ETV Bharat / sports

পথ সুৰক্ষা শৃংখলা: ফাইনেলত তেণ্ডুলকাৰৰ নেতৃত্বাধীন ভাৰতীয় দল

author img

By

Published : Mar 18, 2021, 5:39 PM IST

পথ সুৰক্ষা বিশ্ব টি-২০ শৃংখলাত ভাৰতীয় দলৰ প্ৰৱেশ ফাইনেলত । ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰি ভাৰতীয় লিজেণ্ড দলটোৱে ফাইনেলত প্ৰৱেশ কৰে ।

পথ সুৰক্ষা শৃংখলা:ফাইনেলত তেণ্ডুলকাৰৰ নেতৃত্বৰ ভাৰতীয় দল

স্পৰ্টছ ডেস্ক,১৮ মাৰ্চ: পথ সুৰক্ষা সজাগতাৰ প্ৰতি লক্ষ্য ৰাখি ক্ৰীড়াক্ষেত্ৰতো বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে । প্ৰতিখন দেশৰ প্ৰাক্তন তথা তাৰকা ক্ৰিকেটাৰ সকলৰ দ্বাৰা গঠিত দলসমূহে অংশগ্ৰহণ কৰে এই পথ সুৰক্ষা বিশ্ব টি-২০ শৃংখলাত । বুধবাৰে সন্ধিয়া শ্বহীদ বীৰ নাৰায়ণ সিং আন্তৰ্জাতিক ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা খেলত ভাৰতীয় লিজেণ্ড দলে ১৩ ৰাণত পৰাস্ত কৰে ৱেষ্ট ইণ্ডিজ লিজেণ্ডক । ইয়াৰ জৰিয়তে ভাৰতীয় লিজেণ্ড দলটো প্ৰৱেশ কৰে ফাইনেলত ।

খেলখনত তাৰকা খেলুৱৈ শচীন তেণ্ডুলকাৰে অৰ্ধ শতকেৰে দৰ্শকক আমোদ দিয়াৰ সমান্তৰালকৈ বীৰেন্দ্ৰ সেহৱাগ আৰু যুৱৰাজ সিঙৰ বিগ হিটে আপ্লুত কৰে । ভাৰতে প্ৰথমে বেট ধৰি ২১৯ ৰাণ সংগ্ৰহ কৰে আৰু ৱেষ্ট ইণ্ডিজে ২০ অভাৰৰ অন্তত মাত্ৰ ২০৬ ৰাণতে খেল সমাপ্ত কৰে । ১২ টা বলত ২৪ ৰাণ দৰকাৰ হোৱাৰ সময়ত ভাৰতৰ হৈ বিনয় কুমাৰ আৰু ইৰফান পাঠানে সুন্দৰ বলিঙৰ প্ৰদৰ্শনেৰে ভাৰতক জয়ৰ মুকুট পিন্ধায় । বিনয় কুমাৰে ১৮ নম্বৰ অ'ভাৰত ৱেষ্ট ইণ্ডিজৰ অধিনায়ক ব্ৰাইন লাৰা আৰু টিনো বেষ্টৰ উইকেট লাভ কৰিবলৈ সক্ষম হয় ।

শচীন তেণ্ডুলকাৰৰ ৬৫ ৰাণৰ লগতে যুৱৰাজ সিঙেও মাত্ৰ ২০ টা বলত ৪৯ ৰাণ সংগ্ৰহ কৰি দৰ্শকক আমোদ দিয়ে । তাৰ লগতে সেহৱাগে ৩৭ ৰাণ, ইউছুফ পাঠানে ৩৭ ৰাণ আৰু মহম্মদ কাইফে ২৭ ৰাণ সংগ্ৰহ কৰে ।

লগতে পঢ়ক: টি-২০ ফৰ্মেটৰ সৰ্বশ্ৰেষ্ঠ বেটছমেন কে এল ৰাহুল: বিক্ৰম ৰাথোড়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.