ETV Bharat / sports

ভাৰতে পাকিস্তানত চেম্পিয়নছ ট্ৰফী নেখেলিলে ক্ষতিপূৰণ দাবী কৰিব পাক ক্ৰিকেট বোৰ্ডে

পাকিস্তানত অনুষ্ঠিত হ'বলগীয়া চেম্পিয়নছ ট্ৰফীৰ বাবে ভাৰতীয় দলটো পাকিস্তানলৈ নোযোৱাৰ সম্ভাৱনা আছে । পিচিবিয়ে এই সম্ভাৱনাৰ ওপৰত এক ডাঙৰ বিবৃতি দিছে । যদি ভাৰত পাকিস্তানলৈ নাযায়, তেন্তে পাকিস্তানে ক্ষতিপূৰণ দাবী কৰিব ।

author img

By ETV Bharat Assamese Team

Published : Nov 26, 2023, 10:47 PM IST

ভাৰতে পাকিস্তানত চেম্পিয়নছ ট্ৰফী নেখেলিলে ক্ষতিপূৰণ দাবী কৰিব পাক ক্ৰিকেট বোৰ্ডে
ভাৰতে পাকিস্তানত চেম্পিয়নছ ট্ৰফী নেখেলিলে ক্ষতিপূৰণ দাবী কৰিব পাক ক্ৰিকেট বোৰ্ডে

স্পৰ্টছ ডেস্ক, ২৬ নৱেম্বৰ : পাকিস্তান ক্ৰিকেট বোৰ্ডে (পিচিবি) আন্তৰ্জাতিক ক্ৰিকেট পৰিষদক ২০২৫ চনৰ চেম্পিয়নছ ট্ৰফীৰ আয়োজকৰ অধিকাৰৰ বাবে চুক্তি স্বাক্ষৰ কৰিবলৈ আহ্বান জনাইছে । লগতে এই কথাত জোৰ দিছে যে যদি ভাৰতে ৰাজনৈতিক আৰু নিৰাপত্তাজনিত কাৰণ উল্লেখ কৰি পাকিস্তান ভ্ৰমণ কৰিবলৈ অস্বীকাৰ কৰে, তেন্তে পিচিবিক ক্ষতিপূৰণ দিয়া উচিত ।

পাকিস্তান ক্ৰিকেট বোৰ্ডৰ এক নিৰ্ভৰযোগ্য সূত্ৰই দেওবাৰে পিটিআইক জনোৱা মতে, আইচিচিয়ে পাকিস্তানক প্ৰতিযোগিতাখনৰ আয়োজক হিচাপে বাছনি কৰিছে । কিন্তু এতিয়ালৈকে পাক ক্ৰিকেট বোৰ্ডৰ সৈতে আইচিচিয়ে কোনো আয়োজক চুক্তি স্বাক্ষৰ কৰা নাই । সূত্ৰটোৱে লগতে প্ৰকাশ কৰিছে যে পিচিবিৰ অধ্যক্ষ জাকা আশ্ৰফ আৰু চীফ অপাৰেটিং অফিচাৰ ছলমান নাছিৰে ২০২৫ চনৰ ফেব্ৰুৱাৰী-মাৰ্চত পাকিস্তানত চেম্পিয়নছ ট্ৰফী আয়োজনৰ বিষয়ে আলোচনা কৰিবলৈ আহমেদাবাদত আইচিচি কাৰ্যবাহী পৰিষদক সাক্ষাৎ কৰিছিল ।

"পাক ক্ৰিকেট বোৰ্ডৰ বিষয়াসকলে ভাৰতীয় ক্ৰিকেট বোৰ্ডৰ দলটো পুনৰ পাকিস্তানলৈ পঠিয়াবলৈ অস্বীকাৰ কৰাৰ সম্ভাৱনাৰ বিষয়ে আলোচনা কৰে । লগতে স্পষ্ট কৰি দিয়ে যে কোনো পৰিস্থিতিত আইচিচিয়ে প্ৰতিযোগিতাখনৰ ওপৰত একপক্ষীয় সিদ্ধান্ত লোৱা উচিত নহয় ।" সূত্ৰটোৱে লগতে কয় । আনহাতে, পিচিবিৰ বিষয়াসকলে আইচিচিক জনাইছে যে যদি ভাৰতে নিৰাপত্তাজনিত কাৰণত পাকিস্তানত খেলিবলৈ অস্বীকাৰ কৰে, তেন্তে বিশ্ব ক্ৰিকেট নিয়ন্ত্ৰক সংস্থাটোৱে এটা স্বতন্ত্ৰ সুৰক্ষা সংস্থা নিয়োগ কৰা উচিত ।

আনহাতে, পিচিবিয়ে কয় যে সংস্থাটোৱে ভাৰতৰ বাহিৰে আন অংশগ্ৰহণকাৰী দলৰ নিৰাপত্তা পৰিস্থিতি মূল্যায়ন কৰিবলৈ পাকিস্তান চৰকাৰ আৰু নিৰাপত্তা কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰিব পাৰে । সূত্ৰটোৱে কয়, "পিচিবিৰ বিষয়াসকলে কৈছে যে বিগত দুটা বছৰত কেইবাটাও শীৰ্ষ দলে কোনো নিৰাপত্তা ব্যৱস্থাৰ চিন্তা নকৰাকৈয়ে পাকিস্তান ভ্ৰমণ কৰিছে ।"

সূত্ৰটোৱে লগতে স্পষ্ট কৰি দিয়ে যে যদি ভাৰতে প্ৰতিযোগিতাখনৰ বাবে নিজৰ দল প্ৰেৰণ নকৰে আৰু নিজৰ মেচবোৰ আন এখন দেশত অনুষ্ঠিত হয়, তেন্তে আইচিচিয়ে ইয়াৰ বাবে পাকিস্তানক ক্ষতিপূৰণ দিব লাগিব । তেওঁ কয় যে পিচিবিৰ বিষয়াসকলে স্পষ্টকৈ কৈছে যে পাকিস্তান আৰু ভাৰতৰ চৰকাৰৰ মাজৰ সম্পৰ্কৰ পৰিপ্ৰেক্ষিতত নিৰাপত্তা আৰু ৰাজনৈতিক কাৰণত ভাৰতে পুনৰ পাকিস্তানত খেলাৰ পৰা আঁতৰি যোৱাৰ যথেষ্ট সম্ভাৱনা আছে ।

লগতে পঢ়ক :তিৰুৱন্তপুৰমত ভাৰত-অষ্ট্ৰেলিয়াৰ দ্বিতীয়খন T-20; অষ্ট্ৰেলিয়াৰ সন্মুখত 236 ৰাণৰ লক্ষ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.