ETV Bharat / sports

RCB Vs KKR match: কলকাতাৰ 201 ৰাণৰ লক্ষ্য অতিক্ৰম কৰিব নোৱাৰিলে বেংগালুৰুৱে; 21 ৰাণত জয় কেকেআৰৰ

এখন ৰোমাঞ্চকৰ খেলত ঘৰুৱা খেলপথাৰত বেংগালুৰুক পৰাস্ত কৰিলে কলকাতাই ৷ 21 ৰাণত পৰাস্ত কোহলী বাহিনী (RCB Vs KKR match) ৷

author img

By

Published : Apr 26, 2023, 8:55 PM IST

Updated : Apr 27, 2023, 7:33 AM IST

RCB vs KKR live blog
RCB Vs KKR match

নিউজ ডেস্ক, 26 এপ্ৰিল: জেচন ৰয় আৰু অধিনায়ক নীতিশ ৰাণাৰ বিস্ফোৰক বেটিং তথা বৰুণ চক্ৰৱৰ্তীৰ দুৰ্দান্ত বলিঙৰ সাহয়ত শক্তিশালী ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে 21 ৰাণত জয়লাভ কৰিলে কলকাতা নাইট ৰাইডাৰ্ছে ৷ প্ৰথমে বেটিং কৰা কেকেআৰৰ অপেনাৰ জেচন আৰু জগদীশনে সুন্দৰ আৰম্ভণি কৰে (KKR beats RCB)৷

দুয়োজনে দলৰ স্ক’ৰ 9.2 অভাৰত 83 ৰাণ কৰাৰ সময়তে প্ৰথমে আউট হয় জগদীশন(27) ৷ তাৰ পাচতেই 56 ৰাণ কৰি পেভিলিয়নলৈ ওভতে জেচন ৷ কিন্তু ভেংকটেশ আয়াৰ আৰু নীতিশ ৰাণাই দলক একে গতিৰে আগুৱাই নিয়ে ৷ 48 ৰাণ কৰি নীতিশ ৰাণা আউট হোৱাৰ পাচত 31 ৰাণ কৰা আয়াৰো পেভিলিয়নমুখী হয় 17.4 অভাৰত ৷ নিৰ্ধাৰিত 20 অভাৰত 5 উইকেট হেৰুৱাই কেকেআৰে 200 ৰাণ সংগ্ৰহ কৰে (KKR Vs RCB match result) ৷

প্ৰত্যুত্তৰত আৰচিবিৰ হৈ বেটিং কৰিবলৈ অহা কোহলী আৰু ডু প্লেছিছে ঠিকেই আৰম্ভণি কৰে যদিও নিয়মিত উইকেট পতন তথা দুজনকৈ মিডল অৰ্ডাৰ বেটচমেনৰ দুৰ্বল প্ৰদৰ্শনৰ বাবে দলটো পৰাজয়ৰ সন্মুখীন হয় ৷ কেকেআৰৰ বৰুণ চক্ৰৱৰ্তীয়ে 3 টাকৈ উইকেট দখল কৰে (IPL 2023 Updates) ৷

আৰচিবিৰ অধিনায়কৰ দায়িত্ব পালন কৰা বিৰাট কোহলীয়ে 54 ৰাণ, লোমৰৰে 34 ৰাণ আৰু কাৰ্তিকে 22 ৰাণৰ বৰঙণি আগবঢ়াই যদিও বিজয়ী হ’বলৈ সক্ষম নহ’ল ৷ শ্বাহবাজ আৰু মেক্সৱেলৰ প্ৰদৰ্শন আছিল খুবেই হতাশজনক ৷ ডু প্লেছিছেও মাত্ৰ 17 ৰাণ কৰিয়েই আউট হয় ৷ 20 অভাৰত 8 উইকেট হেৰুৱাই 179 ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷

পইন্ট তালিকা-

চেন্নাই- 10

গুজৰাট- 10

ৰাজস্থান- 8

লক্ষ্ণৌ- 8

বেংগালুৰু- 8

পঞ্জাৱ- 8

কলকাতা- 6

মুম্বাই- 6

হায়দৰাবাদ- 4

দিল্লী- 4

ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু: বিৰাট কোহলী (C), ডু প্লেছিছ, শ্বাহবাজ আহমেদ, গ্লেন মেক্সৱেল, মহিপাল লোমৰোৰ, দিনেশ কাৰ্তিক (Wk), সুয়াশ প্ৰভুদেশাই, ৱানিন্দু হাচাৰাংগা, ডেভিড ৱিলি, বিজয়কুমাৰ বৈশক, হৰ্ষল পেটেল আৰু মহম্মদ চিৰাজ ।

কলকাতা নাইট ৰাইডাৰ্ছ: এন জগদীশন (Wk), জেচন ৰয়, ভেংকটেশ আয়াৰ, নীতিশ ৰাণা (C), ৰিংকু সিং, আন্দ্ৰে ৰাছেল, সুনীল নাৰিন, ডেভিড ৱিজ, বৈভৱ অৰোৰা, উমেশ যাদৱ আৰু বৰুণ চক্ৰৱৰ্তী ।

লগতে পঢ়ক: IPL 2023 MI Vs GT: মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে 55 ৰাণত জয়ী গুজৰাট টাইটানছ

Last Updated : Apr 27, 2023, 7:33 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.