স্প’ৰ্টছ ডেস্ক, ১৭ জুন : প্ৰাক্তন ক্ৰিকেটাৰ তথা হায়দৰাবাদ ক্ৰিকেট এছ'চিয়েছন(Hyderabad Cricket Association)ৰ অধ্যক্ষ মহম্মদ আজহাৰউদ্দিন(Mohammad Azharuddin)ক বহিষ্কাৰ কৰা হ'ল এছ'চিয়েছনৰ পৰা । এছ'চিয়েছনৰ নিয়ম ভংগ কৰাৰ অভিযোগ উত্থাপন হৈছে আজহাৰউদ্দিনৰ বিৰুদ্ধে ।
হায়দৰাবাদ ক্ৰিকেট এছ'চিয়েছনৰ একাংশ সদস্যই অভিযোগ উত্থাপন কৰাৰ পিছতে কাৰণ দৰ্শাবলৈ নিৰ্দেশ দি তেওঁলৈ জাননী(Show-cause notice) জাৰি কৰে এপেক্স কাউন্সিলে । আজহাৰউদ্দিনৰ হায়দৰাবাদ ক্ৰিকেট এছ'চিয়েছনৰ সদস্যতা পদো বাতিল কৰা হয় ।
তেওঁলৈ জাৰি কৰা জাননীখনত উল্লেখ কৰা মতে, এছ'চিয়েছনৰ সদস্যসকলে উত্থাপন কৰা অভিযোগ সন্দৰ্ভত বিবেচনা কৰাৰ পাছত ১০ জুনত কাউন্সিলৰ বৈঠকত জাননী জাৰি কৰাৰ সিদ্ধান্ত লোৱা হয় । লগতে তদন্ত সম্পূৰ্ণ নোহোৱা পৰ্যন্ত আজহাৰউদ্দিনৰ হায়দৰাবাদ ক্ৰিকেট এছ'চিয়েছনৰ সদস্যতা বাতিল কৰা হৈছে ।
লগতে পঢ়ক: ইউৰো ২০২০: স্কটলেণ্ডৰ বিৰুদ্ধে পেত্ৰিক শ্চিকৰ দুটা গ’ল