ETV Bharat / sports

WPL Final 2023 : WPLৰ উদ্বোধনী সংস্কৰণৰ ফাইনেলত আজি মুম্বাইৰ সন্মুখত দিল্লী - Mumbai Indians to takes DC in WPL final

আজি বহু চৰ্চিত মহিলা প্ৰিমিয়াৰ লীগৰ ফাইনেল । ডব্লিউপিএলৰ উদ্বোধনী সংস্কৰণৰ ফাইনেলত মুম্বাই ইণ্ডিয়ানছ মুখামুখী হ'ব দিল্লী কেপিটেলছৰ (WPL final 2023) । পইণ্ট তালিকাত শীৰ্ষস্থান লাভ কৰাৰ বাবে দিল্লীয়ে পোনে পোনে ফাইনেল খেলাৰ যোগ্যতা অৰ্জন কৰাৰ বিপৰীতে ইউপি ৱাৰিয়ৰ্ছক এলিমিনেটৰত পৰাস্ত কৰি মুম্বাই ফাইনেলত উপনীত হৈছে । নিশ্চিতভাৱে আজিৰ ফাইনেলত অসমৰ ক্ৰিকেটপ্ৰেমীৰ দৃষ্টি থাকিব মুম্বাই দলটোলৈ । কিয়নো মুম্বাইত আছে অসম কন্যা জিণ্টিমণি কলিতা । ফাইনেলত জিণ্টিমণিয়ে খেলাৰ সুবিধা লাভ কৰে নে নকৰে তাৰ প্ৰতি এতিয়া সকলোৱে উদগ্ৰীৱ হৈ আছে ।

WPL 2023
WPL Final 2023
author img

By

Published : Mar 26, 2023, 12:33 PM IST

স্পৰ্টছ ডেস্ক, ২৬ মাৰ্চ : দেওবাৰে মুম্বাইৰ ব্ৰেব'ৰ্ণ ষ্টেডিয়ামত মহিলা প্ৰিমিয়াৰ লীগৰ (WPL 2023) উদ্বোধনী খিতাপ যুঁজত মুম্বাই ইণ্ডিয়ানছে দিল্লী কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব (WPL final between MI VS DC) । উল্লেখ্য যে এইবাৰৰ পৰা আৰম্ভ হোৱা ডব্লিউপিএলত দুয়োটা দলেই অতি সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছে । লীগ পৰ্যায়ত দিল্লী কেপিটেলছে ছয়টা জয় আৰু দুটা পৰাজয়েৰে মুঠ ১২ পইণ্ট লাভ কৰি পইণ্ট তালিকাৰ শীৰ্ষস্থানত অধিষ্ঠিত হয় আৰু ফাইনেললৈ পোনপটীয়াভাৱে যোগ্যতা লাভ কৰে ।

আনহাতে, সমসংখ্যক জয় আৰু পৰাজয়েৰে ১২ পইণ্টৰ সৈতে দ্বিতীয় স্থানত থকা মুম্বাই ইণ্ডিয়ানছে (দিল্লীৰ হাতত পৰাস্ত হোৱাৰ বাবে দ্বিতীয় স্থান) এলিমিনেটৰত তৃতীয় স্থানত থকা ইউপি ৱাৰিয়াৰ্জক ৭২ ৰাণত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে । দুয়োটা দলতেই আছে তাৰকা শক্তি আৰু ৰোমাঞ্চকৰ যুৱ প্ৰতিভাৰ এক মহান মিশ্ৰণ । যাৰ বাবে ফাইনেলত দুয়োটা দলৰে খেল অতি ৰোমাঞ্চকৰ হোৱাৰ সম্ভাৱনা আছে (WPL final 2023) ।

মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হৰমনপ্ৰীত কৌৰে পুৰুষ দলটোৰ অধিনায়ক ৰোহিত শৰ্মাৰ পদাংক অনুসৰণ কৰিবলৈ আগবাঢ়িছে (Mumbai Indians to takes DC in WPL final) । ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত (IPL) নিজৰ ফ্ৰেঞ্চাইজিক পাঁচটা খিতাপ প্ৰদান কৰিছে ৰোহিত শৰ্মাই । একেদৰে ডব্লিউপিএল খিতাপ জয়ে হৰমনপ্ৰীতৰ কেৰিয়াৰ অধিক উজলাই তোলাৰ পূৰ্ণ সম্ভাৱনা আছে । যাৰ দ্বাৰা মহিলা ক্ৰিকেট ইতিহাসত এটা নতুন যুগৰ আৰম্ভ কৰিব । হৰমনপ্ৰীতে এইবাৰৰ ডব্লিউপিএলত আঠটা ইনিংছত গড়ে 40 ৰাণকৈ তিনিটা অৰ্ধশতকেৰে 244 ৰাণ সংগ্ৰহ কৰিছে ।

