ETV Bharat / sports

ICC U19 Women T20 World Cup : বিশ্বকাপ বিজয়ী ভাৰত কন্যা অৰ্চনা দেৱীৰ জীৱনৰ হৃদয়স্পৰ্শী কাহিনী - first U19 women T20 world cup

অৰ্চনা দেৱীৰ জীৱনৰ এক হৃদয়স্পৰ্শী কাহিনী । তেওঁ হৈছে উত্তৰ প্ৰদেশৰ দুই মহিলা ক্ৰিকেটাৰৰ মাজৰ এগৰাকী । আনগৰাকী ক্ৰিকেটাৰ সোনম যাদৱেও অনূৰ্ধ্ব 19 মহিলা টি-20 বিশ্বকাপৰ ফাইনেলত ভালদৰে জিলিকিছে (ICC U19 Women T20 World Cup) ।

Archana Devi
Archana Devi
author img

By

Published : Jan 30, 2023, 7:18 PM IST

স্পৰ্টছ ডেস্ক, ৩০ জানুৱাৰী : উত্তৰ প্ৰদেশৰ উন্নাও জিলাত এতিয়া চৌদিশে চলি আছে আনন্দ উদযাপন । কিয়নো এই উন্নাও জিলাৰে দুহিতা হৈছে অৰ্চনা দেৱী । কিন্তু কোন এই অৰ্চনা দেৱী ? কিহৰ বাবে এই উদযাপন ? আনহাতে, ফিৰোজাবাদৰ সোনম যাদৱৰ বাসগৃহৰো পৰিস্থিতি একেধৰণৰ । ইটিভি ভাৰতে আপোনালোকক জনাব ইয়াৰ আঁৰৰ কাহিনী । লগতে দিব তেওঁলোকৰ কৃতিত্বৰ প্ৰতিক্ৰিয়া । আগবঢ়াইছে আনন্দ আৰু বেদনাৰ কিছু কথা । উল্লেখ্য, আইচিচি অনূৰ্ধ্ব 19 মহিলা টি-20 বিশ্বকাপ বিজয়ী টীম ইণ্ডিয়াৰ সদস্যা হৈছে এই দুগৰাকী ভাৰতীয় সন্তান (ICC U19 Women T20 World Cup winner India) ।

অৰ্চনাই ২০০৮ চনতে কৰ্কট ৰোগত আক্ৰান্ত হোৱা পিতৃক হেৰুৱাইছিল (Archana Devi Indian U19 women T20 world cup squad) । তেওঁ সেই সময়ত নিচেই সৰু আছিল । আনহাতে, ২০১৭ চনত তেওঁৰ ভায়েকক হেৰুৱাইছিল সৰ্প দংশনত । ইটোৰ পিছত সিটো ট্ৰেজেডীৰে ভৰি পৰিছিল তেওঁৰ জীৱন । ইয়াৰ বিপৰীতে অৰ্চনাৰ মাতৃ সাবিত্ৰীয়ে তেওঁৰ জীয়াৰীৰ কেৰিয়াৰ গঢ়াৰ কামত মনোনিবেশ কৰিছিল । সাবিত্ৰীয়ে ক্ৰিকেট খেলপথাৰত নিজৰ কেৰিয়াৰ গঢ়ি তোলাত অৰ্চনাক সহায় আগবঢ়াবলৈ সংকল্পবদ্ধ হৈছিল । ইয়াৰ বিপৰীতে কিন্তু সাবিত্ৰীৰ এই সিদ্ধান্তক তেওঁৰ আত্মীয়সকলে সমালোচনা কৰিছিল (first U19 women T20 world cup) ।

সাবিত্ৰীক তেওঁৰ জীয়াৰীক 'ভুল পথ'লৈ পঠোৱাৰ বাবে দোষাৰোপ কৰা হৈছিল । তথাপিও ই কিন্তু সাবিত্ৰীক তেওঁৰ জীয়াৰীক কস্তুৰবা গান্ধী ছোৱালী বিদ্যালয়ত নামভৰ্তি কৰাত বাধা দিয়া নাছিল । বিদ্যালয়খন হৈছে তেওঁৰ জন্মগাঁও ৰতাই পূৰ্বাৰ পৰা 345 কিলোমিটাৰ দূৰৈত মোৰাদাবাদৰ ছোৱালীৰ বাবে এখন ব'ৰ্ডিং প্ৰতিষ্ঠান । ক্ৰীড়া ক্ষেত্ৰত অৰ্চনাৰ প্ৰস্তুতি ইয়াতেই আৰম্ভ হৈছিল আৰু তাৰ পৰা তেওঁ ঘূৰি চাবলগা হোৱা নাই (Women cricketer Archana Devi tragic life) ।

"বৰ্তমান পৰিস্থিতি সলনি হৈছে । আত্মীয়সকলে মোৰ কন্যাৰ কৃতিত্বক যথেষ্ট প্ৰশংসা কৰিছে । আমাৰ প্ৰতি মোৰ আত্মীয়সকলৰ মনোভাব সলনি হৈছে । আমাৰ ঘৰটো অতিথি আৰু আত্মীয়ৰে ভৰি আছে । আমি তেওঁলোকক আতিথ্য প্ৰদান কৰাৰ সময়ত স্থানৰ অভাৱৰ সন্মুখীন হৈছোঁ ।" হাঁহিৰে উচ্ছ্বসিত সাবিত্ৰীয়ে এনেদৰে কয় ।

