ETV Bharat / sports

ভাৰতে ছমি ফাইনেলত প্ৰৱেশ কৰিব নোৱাৰাটো নিউজিলেণ্ডে নিশ্চিত কৰিছে: বীৰেন্দ্ৰ ছেহৱাগ

author img

By

Published : Nov 1, 2021, 10:23 AM IST

ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত চলি থকা টি-২০ বিশ্বকাপৰ দেওবাৰৰ খেলখনত ভাৰতক নিউজিলেণ্ডে পৰাস্ত কৰে । ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ বীৰেন্দ্ৰ ছেহৱাগে এই সন্দৰ্ভত টুইটযোগে মত প্ৰকাশ কৰিছে যে, ভাৰত প্ৰদৰ্শন পুতৌজনক আছিল আৰু নিউজিলেণ্ডৰ খেলুৱৈৰ প্ৰদৰ্শন সুন্দৰ আছিল ।

T20 World Cup
টি ২০ বিশ্বকাপ

স্পৰ্টছ ডেস্ক, ১ নৱেম্বৰ: দেওবাৰে ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ খেলখনক লৈ ভাৰতৰ প্ৰায় প্ৰতিজন ক্ৰীড়াপ্ৰেমী নিৰাশ হৈ পৰিছে । কিয়নো, অতি পুতৌজনকভাৱে ভাৰতীয় দলটো নিউজিলেণ্ডৰ হাতত ধৰাশায়ী হয় । ছ'চিয়েল মিডিয়াযোগে তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰিছে ক্ৰীড়াপ্ৰেমীয়ে । আনহাতে, ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ বীৰেন্দ্ৰ ছেহৱাগে এই সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছে ।

টুইটযোগে তেওঁ কয় যে, নিউজিলেণ্ডে নিশ্চিত কৰিছে যে বিৰাট কোহলীৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে যাতে টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলত স্থান লাভ নকৰে । তেওঁ লগতে কয় যে, দেওবাৰে ভাৰতীয় দলটোৰ প্ৰদৰ্শন পুতৌজনক আছিল । আনহাতে, নিউজিলেণ্ডৰ খেলুৱৈৰ প্ৰদৰ্শনো ভাল আছিল । ভাৰতীয় দলটোৱে পূৰ্বে কৰাৰ দৰে ভুল এই খেলখনতো কৰিছিল । তেওঁৰ মতে, এই পৰাজয়ে ভাৰতীয় দলটোক যথেষ্ট প্ৰভাৱিত কৰিব ।

এই সময়খিনি ভাৰতীয় দলটোৰ বাবে আত্মনিৰীক্ষণৰ সময় বুলি তেওঁ মন্তব্য কৰে । আনহাতে, স্পিনাৰ হৰভজন সিঙে ভাৰতীয় দলটোক লৈ কটু মন্তব্য নকৰিবলৈ অনুৰাগীক আহ্বান জনাইছিল ।

কিয়নো, নিউজিলেণ্ডৰ হাতত পৰাস্ত হোৱাৰ পাছত খেলুৱৈসকলে আটাইতকৈ বেছি দুখ পাইছে । লগতে তেওঁ টুইটযোগে নিউজিলেণ্ডৰ খেলুৱৈৰ প্ৰদৰ্শনক লৈ প্ৰশংসা কৰে । উল্লেখ্য যে, দেওবাৰে নিউজিলেণ্ডে ভাৰতক আঠ উইকেটত পৰাস্ত কৰে । নিউজিলেণ্ডৰ ডেৰিল মিচেলে ৪৯ ৰাণ আৰু কেন উইলিয়ামচনে 32 ৰাণ সংগ্ৰহ কৰে ।

ট্ৰেণ্ট ব'ল্ট আৰু ঈশ সোধিৰ বলিঙো আছিল সুন্দৰ । ১১০ ৰাণ সংগ্ৰহ কৰিয়েই ক্ষান্ত থাকিবলগীয়া নহয় ভাৰতীয় দলটো । কোনো এগৰাকী ভাৰতীয় খেলুৱৈয়ে দীঘলীয়া সময়ৰ বাবে বেটিং কৰিব পৰা নাছিল আৰু অৱশেষত পৰাজয় বৰণ কৰিবলগীয়া হয় । কোহলী বাহিনীয়ে বুধবাৰে আবু ধাবিৰ শ্বেইখ জায়েদ ষ্টেডিয়ামত আফগানিস্তানৰ সৈতে খেলিব ।

লগতে পঢ়ক:শুভ জন্মদিন ভি ভি এছ লক্ষ্মণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.