ETV Bharat / sports

KKR vs PKBS match report: পঞ্জাৱৰ বিৰুদ্ধে 5 উইকেটত জয়লাভ কলকাতাৰ - IPL 2023 KKR vs PKBS match

আই পি এলৰ সোমবাৰৰ মেচত কলকাতা নাইট ৰাইডাৰ্ছে পঞ্জাৱ কিংছক 5 উইকেটত পৰাস্ত কৰে (KKR vs PKBS match report) ৷ চাওক সম্পূৰ্ণ খবৰ-

KKR vs PKBS match report
KKR vs PKBS match report
author img

By

Published : May 9, 2023, 12:57 AM IST

নিউজ ডেস্ক, 8 মে’: কলকাতাৰ ইডেন গাৰ্ডেন ষ্টেডিয়ামত সোমবাৰে কলকাতা নাইট ৰাইডাৰ্ছ আৰু পঞ্জাৱ কিংছৰ মাজত এখন তীব্ৰ উত্তেজনা পূৰ্ণ খেল অনুষ্ঠিত হয় ৷ আই পি এলৰ এই মেচখনত কলকাতা নাইট ৰাইডাৰ্ছে পঞ্জাৱ কিংছক 5 উইকেটত পৰাস্ত কৰে ৷ জয়ৰ বাবে কলকাতাক প্ৰয়োজন আছিল 180 ৰাণৰ (KKR beats PKBS) ৷

টচত প্ৰথমে বেটিঙৰ সিদ্ধান্ত লয় পঞ্জাৱ কিংছৰ অধিনায়ক শিখৰ ধাৱনে ৷ নিৰ্ধাৰিত 20 অভাৰত 7 টা উইকেট হেৰুৱাই পঞ্জাৱ কিংছে সংগ্ৰহ কৰে 179 ৰাণ ৷ অধিনায়ক ধাৱনে 57, জিতেশ শৰ্মাই 21, শ্বাহৰুখ খানে 21, ঋষি ধাৱনে 19, হৰপ্ৰীত ব্ৰাৰে 17 ৰাণ কৰে ৷ কলকাতাৰ বৰুণ চক্ৰৱৰ্তীয়ে 3 টা আৰু হৰ্ষিত ৰাণাই 2 টা উইকেট দখল কৰে (IPL 2023 KKR vs PKBS match)৷

180 ৰাণৰ লক্ষ্য আগত লৈ বেটিং আৰম্ভ কৰা কলকাতা নাইট ৰাইডাৰ্ছ দলৰ অপেনাৰ জেচন ৰয়ে 37, অধিনায়ক নীতিশ ৰাণাই 51, আন্দ্ৰে ৰাছেলে 42, ৰিংকু সিঙে 21 ৰাণ কৰি দলৰ বিজয় নিশ্চিত কৰে ৷ এই বিজয়ৰ পিচত 10 পইন্টেৰে কলকাতা তালিকাৰ পঞ্চম স্থানলৈ উন্নীত হয় আৰু সপ্তম স্থানত থাকে পঞ্জাৱ কিংছ ৷ তালিকাৰ শীৰ্ষত আছে গুজৰাট টাইটানছ, দ্বিতীয় স্থানত চেন্নাই চুপাৰ কিংছ, তৃতীয় স্থানত লক্ষ্ণৌ ছুপাৰ জায়েন্টছ আৰু চতুৰ্থ স্থানত আছে ৰাজস্থান ৰয়েলছ (PKBS vs KKR match report) ৷

কলকাতা নাইট ৰাইডাৰ্ছ প্লেয়িং একাদশ: ৰহমানুল্লাহ গুৰবাজ (wk), ভেংকটেশ আয়েৰ, নীতিশ ৰানা (গ), ৰিংকু সিং, আন্দ্ৰে ৰাছেল, সুনীল নাৰিনে, শাৰদুল ঠাকুৰ, বৈভৱ অৰোৰা, হৰ্ষিত ৰানা, সূয়াশ শৰ্মা, বৰুণ চকাৰৱৰ্তী

অতিৰিক্ত খেলুৱৈ: জেছন ৰয়, অনুকুল ৰয়, এন জগদীচন, লকি ফাৰ্গুচন, কুলৱন্ত খেজৰোলিয়া, মনদ্বীপ সিং, টিম চাউথী, ডেভিদ উইজ, উমেশ যাদৱ, আৰ্য দেশাই

পঞ্জাৱ কিংছ প্লেয়িং একাদশ: প্ৰভসীমৰণ সিং, শিখৰ ধাৱন (গ), ভানুকা ৰাজাপাকছা, লিয়াম লিভিংষ্টন, জিতেশ শৰ্মা (wk), ছেম কাৰাণ, শ্বাহৰুখ খান, হৰপ্ৰীত ব্ৰাৰ, ঋষি ধাৱন, ৰাহুল চহৰ, আৰ্ষদীপ সিং

অতিৰিক্ত খেলুৱৈ: নাথান এলিছ, চিকন্দৰ ৰাজা, অথৰ্ব টাইডে, মোহিত ৰাথী, মেথিউ শ্বৰ্ট, শিৱম সিং, কাগিছ’ ৰাবাদা, হৰপ্ৰীত সিং ভাটিয়া, বাল্টেজ সিং, বিধৱথ কাবেৰাপ্পা, গুৰনূৰ ব্ৰাৰ

লগতে পঢ়ক: RR vs SRH match: ৰাজস্থানক 4 উইকেটত পৰাস্ত কৰিলে হায়দৰাবাদে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.