উল্লেখ্য, তেওঁৰ স্বৰ্গগত স্বামী শিৱৰাম আৰু সৰু পুত্ৰ বুধিমান যদি থাকিলেহেঁতেন তেওঁলোকো সুখী হ'লহেঁতেন বুলি সাবিত্ৰীয়ে দোহাৰে । অৰ্চনাই বুধিমানৰ সৈতে ক্ৰিকেট খেলিছিল । এদিন অৰ্চনাই বলটো এটা জোপোহাৰ ফালে মাৰি পঠিওৱাত বুধিমানে বলটো আনিবলৈ জোপোহাৰ মাজত সোমায় । তাতেই লুকাই থকা এডাল সাপে তেওঁক কামোৰে । তাৰ পিছত মৃত্যুশয্যাত থকাৰ সময়ত তেওঁৰ অন্তিম ইচ্ছা আছিল- মাতৃয়ে যেন অৰ্চনাক এগৰাকী ভাল ক্ৰিকেটাৰ বনোৱাত চেষ্টাৰ কোনো ধৰণৰ ত্ৰুটি নকৰে । অৰ্চনাক এগৰাকী ক্ৰিকেটাৰ বনোৱাৰ প্ৰতিশ্ৰুতি গ্ৰহণৰ কথা ৰোমন্থন কৰি সাবিত্ৰীয়ে কয় ।

"পৰিয়ালৰ দুজন সদস্যৰ মৃত্যুৰ পিছত আমাৰ জীৱিকা উলিয়াবলৈ মোৰ বাবে কঠিন হৈ পৰিছিল । মোৰ স্বামীয়েই আছিল পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী । অলপমান মাটি আৰু আমাৰ দুগ্ধ ব্যৱসায়ৰ সহায়ত মই আমাৰ তিনিটা পৰিয়াল প্ৰতিপালন কৰিবলৈ সক্ষম হৈছিলোঁ ।" সাবিত্ৰীয়ে কয় ।

ইতিমধ্যে সমগ্ৰ গাঁওখনেই বিজয় উদযাপনত ব্যস্ত হৈ পৰিছে । ডিজে সংগীত বজাই ৰাস্তাত নাচি-বাগি মতলীয়া হৈছে সকলোৱে । 'ভাৰত মাতা কী জয়'ৰ শ্লোগান আকাশে-বতাহে বিয়পি পৰিছে । আনহাতে, ফিৰোজাবাদতো ৰাইজে ক্ৰিকেটাৰ সোনম যাদৱৰ কৃতিত্বৰ বাবে আতচবাজী ফুটাই বিজয় শোভাযাত্ৰা উলিয়ায় ।

নিজৰ জীয়াৰীৰ কৃতিত্বৰ সন্দৰ্ভত সোনমৰ মাতৃ গুড্ডি দেৱীয়ে কয়, "মোৰ কন্যাৰ কঠোৰ পৰিশ্ৰমৰ ফলাফল পোৱা গৈছে । আমি অত্যন্ত সুখী আৰু তেওঁক স্বাগতম জনোৱাৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছোঁ । মই তেওঁৰ কৃতিত্ববোৰ বৰ্ণনা কৰিবলৈ বা প্ৰশংসা কৰিবলৈ একো শব্দ বিচাৰি পোৱা নাই ।" আনহাতে, সোনমৰ পিতৃ মুকেশ যাদৱে কয়, "দেশ আৰু ৰাজ্যৰ বাবে সুনাম কঢ়িয়াই অনাৰ বাবে মোৰ জীয়াৰীক প্ৰথমতে আন্তৰিক অভিনন্দন জনাইছোঁ । আমি বহুত সুখী ।"

আনহাতে, তেওঁৰ জীয়াৰীৰৰ ক্ৰিকেটত প্ৰৱেশৰ বিষয়ে সোধাত মুকেশে কয়, "আমি এবাৰ খেলপথাৰৰ চাৰিওফালে ঘূৰি ফুৰিছিলোঁ । তেনে সময়ত তেওঁৰ সন্মুখলৈ অহা বলটো দলিয়াই দিছিল । কিন্তু তেওঁৰ থ্ৰো দেখাৰ পিছত খেলপথাৰত থকা প্ৰশিক্ষকজনে মোক সোনমক তেওঁৰ হাতত গতাই দিবলৈ কৈছিল । প্ৰথমতে মই তাৰ বিৰোধিতা কৰিছিলোঁ । কিন্তু তেওঁ পুনৰ অনুৰোধ কৰিছিল । তেওঁৰ দক্ষ প্ৰশিক্ষণতে সোনমক সাজু কৰি তোলা হৈছিল ।"

লগতে পঢ়ক :Adani Hindenburg Dispute : ভাৰতৰ ওপৰত পৰিকল্পিত আক্ৰমণ; হিণ্ডেনবাৰ্গক প্ৰত্যুত্তৰ আদানিৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.