ETV Bharat / sports

Shanto wants Bangladesh captaincy: বাংলাদেশৰ স্থায়ী অধিনায়ক হোৱাৰ ইচ্ছা প্ৰকাশ শান্তোৰ - ICC World Cup 2023

চাকিব আল হাছানৰ পাছত বাংলাদেশ দলটোক নেতৃত্ব দিব বিচাৰে বেটছমেন নাজমুল হুছেইন শান্তোৱে । অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বিশ্বকাপ অভিযানৰ অন্তিমখন খেলৰ পাছতে এই মন্তব্য শান্তোৰ । খেলখনত তেওঁ দলটোক নেতৃত্ব দিছিল ।

Shanto wants Bangladesh captaincy
বাংলাদেশৰ স্থায়ী অধিনায়ক হোৱাৰ ইচ্ছা প্ৰকাশ শান্তোৰ
author img

By ETV Bharat Assamese Team

Published : Nov 12, 2023, 6:34 PM IST

স্পৰ্টছ ডেস্ক, ১২ নৱেম্বৰ : চলিত বিশ্বকাপ বাংলাদেশ দলৰ বাবে নিৰাশাজনক হৈছে । লীগ পৰ্যায়তে বিশ্বকাপৰ অভিযান সমাপ্ত কৰাৰ উপৰিও পইণ্ট তালিকাৰো নিম্ন পৰ্যায়ত সন্তুষ্ট থাকিবলগীয়া হয় দলটো । ইফালে শনিবাৰে অন্তিমখন খেলত অষ্ট্ৰেলিয়াৰ হাতত ৮ উইকেটত পৰাস্ত হয় দলটো । খেলখনত বাংলাদেশৰ নিয়মীয়া অধিনায়ক চাকিব আল হাছানৰ স্থানত নাজমুল হুছেইন শান্তোৱে দলটোক নেতৃত্ব দিয়ে । খেলৰ পাছত শান্তোৱে অৱশ্যে দলটোৰ স্থায়ী অধিনায়ক হোৱাৰ ইচ্ছা প্ৰকাশ কৰে ।

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পৰাজয়ৰ পাছত শান্তোৱে কয় যে নিৰ্বাচকসকলে সিদ্ধান্ত লয় যে তেওঁ স্থায়ীভাৱে দলৰ নেতৃত্ব ল'বলৈ সাজু আছে । তেওঁ উল্লেখ কৰা মতে কিছু সময়ৰ পৰা তেওঁ ব্যক্তিগতভাৱে এই কাম কৰি আছে আৰু তেওঁৰ মতে তেওঁ সাজু । যদি তেওঁ সুযোগ পায় নিশ্চিতভাৱে নিখুঁতভাৱে এয়া কৰিবলৈ সাজু বুলিও শান্তোৱে উল্লেখ কৰে । বাংলাদেশক প্ৰতিযোগিতাখনত চাকিব আল হাছানে নেতৃত্ব দিছে যদিও অভিজ্ঞ অলৰাউণ্ডাৰগৰাকীয়ে পাকিস্তানত অনুষ্ঠিত হ'বলগীয়া ২০২৫ চনৰ চেম্পিয়নছ ট্ৰফীৰ বাহিৰেও দলটোৰ হৈ খেলা অব্যাহত ৰখাৰ সম্ভাৱনা নাই বুলি স্বীকাৰ কৰিছিল ।

চাকিবে দলটোৰ নেতৃত্ব ল'ব নোৱাৰিলে প্ৰথম বিশ্বকাপৰ অভিজ্ঞতাই তেওঁক যথেষ্ট সহায় কৰিব বুলিও আশাবাদী শান্তো । সুযোগ পালে কেনেদৰে উন্নতি কৰিব পাৰি সেয়া অনাগত দিনবোৰত মুখ্য লক্ষ্য হ'ব বুলিও তেওঁ উল্লেখ কৰে । কিন্তু তেওঁৰ আৰু বহুত শিকিবলৈ বাকী আছে বুলিও উল্লেখ কৰে ।

শান্তোৱে লগতে স্বীকাৰ কৰিছে যে বেটছমেনৰ পৰা বেটিং ক্ৰম সম্পৰ্কে কোনো অভিযোগ নাছিল । সকলোৱে বেটিং অৰ্ডাৰকলৈ সুখী আছিল । কিন্তু তেওঁ আশা কৰা মতে একে স্থানত বেটিং কৰা হ'লে হয়টো তেওঁ আৰু ভাল প্ৰদৰ্শন কৰিব পাৰিলেহেঁতেন ।

উল্লেখ্য যে বাংলাদেশে এই মাহৰ শেষৰ ফালে মাল্টি-ফৰ্মেট ভ্ৰমণৰ বাবে নিউজীলেণ্ড ভ্ৰমণ কৰিব । দলটোৱে ডিচেম্বৰত ৫০ অভাৰৰ মেচ খেলিব । কিন্তু শান্তোৰ মন্তব্যৰ পাছত লক্ষণীয় হ'ব তেওঁ দলটোক নেতৃত্ব দিব নে নিদিয়ে ?

লগতে পঢ়ক :ICC World Cup 2023 : বিশ্বকাপত ১০ টা দলৰ অভিযান, ৬ টা দলে সামৰিছে অভিযান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.