ETV Bharat / sports

ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথম দুখন টেষ্টত নাথাকিব পাৰে মহম্মদ শ্বামী - Rohit Sharma

India England Test Series : ৰোহিত শৰ্মাৰ অধিনায়কত্বত টীম ইণ্ডিয়াই ২৫ জানুৱাৰীৰ পৰা ইংলেণ্ডৰ বিৰুদ্ধে পাঁচখন মেচৰ টেষ্ট শৃংখলাত অংশগ্ৰহণ কৰিব । কিন্তু শৃংখলাটোৰ পূৰ্বে ভাৰতীয় দলৰ অভিজ্ঞ বলাৰ মহম্মদ শ্বামী আঘাতৰ বাবে প্ৰথম দুখন মেচৰ পৰা বাহিৰ হোৱাৰ সম্ভাৱনাই দেখা দিছে ।

ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথম দুখন টেষ্টত নাথাকিব পাৰে মহম্মদ শ্বামী

author img

By ETV Bharat Assamese Team

Published : Jan 8, 2024, 3:57 PM IST

স্পৰ্টছ ডেস্ক, ৮ জানুৱাৰী : ২৫ জানুৱাৰীৰ পৰা ঘৰুৱা খেলপথাৰত ভাৰতে ইংলেণ্ডৰ বিৰুদ্ধে পাঁচখন মেচৰ টেষ্ট শৃংখলা খেলিবলৈ আগবাঢ়িছে । কিন্তু এই টেষ্ট শৃংখলাৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট দলটোৰ বাবে এক মোক্ষম আঘাত । ভাৰতীয় দলৰ নিৰ্ভৰযোগ্য পেচাৰ মহম্মদ শ্বামীৰ বিষয়ে এক ডাঙৰ খবৰ পোহৰলৈ আহিছে । প্ৰাপ্ত খবৰ অনুসৰি, ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথম দুখন টেষ্টত উপলব্ধ নহ'ব পাৰে মহম্মদ শ্বামী ।

  • Mohammed Shami likely to miss first 2 Tests against England.

    - Suryakumar Yadav set to undergo Hernia Surgery, recovery process is 8 to 9 weeks, likely to be fit for IPL. pic.twitter.com/iwZBs2eUDc

    — Irfan Shakir (@iamirfanshakir) January 8, 2024 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে সদ্য সমাপ্ত দুখন টেষ্ট শৃংখলাৰ বাবে মহম্মদ শ্বামীক দলত অন্তৰ্ভুক্ত কৰা হৈছিল । কিন্তু অন্তিম মুহূৰ্তত তেওঁক দলৰ পৰা বাদ দিয়া হয় । আঘাতৰ বাবে শ্বামীক দলৰ পৰা বাদ দিবলগীয়া হয় । তেওঁ গোৰোহাৰ আঘাতৰ সমস্যাত ভুগি আছে । আঘাতৰ পৰা তেওঁ এতিয়াও সম্পূৰ্ণৰূপে আৰোগ্য লাভ কৰা নাই । এনে পৰিস্থিতিত সংবাদ মাধ্যমৰ প্ৰতিবেদনত দাবী কৰা হৈছে যে ইংলেণ্ডৰ সৈতে প্ৰথম দুখন টেষ্ট মেচত শ্বামী দলৰ অংশ নহ'বও পাৰে ।

আনহাতে, শ্বামীয়ে এতিয়ালৈকে বলিং আৰম্ভ কৰা নাই । এনে পৰিস্থিতিত তেওঁ প্ৰথমে বেংগালুৰুৰ ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীলৈ যাব লাগিব আৰু দলটোত স্থান পাবলৈ তেওঁৰ ফিটনেছ পৰীক্ষা দিব লাগিব । তাত যদি তেওঁ ফিটনেছ পৰীক্ষাত উত্তীৰ্ণ হয়, তেন্তে তেওঁক ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ বাবে দলত নিৰ্বাচিত কৰা হ'ব । উল্লেখ্য যে শ্বামীয়ে অন্তিমবাৰ আইচিচি বিশ্বকাপ, ২০২৩-ত অংশগ্ৰহণ কৰিছিল । ছেমি ফাইনেল মেচখনত তেওঁ ৭ টা উইকেট দখল কৰিছিল ।

  • Providing injury updates for the Indian cricket team:

    "🏏 Injury Updates 🚑:
    - Mohammed Shami expected to sit out the first 2 Tests against England.
    - Suryakumar Yadav to undergo Hernia Surgery, with an 8-9 week recovery. Anticipating a return for the IPL. #Cricketpic.twitter.com/DVwcceZ6q7

    — Hemant ( Sports Active ) (@hemantbhavsar86) January 8, 2024 " class="align-text-top noRightClick twitterSection" data=" ">

আনহাতে, শ্বামীৰ উপৰি সূৰ্যকুমাৰ যাদৱৰ অসুস্থতাৰ বিষয়েও জানিব পৰা গৈছে । হাৰ্ণিয়াৰ সমস্যাত ভুগি তথা সূৰ্যই অস্ত্ৰোপচাৰৰ কৰিবলৈ ওলাইছে । তাৰ পৰা তেওঁ আৰোগ্য হ'বলৈ ৮-৯ সপ্তাহৰ প্ৰয়োজন হ'ব বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক :আফগানিস্তানৰ বিৰুদ্ধে টি-20 ছিৰিজত দললৈ উভতিল ৰোহিত শৰ্মা-বিৰাট কোহলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.