ETV Bharat / sports

Border Gavaskar Trophy: অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বৰ্ডাৰ গাভাস্কাৰ ট্ৰফী খেলিব নোৱাৰিব ঋষভে - ভাৰতৰ উইকেটকিপাৰ বেটছমেন ঋষভ পন্ত

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত ৯ ফেব্ৰুৱাৰীত আৰম্ভ হ'ব বৰ্ডাৰ গাভাস্কাৰ ট্ৰফী । ভাৰতে যোৱাবাৰ এই শৃংখলাটো দখল কৰিছিল । দুৰ্ঘটনাৰ বাবে ভাৰতৰ উইকেটকিপাৰ, বেটছমেন ঋষভ পন্টে(Cricketer Rishabh Pant) এই শৃংখলাত হয়তো খেলিব নোৱাৰিব ৷ এনে পৰিস্থিতিত ক্ৰিকেট বৰ্ডৰ বাছনি সমিতিৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হ'ব পন্টৰ স্থানত এজন নতুন উইকেটকিপাৰ, বেটছমেনক বাচনি কৰা ৷

Border Gavaskar Trophy
ভাৰতৰ উইকেটকিপাৰ, বেটছমেন ঋষভ পন্ত
author img

By

Published : Jan 1, 2023, 6:43 PM IST

স্পৰ্টছ ডেস্ক, 1 জানুৱাৰী: ফেব্ৰুৱাৰীত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া চাৰিখনীয়া টেষ্ট শৃংখলাত খেলিব নোৱাৰিব ভাৰতৰ উইকেটকিপাৰ, বেটছমেন ঋষভ পন্টে । উল্লেখ্য যে, শুকুৰবাৰে গাড়ী দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ভাৰতৰ তাৰকা খেলুৱৈ ঋষভ পন্ট(Rishabh Pant Car Accident) ৷ বিচিচিআই (বিচিচিআই)ৰ সূত্ৰসমূহৰ পৰা জানিব পৰা মতে এই দুৰ্ঘটনাৰ বাবে ঋষভ পন্ট অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া টেষ্ট শৃংখলাত খেলিব নোৱাৰিব ।

ইফালে দুৰ্ঘটনাত পন্টৰ আঘাত গুৰুতৰ হোৱাৰ বাবে তেওঁ সম্পূৰ্ণভাৱে সুস্থ হৈ উঠিবলৈও সময়ৰ প্ৰয়োজন হ’ব ৷ যাৰ বাবে হয়তো পণ্টে দীৰ্ঘদিনৰ বাবে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা বাহিৰ থাকিবলগীয়া হ’ব পাৰে ৷ এনে পৰিস্থিতিত ফেব্ৰুৱাৰীত ভাৰতত অনুষ্ঠিত হ'বলগীয়া চাৰিখনীয়া টেষ্টৰ শৃংখলাত উইকেটকিপাৰ বেটছমেন ঋষভ পন্টৰ স্থান কোনে ল'ব সেয়া বিচিচিআইয়ে শীঘ্ৰেই সিদ্ধান্ত ল'ব লাগিব ।

নতুন বাছনি সমিতিৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হ'ব বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ(Border Gavaskar Trophy) বাবে দুজন উইকেটকিপাৰ বেটছমেন বাছনি কৰা । বিচিচিআইয়ে কোনজন খেলুৱৈ টেষ্ট উইকেটকিপাৰৰ বাবে উপযুক্ত হ'ব সেয়া নিৰ্ণয় কৰিবলৈ ইতিমধ্যে প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৷ নাগপুৰত হ'বলগীয়া এই টেষ্ট শৃংখলাৰ বাবে বিচিচিআইয়ে এতিয়া পন্টৰ স্থানত কাক বাচনি কৰে, তাকে লৈ এতিয়া সকলোৰে মাজত উৎকন্ঠা বৃদ্ধি পাইছে ৷ বিচিচিআইয়ে উইকেটকিপাৰ উপেন্দ্ৰ যাদৱ আৰু ঈশান কিষাণৰ মাজত বাছনি কৰিব লাগিব ।

শুকুৰবাৰে পুৱা দিল্লীৰ পৰা ৰুৰকীলৈ যাত্ৰা কৰা সময়ত পণ্টৰ মাৰ্চিডিজ গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই এটা ডিভাইডাৰত খুন্দা মাৰে ৷ সম্প্ৰতি তেওঁ ডেৰাডুনৰ মেক্স হাস্পতালত চিকিৎসাধীন হৈ আছে । অৱশ্যে, তেওঁৰ এক্স-ৰে আৰু চিটি স্কেনত কোনো হাড় ভঙা তথা মগজু আৰু মেৰুদণ্ডত আঘাত পোৱা ধৰা পৰা নাছিল । কিন্তু তেওঁৰ আঁঠু আৰু গোৰোহাৰ কেইবাটাও লিগামেণ্ট ফাটি গৈছে ৷ যাৰ বাবে তেওঁ নিশ্চিতভাৱে দীঘলীয়া সময়ৰ বাবে ক্ৰিকেটৰ পৰা বাহিৰত থাকিবলগীয়া হ’ব ।

ভাৰতৰ উইকেটকিপাৰ, বেটছমেন ঋষভ পন্তক খেলপথাৰলৈ পুনৰ উভতি আহিবলৈ দুই মাহৰ পৰা ছমাহ সময় লাগিব পাৰে । বিচিচিআইৰ সূত্ৰৰ পৰা জানিব পৰা মতে, পণ্টৰ হাত-ভৰি একাধিক স্থানত যথেষ্ট ফুলি আছে ৷ তেওঁ গোৰোহা আৰু আঁঠুৰ এমআৰআই এতিয়ালৈ কৰা হোৱা নাই । তেওঁ অৱস্থা কিছু সুস্থিৰ হ’লে মুম্বাইলৈ লৈ অহা হ’ব ৷ মুম্বাইত তেওঁ ব’ৰ্ডৰ পেনেলৰ সদস্য ড৹ দিনেশ পাৰ্ডিৱালাৰ তত্বাৱধানত ৰখা হ’ব ।

ইফালে নতুন বাছনি সমিতিৰ ওচৰত তিনিটা বিকল্প থাকিব । ভাৰত A ৰ দুজন উইকেটকিপাৰ ভাৰত আৰু উপেন্দ্ৰ যাদৱ মূল দলত থাকিব অথবা বাওঁহাতীয়া উইকেটকিপাৰ বেটছমেন ঈশান কিষাণে দলটোত স্থান লাভ কৰিব ।

লগতে পঢ়ক: IPL 2023: কোন হ'ব দিল্লী কেপিটেলছৰ অধিনায়ক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.