ETV Bharat / sports

World Test Championship সন্দৰ্ভত কি ক’লে বিৰাট কোহলীয়ে ?

author img

By

Published : Jun 18, 2021, 8:47 PM IST

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ (WTC) ফাইনেলখনৰ প্ৰাক্ ক্ষণত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য ভাৰতীয় অধিনায়ক বিৰাট কোহলীৰ ৷ বিগত 4-5 বছৰত কঠোৰ পৰিশ্ৰমৰ ফল বুলি মন্তব্য বিৰাট কোহলী (Virat Kohli) ৰ ৷

virat kohli comment on WTC
বিশ্ব টেষ্ট চেম্পিয়নশ্বিপক লৈ কি কলে বিৰাট কোহলীয়ে ?

স্পোৰ্টচ ডেক্স, 18 জুন : শুকুৰবাৰে চাউদাম্পটনত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ (World Test Championship)ৰ ফাইনেলখনৰ প্ৰাক্ ক্ষণত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে ভাৰতীয় অধিনায়ক বিৰাট কোহলী (Virat Kohli) য়ে ৷ শুকুৰবাৰে আই চি চিৰ (ICC) ৱেবছাইটত পোষ্ট কৰা এটা ভিডিঅ'ত কয় যে, "just another feather to add in this big hat that we have created" ৷

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ (World Test Championship)ৰ ফাইনেল খেলাটো 7-8 মাহত ভাল খেলাৰ ওপৰত নিৰ্ভৰ কৰা নাই ৷ এয়া বিগত 4-5 বছৰত কঠোৰ পৰিশ্ৰমৰ ফল বুলি মন্তব্য কৰে বিৰাট কোহলী (Virat Kohli) য়ে ৷ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ (WTC)ৰ বাবে আমাক কেনে ধৰণৰ খেলুৱৈৰ প্ৰয়োজন, টেষ্ট দল হিচাপে আমাক প্ৰয়োজন হোৱা শক্তি, বিশ্বৰ সকলো ঠাইতে টেষ্ট মেছ জিকিবলৈ আমাৰ কেনে ধৰণৰ বলিং লাইন-আপৰ প্ৰয়োজন, বিভিন্ন পৰিৱেশৰ সৈতে খেলিবলৈ আমাক প্ৰয়োজন হোৱা বেটছমেনৰ প্ৰতি যথেষ্ট সতৰ্কতা অৱলম্বন কৰি চিনাক্ত কৰা এক প্ৰত্যাহ্বান আছিল বুলি মন্তব্য কৰে কোহলীয়ে ।

virat kohli comment on WTC
বিৰাট কোহলী

যেতিয়া আমি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ(World Test Championship) খেলা আৰম্ভ কৰিছিলো আমি ভবাই নাছিলো টেষ্ট ক্ৰিকেটৰ প্ৰতিযোগিতাখন ইমান ধুনীয়া পৰিচালনা কৰা হ’ব ৷ আই চি চিয়ে(ICC) টেষ্ট ক্ৰিকেটৰ আগুৱাই লৈ যাবলৈ সঠিক সিদ্ধান্ত লোৱা বুলি মন্তব্য কৰি আই চি চিক প্ৰশংসা কৰে বিৰাট কোহলী (Virat Kohli) য়ে ৷

‘‘মই নিশ্চিতভাৱে অনুভৱ কৰোঁ যে ভাৰতীয় টেষ্ট ক্ৰিকেটৰ বাবে বৃহত্তৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে আৰু বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ফাইনেল মাত্ৰ এখন খেল যাৰ মূল্য অলপ বেছি, কিন্তু আমাৰ বাবে, যোৱা পাঁচ বছৰত প্ৰতিখন টেষ্ট মেচ সম্ভৱত একে মূল্যৰ আছিল, আৰু সেয়েহে আমি টেষ্ট ক্ৰিকেটত যোৱা 3-4 বছৰ ধৰি শীৰ্ষ স্থানত আছোঁ’’ বুলি মন্তব্য কৰে কোহলী (Virat Kohli)য়ে ৷

virat kohli comment on WTC
কেন উইলিয়ামছন

নিউজিলেণ্ডৰ অধিনায়ক কেন উইলিয়ামছনে (Kane Willamson) বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ (WTC) ক লৈ কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷ ‘‘বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল পৰ্যায়লৈকে অহাটো আমাৰ বাবে অতি প্ৰত্যাহ্বান আছিল ৷ আমি বিশ্বৰ শ্ৰেষ্ঠ দলটোৰ বিৰুদ্ধে (WTC) ফাইনেলত সঁচাকৈয়ে এটা ভাল সুযোগ পাইছো যিটো বিষয়ক লৈ আমি অত্যন্ত সুখী’’ বুলি মন্তব্য কৰে কেন উইলিয়ামছনে (Kane Willamson) ৷

লগতে পঢ়ক : পদুমণি নাহৰ পুখুৰী নগাঁৱক কণ্টেইনমেণ্ট জ'ন ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.