ETV Bharat / sports

পাপীসকল উপস্থিত নথকা প্ৰতিখন খেলতে ভাৰত জিকিছে; ইডেন বা ৱাংখেড়েত খেলিলে ফাইনেলতো জিকিলেহেতেন; মমতা বেনাৰ্জী

author img

By ETV Bharat Assamese Team

Published : Nov 23, 2023, 5:23 PM IST

বিশ্বকাপত ভাৰতৰ পৰাজয়ৰ কাৰণক লৈ দেশৰ ৰাজনীতিত এতিয়া বোকা চটিওৱা পৰ্ব চলিছে ৷ ৰাহুল গান্ধীৰ ‘পনৌতি’ মন্তব্যৰ পিচত মমতা বেনাৰ্জীয়ে ‘পাপী’ আখ্যা দিলে বিজেপিক ৷ হিমন্ত বিশ্ব শৰ্মাই দোষাৰোপ কৰিলে ইণ্ডিৰা গান্ধীৰ জন্মদিৱসক ৷

World Cup matches
World Cup 2023 in India

নিউজ ডেস্ক, 23 নৱেম্বৰ: ৰাহুল গান্ধীৰ ‘পনৌতি’ আখ্যাৰ দুদিন পিছত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বৃহস্পতিবাৰে কয় যে ২০২৩ চনৰ বিশ্বকাপত ফাইনেলখনৰ বাহিৰে আন সকলো মেচতে টীম ইণ্ডিয়াই জয়লাভ কৰে । “পাপী”য়ে অংশগ্ৰহণ কৰাৰ বাবে ফাইনেলখনত ভাৰত পৰাজিত হ’ল ৷ আনকি তেওঁ কয় যে কলকাতা বা মুম্বাইত গ্ৰেণ্ড ফিনালে অনুষ্ঠিত হ’লে মেন ইন ব্লু দলে ট্ৰফী লাভ কৰিলেহেঁতেন ।

বৃহস্পতিবাৰে নেতাজী ইনড’ৰ ষ্টেডিয়ামত তৃণমূল কংগ্ৰেছৰ কৰ্মীসকলক সম্বোধন কৰি বেনাৰ্জীয়ে কয় যে, “পাপীসকলে অংশগ্ৰহণ কৰা মেচখনৰ বাহিৰে বাকী সকলো মেচতে তেওঁলোকে (টীম ইণ্ডিয়াই) জয়লাভ কৰিছিল”। বেনাৰ্জীয়ে আৰু কয়, “যদি ফাইনেলখন ইডেন (কলকাতা) বা ৱাংখেড়ে (মুম্বাই)ত অনুষ্ঠিত হ’লহেঁতেন তেন্তে আমি জয়ী হ’লোহেঁতেন ।”

23 নৱেম্বৰত ৰাজস্থানৰ ঝালোৰত অনুষ্ঠিত এক সমাৱেশত ৰাহুল গান্ধীয়ে কৈছিল যে "পনৌতি" (বেয়া শংকা) নহ'লে ভাৰত জয়ী হ'লহেঁতেন । এই মন্তব্যৰ ফলত ৰাজনৈতিক মহলত বিতৰ্কৰ সৃষ্টি হয় আৰু বিজেপিয়ে গান্ধীৰ “অপমানজনক” মন্তব্যৰ বাবে নিৰ্বাচন আয়োগক ব্যৱস্থা ল’বলৈ আহ্বান জনায় ।

ভাৰতীয় খেলুৱৈক গেৰুৱা ৰঙৰ জাৰ্চী দিয়া বুলিও সমালোচনা কৰে মমতা বেনাৰ্জীয়ে । খেলুৱৈসকলে ইয়াৰ বিৰোধিতা কৰিছিল আৰু মেচৰ সময়ত পিন্ধা নাছিল বুলিও তেওঁ কয় । সাধাৰণতে নীলা ৰঙৰ জাৰ্চী বিশ্বকাপৰ খেলত ভাৰতীয় খেলুৱৈয়ে পিন্ধিছিল আৰু গেৰুৱা ৰঙৰ জাৰ্চী অনুশীলনৰ সময়ত পিন্ধিছিল বুলিও কয় পশ্চিম বংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

বিজেপিৰ বিৰুদ্ধে ক্ৰীড়াৰ ৰাজনীতিকৰণৰ অভিযোগ উত্থাপন কৰি বেনাৰ্জীয়ে কয় যে সকলো ফেডাৰেচন ৰাজনৈতিক দলে দখল কৰিছে । ক্ৰিকেট, কাবাডী, সকলোতে গেৰুৱা ৰং আছে বুলিও কয় মমতাই । "কেশৰ 'ত্যাগী' (তপস্বী)ৰ ৰং কিন্তু আপোনালোক (বিজেপি) 'ভোগী' (সাংসাৰিক মানুহ)" বুলিও কয় মুখ্যমন্ত্ৰীগৰাকীয়ে ।

বিগত সপ্তাহত বেনাৰ্জীয়ে গেৰুৱা ৰঙৰ প্ৰেকটিছ জাৰ্চী পিন্ধা ভাৰতীয় ক্ৰিকেট দলকে ধৰি প্ৰতিষ্ঠানসমূহক বিজেপিয়ে গেৰুৱাকৰণ কৰাৰ অভিযোগ উত্থাপন কৰিছিল । সকলোবোৰ গেৰুৱালৈ ৰূপান্তৰিত কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ দৃঢ়তাৰে কয় যে টীম ইণ্ডিয়াৰ অনুশীলন জাৰ্চীসমূহ গেৰুৱালৈ ৰূপান্তৰিত কৰা হৈছে যদিও পূৰ্বে ই নীলা ৰঙৰ আছিল । বিজেপিয়ে ইয়াৰ উত্তৰত নেদাৰলেণ্ড ক্ৰিকেট দলৰ সাজ-পোছাকো গেৰুৱা বুলি কৈছিল ।

ইফালে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে তেলেংগানাৰ এখন নিৰ্বাচনী প্ৰচাৰ সভাত বিশ্বকাপত ভাৰতৰ পৰাজয়ৰ পৃথক কাৰণ ব্যাখ্যা কৰে ৷ তেওঁ কয় যে যিটো দিনত ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত ফাইনেল খেলখন অনুষ্ঠিত হৈছিল (19 নৱেম্বৰ), সেই দিনটো হৈছে ইন্দিৰা গান্ধীৰ জন্মদিন ৷ সেয়েহে ভাৰত খেলত হাৰিল ৷ ভৱিষ্যতে এনেকুৱা খেলৰ দিন নিৰ্ধাৰণৰ ক্ষেত্ৰত বিচিচিআইক সতৰ্ক হৈ গান্ধী পৰিয়ালৰ বিশেষ দিনত খেল অনুষ্ঠিত নকৰিবলৈ আহ্বান জনাব বুলিও কয় ড৹ শৰ্মাই ৷

লগতে পঢ়ক: ইন্দিৰা গান্ধীৰ জন্মদিনত বিশ্বকাপৰ ফাইনেল হোৱা বাবে ভাৰত হাৰিল; তেলেংগানাত হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.