ETV Bharat / sports

Team India For Asia Cup 2023:আগন্তুক এছিয়া কাপত অংশ ল’বলগীয়া ভাৰতীয় ক্ৰিকেট দল ঘোষণা - এছিয়া কাপত অংশ ল’বলগীয়া ভাৰতীয় ক্ৰিকেট দলটো

এছিয়া কাপ ২০২৩ ৰ বাবে ভাৰতীয় ক্ৰিকেট দল ঘোষণা কৰাৰ সময়ত স্পিন বলাৰ যুজবেন্দ্ৰ চাহালক বাদ দি কে এল ৰাহুল, শ্ৰেয়স আয়াৰ, যশপ্ৰীত বুমৰাহ আৰু প্ৰসিদ্ধ কৃষ্ণাক অন্তৰ্ভুক্ত কৰা হৈছে ।

Team India For Asia Cup 2023
এছিয়া কাপ 2023
author img

By

Published : Aug 21, 2023, 10:53 PM IST

স্পৰ্ট’ছ ডেস্ক, 21 আগষ্ট : সমাগত এছিয়া কাপ খেলিবলৈ সোমবাৰে ভাৰতীয় ক্ৰিকেট দলটো ঘোষণা কৰা হৈছে । মুখ্য নিৰ্বাচক অজিত আগৰকাৰ আৰু অধিনায়ক ৰোহিত শৰ্মাই দল নিৰ্বাচনৰ পিচত নিৰ্বাচিত খেলুৱৈৰ বিষয়ে সংবাদ মেল যোগে অৱগত কৰে ৷ সোমবাৰে বিয়লি এছিয়া কাপ ২০২৩ ত খেলিবলগীয়া দলটোৰ কথা ঘোষণা কৰাৰ সময়ত বিচিচিআইয়ে জনোৱা মতে, উইকেট কীপাৰ বেটছমেন হিচাপে কে এল ৰাহুলৰ সৈতে মিডল অৰ্ডাৰ বেটছমেন শ্ৰেয়স আয়াৰ দললৈ ঘূৰি আহিছে, আনহাতে স্পিন বলাৰ যুজবেন্দ্ৰ চাহালক বাদ দিয়া হৈছে এছিয়া কাপৰ দলৰ পৰা ।

  • Rohit Sharma (Captain), Shubman Gill, Virat Kohli, Shreyas Iyer, Suryakumar Yadav, Tilak Varma, KL Rahul, Ishan Kishan, Hardik Pandya (VC), Ravindra Jadeja, Shardul Thakur, Axar Patel, Kuldeep Yadav, Jasprit Bumrah, Mohd. Shami, Mohd. Siraj, Prasidh Krishna

    Traveling stand-by…

    — BCCI (@BCCI) August 21, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ইয়াৰ উপৰিও টিম ইণ্ডিয়াৰ আটাইতকৈ চৰ্চিত চাৰি নম্বৰ স্থানত বেটিং কৰাৰ বাবে ভাৰতীয় ক্ৰিকেট দলত সূৰ্য্যকুমাৰ যাদৱ আৰু তিলক বাৰ্মাৰ ওপৰত আস্থা প্ৰকাশ কৰি দুয়োজনকে দলত ৰখা হৈছে । মুখ্য নিৰ্বাচক অজিত আগৰকাৰে তিলক বাৰ্মাক প্ৰশংসা কৰাৰ লগতে তেওঁৰ ওপৰত বিশ্বাস ৰখাৰ কাৰণো উল্লেখ কৰে ।

  • Ajit Agarkar said "Tilak Varma is promising - if makes it into World cup then he will not be in the Asian Games - Asia Cup is a big opportunity for him". pic.twitter.com/88U3a77sdM

    — Johns. (@CricCrazyJohns) August 21, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ইয়াৰ উপৰিও ফাষ্ট বলিংত যশপ্ৰীত বুমৰাহো এছিয়া কাপ খেলিবলৈ যাব ৷ ফাষ্ট বলিং বিভাগত মহম্মদ শ্বামীৰ আৰু প্ৰসিদ্ধ কৃষ্ণৰ লগতে মহম্মদ চিৰাজ আৰু শাৰ্দুল ঠাকুৰকো বুমৰাহক সহায় কৰাৰ সুযোগ দিয়া হৈছে ।

এছিয়া কাপ ২০২৩ ত খেলিবলৈ নিৰ্বাচিত সকলো খেলুৱৈয়ে ২৩ আগষ্টৰ পৰা বাংগালুৰুৰ ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীত এটা শিবিৰত অংশগ্ৰহণ কৰিব । মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ উপস্থিতিত, সকলো খেলুৱৈয়ে প্ৰশিক্ষণ ল’ব আৰু তাৰ পিচত এছিয়া কাপলৈ ৰাওনা হ’ব । ইয়াৰ লগতে, সঞ্জু চেমছনক বেকআপ উইকেটকিপাৰ হিচাপে ৰখা হৈছে, যি আৱশ্যকীয় পৰিস্থিতিত দলটোত যোগদান কৰিব ।

এছিয়া কাপ ২০২৩ ৰ দল-

ৰোহিত শৰ্মা (অধিনায়ক), শুভমন গিল, ঈশান কিষাণ (উইকেটকিপাৰ), বিৰাট কোহলী, শ্ৰেয়স আয়াৰ, সূৰ্যকুমাৰ যাদৱ, তিলক বাৰ্মা, কে এল ৰাহুল (উইকেটকিপাৰ), হাৰ্দিক পাণ্ডিয়া, ৰবীন্দ্ৰ জাদেজা, অক্সৰ পেটেল, শাৰ্দুল ঠাকুৰ, কুলদীপ যাদৱ, যশপ্ৰীত বুমৰাহ, মহম্মদ ছামী, মহম্মদ চিৰাজ আৰু প্ৰসিদ্ধ কৃষ্ণ ।

বেকআপ: সঞ্জু চেমচন (উইকেটকিপাৰ) ।

বিশ্বকাপৰ পূৰ্বে প্ৰস্তুতিৰ ফালৰ পৰা এছিয়া কাপ ২০২৩ ভাৰতীয় দলটোৰ বাবে অতি গুৰুত্বপূৰ্ণ । আগন্তুক ৩০ আগষ্টৰ পৰা আৰম্ভ হ’বলগীয়া এছিয়া কাপৰ প্ৰথমখন খেল আয়োজক পাকিস্তান আৰু নেপালৰ মাজত অনুষ্ঠিত হ’ব । আনহাতে ভাৰতৰ প্ৰথমখন খেল ২ ছেপ্টেম্বৰত পাকিস্তানৰ বিৰুদ্ধে হ’ব । ইয়াৰ পিচত ৪ ছেপ্টেম্বৰত টীম ইণ্ডিয়াই টীম নেপালৰ বিৰুদ্ধে খেলিব । এছিয়া কাপ প্ৰতিযোগিতাৰ ৪ খন খেল পাকিস্তানত আৰু ৯ খন খেল শ্ৰীলংকাত অনুষ্ঠিত হ’ব । টীম ইণ্ডিয়াই নিজৰ সকলো খেল কেৱল শ্ৰীলংকাতহে খেলিব ।

লগতে পঢ়ক : India VS Ireland 2nd T20: 22 গ’জত সিঙৰ দপদপনি, বুমৰাহ বাহিনীৰ সহজ জয়

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.