ETV Bharat / sports

TATA IPL 2023 : আৰ চি বিৰ বৃহৎ জয়; 59 ৰাণতে অল আউট ৰাজস্থান - RCB won toss elected to bat first

অনাকাংক্ষিত পৰাজয়ৰ সন্মুখীন ৰাজস্থান ৰয়েলছ (RR vs RCB 2023)। ৰয়েলছ চেলেঞ্জাৰ্ছ বেংগালুৰুৱে 59 ৰাণত অল আউট কৰে ৰাজস্থান ৰয়েলছক ।

TATA IPL 2023
জয়পুৰত ৰাজস্থানৰ সন্মুখত বেংগালুৰু
author img

By

Published : May 14, 2023, 5:29 PM IST

Updated : May 15, 2023, 6:15 AM IST

স্পৰ্টছ ডেস্ক,১৪ মে' : আই পি এলৰ দেওবাৰৰ এখন খেলত প্ৰতিগৰাকী সমৰ্থকক সুখী কৰি তুলিলে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে । ৰাজস্থান ৰয়েলছক 59 ৰাণতs অল আউট কৰি বিজয় সাব্যস্ত কৰিলে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে । প্ৰথমে বেটিং কৰি বেংগালুৰুৱে 20 অভাৰত 5 টা উইকেট হেৰুৱাই 171 ৰাণ সংগ্ৰহ কৰে । অধিনায়ক ডু প্লেছিছে 55 আৰু মেক্সৱেলে 54 ৰাণৰ অনবদ্য ইনিংছ খেলে । অনুজ ৰাৱাটেও 29 ৰাণ কৰে (RR lost against RCB) ।

172 ৰাণৰ লক্ষ্য আগত লৈ বেটিং আৰম্ভ কৰা ৰাজস্থান ৰয়েলছে দ্বিতীয় ইনিংছৰ দ্বিতীয়টো বলতেই যশস্বী জয়ছোৱালৰ উইকেট হেৰুৱাই । তাৰ পাচতেই ধাৰাবাহিকভাৱে উইকেট হেৰুৱাবলৈ ধৰে ৰাজস্থানে । কেৱল জ ৰুটে ৰাণ আৰু হেটমেয়াৰে 35 ৰাণ কৰে । ইয়াৰ বাহিৰে কোনো এজন বেটছমেনে দহকৰ সংখ্যাত ৰাণ কৰিবলৈ সক্ষম নহল । 59 ৰাণতে অল আউট হয় ৰাজস্থান । এই বিজয়েৰে ৰাজস্থান ৰয়েলছক অতিক্ৰম কৰি পঞ্চম স্থানলৈ উন্নীত হল ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু (RCB won toss elected to bat first)।

টছৰ সময়ত ফাফ ডু প্লেচিছে কয় যে উইকেট শুকান দেখা গৈছে । হয়তো দ্বিতীয় ইনিংছত উইকেট লেহেমীয়া হ'ব । সেই কাৰণে আৰচিবিয়ে বেটিং কৰাৰ সিদ্ধান্ত লৈছে । খেলখনত জয়ী হোৱাটো দলটোৰ প্ৰধান উদ্দেশ্যে । তাৰ পাচত দলটোৱে নেট ৰান ৰেটৰ বিষয়েও চিন্তা কৰিব । আৰচিবিত দুটা পৰিৱৰ্তন কৰা হৈছে । পাৰনেল আৰু ব্ৰেছৱেলক দলত অন্তৰ্ভুক্ত কৰা হৈছে । হেজলউড আৰু হাছৰাঙ্গাক বিশ্ৰাম দিয়া হৈছে ।

একে সময়তে, ৰাজস্থান ৰয়েলছৰ অধিনায়ক সঞ্জুৱে কয় যে টছত জয়ী হ'লে তেওঁলোকেও প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত ল'লেহেঁতেন । খেলখনত জেম্পাক ব'ল্টৰ ঠাইত দলত অন্তৰ্ভুক্ত কৰা হৈছে । অৱশ্যে, দলটোৰ ওপৰত যথেষ্ট চাপ আছে বুলিও তেওঁ উল্লেখ কৰে । কিন্তু এই প্ৰতিযোগিতাখনত ১১ খন খেলৰ ভিতৰত ১০ খন দলটোৰ বাবে চাপপূৰ্ণ আছিল বুলিও সঞ্জু চেমছনে উল্লেখ কৰে ।

ৰাজস্থান ৰয়েলছৰ দল : যশস্বী জয়ছোৱাল, জছ বাটলাৰ, সঞ্জু চেমছন (অধিনায়ক), জ' ৰুট, ধ্ৰুৱ জুৰেল, চিমৰন হেটমেয়াৰ, ৰবিচন্দ্ৰণ অশ্বিন, এডাম জেম্পা, সন্দীপ শৰ্মা, কে এম আচিফ, যুজবেন্দ্ৰ চাহাল ।

ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ দল : বিৰাট কোহলী, ফাফ ডু প্লেচিছ (অধিনায়ক), মহিপাল লোমৰোৰ, গ্লেন মেক্সৱেল, অনুজ ৰাৱট, দিনেশ কাৰ্তিক (উইকেট কিপাৰ), হৰ্ষল পেটেল, মাইকেল ব্ৰেছৱেল, বিজয় কুমাৰ বৈচাখ, ৱেইন পাৰনেল, মহম্মদ চিৰাজ ।

লগতে পঢ়ক :Breaching IPL code of conduct : ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হেনৰিক ক্লাছেনক জৰিমনা

Last Updated : May 15, 2023, 6:15 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.