মুম্বাই ইণ্ডিয়ানছৰ ক্ষেত্ৰত বিস্ফোৰক অপেনিং যুটি যাষ্টিকা ভাটিয়া (নখন মেচত 111 তকৈ অধিক ষ্ট্ৰাইক ৰেটত 210 ৰাণ) আৰু হেইলি মেথিউজৰ পৰা (9 খন মেচত 258 ৰাণ, এটা অৰ্ধশতক আৰু 127 তকৈ অধিক ষ্ট্ৰাইক ৰেটৰ সৈতে) এক সুন্দৰ আৰম্ভণি দলটোৱে নিশ্চিতভাৱে আশা কৰিব (Mumbai Indians vs Delhi Capitals WPL final) ।

মুম্বাই ইণ্ডিয়ানছৰ আটাইতকৈ ডাঙৰ শক্তি হৈছে দলটোত থকা অলৰাউণ্ডাৰ প্ৰতিভাৰ সমাবেশ । মেথিউৱে নিজৰ সুনাম অনুসৰি ভাল প্ৰদৰ্শন কৰাৰ উপৰি ১৩ টাকৈ উইকেট দখল কৰিছে । নাট স্কিভাৰ-ব্ৰাণ্টে (৯ খন মেচত ১৪৯.৪৫ ষ্ট্ৰাইক ৰেট আৰু দুটা অৰ্ধশতকেৰে ২৭২ ৰাণ আৰু ১০ উইকেট), এমেলিয়া কেৰে (ছয়টা ইনিংছত ১২৯.৮০ ষ্ট্ৰাইক ৰেটেৰে ১৩৫ ৰাণ আৰু ১৩ উইকেট) দলটোক ভাৰসাম্য আৰু বৈচিত্ৰ্য প্ৰদান কৰিছে, যিটো আন দলবোৰৰ বাবে ঈৰ্ষাৰ বিষয় । হিথাৰ গ্ৰাহাম, পূজা বস্ত্ৰকাৰ, ক্লো ট্ৰিয়ন, অমনজ্যোত কৌৰ আৰু হুমাইৰা কাজীক বেছিকৈ ব্যৱহাৰ কৰা হোৱা নাই যদিও তেওঁলোকৰ উপস্থিতিয়ে কিন্তু এমআইৰ উৎকৃষ্ট বেঞ্চ শক্তিৰ প্ৰমাণ ।

বেংগলৰ ২৭ বছৰীয়া স্পিনাৰ চাইকা ঈশাকে নখন মেচত ১৫ টা উইকেট লাভ কৰি বলিং তালিকাত দ্বিতীয় স্থান লাভ কৰে ৷ আজিৰ যুঁজত মুম্বাইৰ বাবে 'এক্স-ফেক্টৰ' হ'ব । এলিমিনেটৰত প্ৰথমবাৰৰ বাবে ডব্লিউপিএলৰ হেট্ৰিক লোৱা ইছি ৱাঙৰ ওচৰত 12 টা উইকেট আছে আৰু তেওঁ বেটিঙতো কিছু মূল্যৱান ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম ।

আনহাতে দিল্লী কেপিটেলছ মুম্বাইতকৈ অধিক শক্তিশালী নহ'লেও যিকোনো মুহূৰ্ততে বিস্ফোৰণ হ'বপৰা গোলাবাৰুদৰ দৰে এটা দল । অধিনায়ক মেগ লেনিং (১৪১.৫৫ ষ্ট্ৰাইক ৰেট আৰু দুটা অৰ্ধশতকেৰে আঠখন মেচত ৩১০ ৰাণ) আৰু শ্বোফালী বাৰ্মাৰ (১৮২.৫৭ ষ্ট্ৰাইক ৰেট আৰু দুটা অৰ্ধশতকেৰে আঠখন মেচত ২৪১ ৰাণ) প্ৰাৰম্ভিক যুটিটোৱে এককভাৱেই মেচ জয়ৰ সোৱাদ দিয়াইছে । তাৰ মাজতে কেতিয়াবা অনুসৰণ কৰা লক্ষ্য ১০ অ'ভাৰৰ ভিতৰতে সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ।

