ICC World Cup 2023 : বেংগালুৰুত কোহলীৰ বলিঙৰ যাদু, উৎফুল্লিত দৰ্শক - Kohli bowling
২০১৭ চনৰ পাছত এদিনীয়া ফৰ্মেটত পুনৰ বলিং কৰা দেখা গ'ল বিৰাট কোহলীক । নেদাৰলেণ্ডৰ অধিনায়কৰ উইকেট লৈ উৎফুল্লিত কিং কোহলী । ২৯০ খন মেচত কোহলীৰ এয়া আছিল পঞ্চমটো উইকেট ।
Published : Nov 13, 2023, 9:12 AM IST
স্পৰ্টছ ডেস্ক,১৩ নৱেম্বৰ : দীপাৱলীৰ দিনটোত অনুৰাগীসকলক আকৰ্ষণীয় উপহাৰ দিলে ভাৰতৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলীয়ে । কেৱল বেটিঙেৰে নহয় বলিঙৰ দ্বাৰাও বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামৰ দৰ্শকক আমোদ দিয়ে কিং কোহলীয়ে । প্ৰথমে বেটিঙেৰে সুন্দৰ অৰ্ধশতক আৰু তিনি অভাৰৰ বলিং স্পেলত এটা উইকেট লৈ পুনৰ এবাৰ নিজৰ শক্তি প্ৰদৰ্শন কৰিলে কোহলীয়ে ।
- " class="align-text-top noRightClick twitterSection" data="">
উল্লেখ্য যে, ক্ৰিকেট বিশ্বকাপৰ ছেমি ফাইনেলৰ পূৰ্বে অন্তিমখন লীগ মেচত ভাৰতে দেওবাৰে নেদাৰলেণ্ডছক ১৬০ ৰাণত পৰাস্ত কৰে । য'ত বিৰাট কোহলীৰ বিৰল উইকেট আৰু তিনি অভাৰৰ বলিং স্পেলো অন্তৰ্ভুক্ত আছে । প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে বৰ্ণনা কৰাৰ দৰে 'wrong footed in-swinging menace' কোহলীয়ে খেলখনত নিজৰ বলিং দক্ষতাও দেখুৱাবলৈ সক্ষম হয় ।
যেতিয়া অধিনায়ক ৰোহিত শৰ্মাই কোহলীৰ হাতত বল তুলি দিছিল এক প্ৰকাৰ এম চিন্নাস্বামী ষ্টেডিয়ামত দৰ্শকৰ চিঞৰত কঁপনি উঠিছিল । কিয়নো সচৰাচৰ কোহলীক এই চৰিত্ৰত দেখা নাপায় দৰ্শকসকলে । ২০১৭ চনৰ পাছত প্ৰথমবাৰৰ বাবে এনেদৰে এদিনীয়াত বলিং কৰা দেখা গৈছে কোহলীক । কেৱল বলিং কৰাই নহয় কোহলীয়ে খেলখনত এটা উইকেট দখল কৰিবলৈও সক্ষম হয় । উইকেট লাভৰ পাছতে পুনৰ এবাৰ ষ্টেডিয়ামত কোহলীৰ অনুৰাগীৰ মাজত ব্যাপক উছাহ দেখিবলৈ পোৱা যায় । লক্ষণীয়ভাৱে কোহলীয়ে ২০১৪ৰ পাছত এদিনীয়াত প্ৰথমটো উইকেট দখল কৰিবলৈ সক্ষম হয় । এদিনীয়া ফৰ্মেটত ২৯০ খন খেলত তেওঁৰ এয়া পঞ্চমটো উইকেট ।
কোহলীয়ে নেদাৰলেণ্ডৰ অধিনায়ক স্কট এডৱাৰ্ডছক ১৭ ৰাণত আউট কৰে । কোহলীয়ে খেলখনত ৩ অভাৰ বলিং কৰে আৰু ১৩ ৰাণ দি এটা উইকেট দখল কৰে ।
উল্লেখ্য যে নেদাৰলেণ্ডছৰ বিৰুদ্ধে খেলখনত ভাৰতে প্ৰথমে বেটিং কৰি ৪ উইকেটত ৪১০ ৰাণ সংগ্ৰহ কৰে । য'ত কোহলীয়ে ৫১ ৰাণৰ আকৰ্ষণীয় ইনিংছ খেলে । কোহলীয়ে ৫০ অভাৰৰ ফৰ্মেটত এতিয়ালৈ ৭১ টা অৰ্ধ শতক আৰু ৪৯ টা শতক কৰিছে ।
ইফালে চলিত বিশ্বকাপৰ ৯ খন মেচত ৫৯৪ ৰাণ কৰি কোহলী সম্প্ৰতি সৰ্বাধিক ৰাণ সংগ্ৰহকাৰীৰ তালিকাৰ শীৰ্ষত আছে । চলিত বিশ্বকাপত অপৰাজেয় ভাৰতে মুম্বাইত ২০১৯ চনৰ ৰানাৰ্ছ আপ নিউজীলেণ্ডৰ বিৰুদ্ধে ছেমি ফাইনেল খেলিব ।
লগতে পঢ়ক :Cricket World Cup 2023 : বিশ্বকাপত দ্ৰুততম শতক অৰ্জন কৰা ভাৰতীয় বেটছমেন ৰূপে পৰিগণিত কে এল ৰাহুল