন্তত তেওঁ দলৰ বাকী খেলুৱৈসকলৰ সৈতে সম্পৰ্ক স্থাপন কৰে ।

লগতে পঢ়ক :Wimbledon 2022: ছেমি ফাইনেলত আৰবৰ প্ৰথম মহিলা অন্স জাবেউৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.