স্পৰ্টছ ডেস্ক, ৫ আগষ্ট: এছিয়া কাপ 2022ৰ চুপাৰ-4ত পাকিস্তানে দেওবাৰে এক ৰোমাঞ্চকৰ খেলত ভাৰতক 5 উইকেটত পৰাস্ত কৰে(India vs Pakistan Asia Cup) । প্ৰথমে বেটিং কৰি টীম ইণ্ডিয়াই পাকিস্তানৰ সন্মুখত 182 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰে । অপেনাৰ মহম্মদ ৰিজৱান 71 আৰু অলৰাউণ্ডাৰ মহম্মদ নাৱাজৰ 42 ৰানৰ সহায়ত পাকিস্তানে ভাৰতীয় দলটোক পৰাস্ত কৰে ।
অৱশ্যে, ভাৰতীয় বলাৰসকলে এটা সময়ত ৰিজৱান আৰু নৱাজক আউট কৰি খেলখনত শক্তিশালী প্ৰত্যাৱৰ্তন কৰে ৷ কিন্তু ইয়াৰ মাজতে অথন্তৰ লাগিল অৰ্শদীপ সিঙৰ এটা কেচক লৈ ৷ আৰ্শদীপে পাকিস্তানৰ আচিফ আলীৰ এটা কেচ এৰি দিয়াৰ ফলত টীম ইণ্ডিয়াই ইয়াৰ পৰিমাণ ভৰিবলগীয়া হয় (Arshdeep missed catch against Pakistan ) ৷ টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শৰ্মায়ো আৰ্শদীপে ড্ৰপ কৰা কেচটোলৈ চিঞৰিছিল (Rohit Sharma reaction after Arshdeep missed catch) । ৰোহিতৰ প্ৰতিক্ৰিয়া ইতিমধ্যে ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে ভাইৰেল হৈছে ।
- — Guess Karo (@KuchNahiUkhada) September 5, 2022 " class="align-text-top noRightClick twitterSection" data="
— Guess Karo (@KuchNahiUkhada) September 5, 2022
">— Guess Karo (@KuchNahiUkhada) September 5, 2022
ভাৰতীয় বলাৰ হাৰ্দিক পাণ্ডিয়াই 17 ৰ অভাৰত মহম্মদ ৰিজৱানক আউট কৰাৰ পাছত ভাৰতীয় দলৰ মাজত পুনৰ কিছু উৎসাহ বৃদ্ধি পায় ৷ পাকিস্তানক খেলখন জিকিবলৈ 19 টা বলত 36 ৰাণৰ প্ৰয়োজন আছিল । লেগ স্পিনাৰ ৰবি বিষ্ণৈয়ে 18 নম্বৰ অভাৰটোত বল কৰিবলৈ আহে । বিষ্ণৈৰ অভাৰটোৰ তৃতীয়টো বলত আচিফে এটা এৰিয়েল শ্বট খেলে ৷ কিন্তু অতি সহজ যেন লগা এই কেচটো আৰ্শদীপে ধৰিব নোৱাৰিলে আৰু বলটো তেওঁৰ হাতৰ পৰা ওলাই যায় ।
আৰ্শদীপে এই কেচটো মিছ কৰাত অধিনায়ক ৰোহিত শৰ্মাৰ বিৰাট খং উঠিছিল (Rohit Sharma angry after Arshdeep missed catch) । তেওঁ প্ৰথমে আৰ্শদীপক লক্ষ্য কৰি চিঞৰিছিল আৰু ইয়াৰ পাছত তেওঁ নিজৰ মূৰত হাত দিছিল ৷ ইয়াৰ পিছতে আচিফ আলীয়ে ৮ টা বলত দুটা চাৰি আৰু এটা ছয়ৰ সহায়ত ১৬ ৰাণ সংগ্ৰহ কৰে আৰু মেচখন ভাৰতৰ হাতৰ পৰা বাহিৰ লৈ যায় । আচিফ আলীয়ে খুছদিল শ্বাহৰ (১৪*) সৈতে ১৭ টা বলত ৩৩ ৰাণৰ অংশীদাৰিত্ব কৰে ।