এই দুয়োগৰাকীৰ আক্ৰমণাত্মক প্ৰদৰ্শন আৰু শ্বট নিৰ্বাচনৰ পৰিসৰে দিল্লীক এটা শক্তিশালী বেটিং অৰ্ডাৰ প্ৰদান কৰিছে । মিডল-অৰ্ডাৰত দিল্লী কেপিটেলছত এনে বেটাৰ আছে যিয়ে যিকোনো পৰিস্থিতিতে 100 শতাংশতকৈ অধিক প্ৰদান আগবঢ়াবলৈ সক্ষম । জেমিমা ৰড্ৰিগছে (130.00 ষ্ট্ৰাইক ৰেটত ছয়টা ইনিংছত 117 ৰাণ) প্ৰায়ে তেওঁৰ দলটোক চমু কিন্তু গুৰুত্বপূৰ্ণ বৰঙনি আগবঢ়াইছে । এলিচ কেপচিও এক ৰোমাঞ্চকৰ প্ৰতিভা । ইংলেণ্ডৰ এইগৰাকী ১৮ বছৰীয়া অলৰাউণ্ডাৰে ইচ্ছামতে ছয় কোবাব পাৰে আৰু প্ৰয়োজনত তেওঁৰ অফ-ব্ৰেক স্পিন ব্যৱহাৰ কৰি ডাঙৰ উইকেটো লাভ কৰিব পাৰে । তেওঁ ছয়টা ইনিংছত ৩১.৮০ গড়ে ১৫৯ ৰাণ সংগ্ৰহ কৰিছে আৰু ছয়টা উইকেট লৈছে ।

মাৰিজান কাপ্পৰ অলৰাউণ্ড ক্ষমতা (১২৭.২০ ষ্ট্ৰাইক ৰেটত ছয়টা ইনিংছত ১৫৯ ৰাণ আৰু ৯ উইকেট) আৰু জেছ জোনাছেনে (পাঁচটা ইনিংছত ১৪৫.২৮ ষ্ট্ৰাইক ৰেটত ৭৭ ৰাণ আৰু আঠটা উইকেট) দলটোত যথেষ্ট বৰঙনি আগবঢ়ায় । দিল্লী কেপিটেলছৰ বলিং লাইন বেটিঙৰ দৰেই ৰোমাঞ্চকৰ । অলৰাউণ্ডাৰ কেপচি, কেপ, জোনাছেনে তেওঁলোকৰ বিপক্ষক যিকোনো মুহূৰ্তত ধৰাশায়ী কৰিব পৰা ক্ষমতা আছে । শিখা পাণ্ডে (১০ টা উইকেট), আমেৰিকা যুক্তৰাষ্ট্ৰৰ পেচাৰ তাৰা নৰিছ (৭ উইকেট) হৈছে উইকেটৰ প্ৰতি ক্ষুধাতুৰ বলাৰ ।

দিল্লী কেপিটেলছৰ স্পিন আক্ৰমণ প্ৰভাৱশালী হৈছে । শিখা, কাপ্প আৰু নৰিছে তেওঁলোকৰ ভিতৰত ২৬টা উইকেট লাভ কৰিছে । ৰাধা যাদৱ, পুনম যাদৱ, তিতাস সান্ধু আৰু অৰুন্ধতী ৰেড্ডীক বেছি ব্যৱহাৰ কৰা হোৱা নাই । কিন্তু তেওঁলোকৰ পক্ষত বহুতো বিকল্প মজুত আছে । ফলাফল যিয়েই নহওক, ক্ৰিকেটৰ অনুৰাগীসকলে এক ৰোমাঞ্চকৰ খেলৰ বাবে সাজু হৈছে । আনহাতে, ভৱিষ্যতে ডব্লিউপিএল এক ৰোমাঞ্চকৰ আৰু প্ৰত্যাশিত প্ৰতিযোগিতা হিচাপে পৰিগণিত হ'ব বুলি সম্পূৰ্ণ আশা কৰিব পাৰি ।

দল দুটা

মুম্বাই ইণ্ডিয়ানছ : হেইলি মেথিউছ, য়াষ্টিকা ভাটিয়া (উইকেটকীপাৰ), নাট চাইভাৰ-ব্ৰাণ্ট, হৰমনপ্ৰীত কৌৰ (অধিনায়ক), মেলি কেৰ, পূজা বস্ত্ৰকাৰ, ইছি ওয়ং, অমনজোত কৌৰ, হুমাইৰা কাজী, জিণ্টিমণি কলিতা, চাইকা ঈশাক, হিথাৰ গ্ৰাহাম, ক্লো ট্ৰিয়ন, ধাৰা গুজ্জৰ, নীলম বিষ্ট, প্ৰিয়ংকা বালা ।

দিল্লী কেপিটেলছ : মেগ লেনিং (অধিনায়ক), শ্বোফালী বাৰ্মা, জেমিমা ৰড্ৰিগছ, মাৰিজান কেপ, এলিচ কেপচি, জেছ জোনাছেন, অৰুন্ধতী ৰেড্ডী, তানিয়া ভাটিয়া (উইকেটকীপাৰ), ৰাধা যাদৱ, শিখা পাণ্ডে, পুনম যাদৱ, জাছিয়া আখটাৰ, লৰা হেৰিছ, তাৰা নৰিছ, মিন্নু মণি, অপৰ্ণা মণ্ডল, তিতাশ সাধু, স্নেহা দীপ্তি ।

লগতে পঢ়ক :World Boxing Championship 2023 : বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ছুইটী বোৰাৰ স্বৰ্ণ জয়

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.