ETV Bharat / sports

বিশ্বকাপ 2023ৰ ছেমি ফাইনেলত পৰাজয়ৰ পাচতে এদিনীয়া ক্ৰিকেটক চিৰ বিদায় কুইন্টন ডি ককৰ

বৃহস্পতিবাৰে কলকাতাৰ ইডেন গাৰ্ডেনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা আইচিচি পুৰুষ ক্ৰিকেট বিশ্বকাপৰ ছেমি ফাইনেলত পৰাজয়ৰ সৈতে দক্ষিণ আফ্ৰিকাৰ কুইণ্টন ডি ককৰ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ অন্ত পৰিল । ডি কক এজন তাৰকা উইকেট কীপাৰ বেটছমেন আছিল আৰু তেওঁ দলৰ হৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ।

Quinton de Kock announces retirement
Quinton de Kock announces retirement
author img

By ETV Bharat Assamese Team

Published : Nov 17, 2023, 8:00 PM IST

স্প’ৰ্টছ ডেস্ক, ১৭ নৱেম্বৰ: বৃহস্পতিবাৰে কলকাতাৰ ইডেন গাৰ্ডেনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা আই চি চি পুৰুষ ক্ৰিকেট বিশ্বকাপ ২০২৩ৰ ছেমি ফাইনেলত নিজৰ দলৰ পৰাজয়ৰ পিচতে দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন অধিনায়ক কুইণ্টন ডি ককে এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে । কুইণ্টন ডি ককে প্ৰতিযোগিতাখনৰ পূৰ্বে অৱসৰৰ কথা ঘোষণা কৰিছিল ৷

ডি ককে কৈছিল যে ভাৰতত তেওঁৰ এই অভিযানেই প্ৰটিয়াছৰ হৈ এদিনীয়া ক্ৰিকেটত তেওঁৰ শেষ খেল হ’ব । তেওঁ সমগ্ৰ প্ৰতিযোগিতাখনত এক অসাধাৰণ প্ৰচেষ্টাৰ অন্তত ছেমি ফাইনেল পৰ্যায়ত নিজৰ শেষ মেচখন খেলে ।

৩০ বছৰীয়া ডি ককে ১০খন খেলত ব্যতিক্ৰমী গড়ে ৬৪.২২ ৰানেৰে মুঠ ৫৯৪ ৰান সংগ্ৰহ কৰি এদিনীয়া বিশ্বকাপত প্ৰটিয়াছৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহ কৰা খেলুৱৈ হিচাপে পৰিগণিত হয় ৷ ডি ককতকৈ অধিক ৰান সংগ্ৰহ কৰে মাত্ৰ বিৰাট কোহলীয়ে ।

ইয়াৰ উপৰিও তেওঁ প্ৰতিযোগিতাখনৰ একক সংস্কৰণত চাৰিটা শতক অৰ্জন কৰা প্ৰথমজন দক্ষিণ আফ্ৰিকান খেলুৱৈ হিচাপে পৰিগণিত হয় । ইয়াৰ উপৰিও তেওঁ এই টুৰ্ণামেণ্টত যৌথভাৱে দ্বিতীয় সৰ্বাধিক শতক অৰ্জন কৰিছে শ্ৰীলংকাৰ প্ৰাক্তন বেটছমেন কুমাৰ চাংগাকাৰাৰ সৈতে ।

ডি ককে বিশ্বকাপৰ ইতিহাসত ১৯টা কেচ আৰু ১টা ষ্টাম্পিংকে ধৰি উইকেটৰ পিছফালে ২০ টা আউট কৰাৰ লগতে ৫০০+ ৰান সংগ্ৰহ কৰা প্ৰথমজন উইকেটকীপাৰ হিচাপে পৰিগণিত হয় । দুৰ্ভাগ্যজনকভাৱে তেওঁ ছেমি ফাইনেল খেলখনত শক্তিশালী প্ৰদৰ্শন কৰিব নোৱাৰিলে । ডি কক জোছ হেজলউডৰ বলত কেচ আউট হয় ৷

