ETV Bharat / sports

On this day in 2010 : তেণ্ডুলকাৰ হৈছিল এদিনীয়াত দ্বি-শতক অৰ্জনকাৰী প্ৰথমগৰাকী বেটছমেন - গোৱালিয়ৰৰ কেপ্তেইন ৰূপ সিং ষ্টেডিয়াম

মাষ্টাৰ ব্লাষ্টাৰ খ্যাত ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰ ৷ 2010 চনৰ 24 ফেব্ৰুৱাৰীৰ দিনটোতে এদিনীয়াত দ্বি-শতক অৰ্জনকাৰী প্ৰথমগৰাকী বেটছমেন হিচাপে কৃতিত্ব অৰ্জন (Tendulkar became first batter to score double century in ODIs) কৰিছিল ভাৰতীয় খেলুৱৈগৰাকীয়ে ৷ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে গোৱালিয়ৰৰ কেপ্তেইন ৰূপ সিং ষ্টেডিয়ামত অনুষ্ঠিত এক মেচৰ জৰিয়তে তেওঁ এই কৃতিত্ব অৰ্জন কৰে । মাত্ৰ 147 টা বলত 25 টা চাৰি আৰু 3 টা ছয়ৰ সহায়ত 200 ৰাণৰ অপৰাজিত ইনিংছ খেলিছিল ক্ৰিকেটাৰগৰাকীয়ে ৷

On this day in 2010: Tendulkar became first batter to score double century in ODIs
ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰ
author img

By

Published : Feb 24, 2022, 6:26 PM IST

স্প’ৰ্টছ ডেস্ক, 24 ফেব্ৰুৱাৰী : বিগত প্ৰায় 12 বছৰ পূৰ্বে আজিৰ দিনটোতে অনন্য কৃতিত্বৰ অধিকাৰী হৈছিল মাষ্টাৰ ব্লাষ্টাৰ খ্যাত ভাৰতীয় ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰ ৷ 2010 চনৰ 24 ফেব্ৰুৱাৰীৰ দিনটোতে এদিনীয়াত দ্বি-শতক অৰ্জনকাৰী প্ৰথমগৰাকী বেটছমেন হিচাপে কৃতিত্ব অৰ্জন (Tendulkar became first batter to score double century in ODIs) কৰিছিল ভাৰতীয় খেলুৱৈগৰাকীয়ে ৷

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে গোৱালিয়ৰৰ কেপ্তেইন ৰূপ সিং ষ্টেডিয়ামত অনুষ্ঠিত এক মেচৰ জৰিয়তে তেওঁ এই কৃতিত্ব অৰ্জন কৰে । মাত্ৰ 147 টা বলত 25 টা চাৰি আৰু 3 টা ছয়ৰ সহায়ত 200 ৰাণৰ অপৰাজিত ইনিংছ খেলিছিল ক্ৰিকেটাৰগৰাকীয়ে ৷

তেণ্ডুলকাৰে 2013 চনত আন্তৰ্জাতিক ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল ৷ কেৰিয়াৰৰ শেষলৈকে খেলুৱৈগৰাকীয়ে টেষ্ট আৰু এদিনীয়া দুয়োখন খেলতে সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী হিচাপে অভিলেখ অৰ্জন কৰে ৷ কেৱল এয়াই নহয়, আন্তৰ্জাতিক খেলত সৰ্বাধিক শতক অৰ্জনকাৰী হিচাপেও পৰিচিত হৈছে শচীন তেণ্ডুলকাৰ ৷

2019 চনত তেণ্ডুলকাৰ "আইচিচি হল অফ ফেম"ত অন্তৰ্ভুক্ত হোৱা ষষ্ঠগৰাকী ভাৰতীয় ৰূপে পৰিচিত হয় ৷ 48 বছৰীয়া খেলুৱৈগৰাকীয়ে মাত্ৰ 16 বছৰ বয়সতে ক্ৰিকেট জগতত আত্মপ্ৰকাশ কৰি দেশৰ জনপ্ৰিয় ক্ৰিকেটাৰ হিচাপে পৰিচয় লাভ কৰে ৷ তেওঁ বিভিন্ন ফৰ্মেটত 34,357 ৰাণ সংগ্ৰহ কৰিছিল ৷ তেণ্ডুলকাৰৰ পিছতে দ্বিতীয় স্থানত আছে শ্ৰীলংকাৰ প্ৰাক্তন ক্ৰিকেটাৰ কুমাৰ ছাংগাকাৰা ৷ দুয়োগৰাকী খেলুৱৈৰ মাজত ৰাণৰ ব্যৱধান প্ৰায় 6,000 ৷

আজিলৈকে মাত্ৰ 8 গৰাকী খেলুৱৈয়ে এদিনীয়া ক্ৰিকেটত 200 ৰ ঘৰ স্পৰ্শ কৰিবলৈ সক্ষম হৈছে ৷ শচীন তেণ্ডুলকাৰৰ পিছতে ভাৰতীয় বেটছমেন ৰোহিত শৰ্মাই তিনিবাৰকৈ দ্বি-শতক অৰ্জন কৰিছে ৷ তেওঁ এদিনীয়া ক্ৰিকেটত সৰ্বাধিক ব্যক্তিগত স্ক’ৰ অৰ্জন কৰাৰ অভিলেখো স্থাপন কৰিছে ।

তেওঁ 2014 চনত কলকাতাৰ ইডেন গাৰ্ডেনত শ্ৰীলংকাৰ বিৰুদ্ধে মাত্ৰ 173 টা বলত 264 ৰাণৰ ইনিংছ খেলিছিল । ইয়াৰ বিপৰীতে মাৰ্টিন গাপ্​টিলে 2015 চনৰ বিশ্বকাপত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে 237 ৰাণৰ ইনিংছ খেলি দ্বিতীয় সৰ্বাধিক ব্যক্তিগত স্ক'ৰ অৰ্জন কৰাৰ অভিলেখ স্থাপন কৰে ।

লগতে চাওক: আইনৰ কাষ চাপিছে ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.