বাওঁহতীয়া বেটছমেনগৰাকীয়ে গড়ে ৪৫.৭৪ ৰাণ আৰু ৯৬.৬৪ ষ্ট্ৰাইক ৰেটৰ সহায়ত ৬৭৭০ ৰান সংগ্ৰহ কৰি দক্ষিণ আফ্ৰিকাৰ বাবে মানদণ্ড নিৰ্ধাৰণ কৰি এদিনীয়া কেৰিয়াৰত ২১ টা শতক অৰ্জন কৰে । তেওঁ খেলখনৰ তিনিওটা ফৰ্মেটতে প্ৰটিয়াছৰ অধিনায়কত্বও কৰিছিল যদিও এদিনীয়া আৰু টেষ্টত আশানুৰূপ প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱা নাছিল ।

ডি ককে চাৰিখন টেষ্টত (শ্ৰীলংকা আৰু পাকিস্তানৰ বিৰুদ্ধে দুখনকৈ) নিজৰ দলটোক নেতৃত্ব দিছিল, ৫০% জয়ৰ অভিলেখ গঢ়িছিল । দক্ষিণ আফ্ৰিকাই ঘৰুৱা ক্ষেত্ৰত শ্ৰীলংকাক ২-০ ত পৰাস্ত কৰিছিল যদিও পাকিস্তানৰ হাতত একে ব্যৱধানত পৰাস্ত হৈছিল ৷ সেই ছিৰিজত তেওঁ গড়ে ১২.৩৩ ৰানকৈ মাত্ৰ ৭৪ ৰানহে কৰিবলৈ সক্ষম হৈছিল ।

ইয়াৰ উপৰিও তেওঁ দক্ষিণ আফ্ৰিকাৰ ৭খন এদিনীয়া মেচত অধিনায়কত্ব কৰিছিল আৰু ইয়াৰে চাৰিখনত জয়লাভ কৰি গড়ে ৪২.০০ ৰানকৈ মুঠ ২৯৪ ৰান সংগ্ৰহ কৰিছিল । কিন্তু টি-২০ত তেওঁ অধিনায়ক হিচাপে ১১খন মেচত গড়ে ৪১.৬০ ৰান কৰি ৪১৬ ৰান সংগ্ৰহ কৰিছিল যদিও ৮খন মেচত নিজৰ দলটোক লাইনৰ ওপৰেৰে লৈ যাব পৰা নাছিল ।

দক্ষিণ আফ্ৰিকাৰ অধিনায়ক টেম্বা বাভুমাই কয়, "আমি খেলুৱৈ হিচাপে আমি তেওঁৰ (ডি কক)ৰ সৈতে বছৰ বছৰ ধৰি খেলি ভাল পাইছো । দক্ষিণ আফ্ৰিকাত তেওঁ খেলৰ অন্যতম কিংবদন্তি হিচাপে নাম ৰৈ যাব ।'

বাভুমাই লগতে কয় যে তেওঁ কথাবোৰ বেলেগ নোটত শেষ কৰিব বিচাৰিলেহেঁতেন, কিন্তু আমি দল হিচাপে দেখুওৱা ইনিংছ আৰু যুঁজৰ ধৰণটো তেওঁ মনত ৰাখিব ।

অৱশ্যে চুটি ফৰ্মেটত দক্ষিণ আফ্ৰিকাৰ অভিলেখ সৃষ্টিকাৰী খেলুৱৈগৰাকীয়ে ৩২.৫২ গড় ৰাণ আৰু ১৩৭.৩৩ ষ্ট্ৰাইক ৰেটেৰে ৭৯ ইনিংছত ২২৭৭ ৰান সংগ্ৰহ কৰি টি-২০ বিশ্বকাপ ২০২৪ খেলিবলৈ মাত্ৰ ৬ মাহ বাকী থকা অৱস্থাত নিজৰ দেশৰ বাবে প্ৰথমখন আইচিচি প্ৰতিযোগিতাত জয়ী হ’বলৈ চকু ৰাখিব লাগিব ।

কুইণ্টন ডি ককে ২০২১ চনৰ ৩০ ডিচেম্বৰত "নিজৰ পৰিয়ালৰ সৈতে অধিক সময় কটাবলৈ" টেষ্ট ক্ৰিকেটৰ পৰা হঠাতে অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছিল ।

লগতে পঢ়ক: 2011 ক্ৰিকেট বিশ্বকাপৰ ইতিহাসৰ পুনৰাবৃত্তি কৰিব পাৰিব নে ৰোহিত বাহিনীয়ে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.