ETV Bharat / sports

IPL 2023 LIVE UPDATE : LSG ৰ বিৰুদ্ধে অভাৱনীয় জয় GT ৰ; জয়ৰ নায়ক হাৰ্দিক আৰু মোহিত - IPL 2023 GT Vs LSG match updates

অতি কম ৰাণৰ টাৰ্গেট দিও সুন্দৰ বলিং প্ৰদৰ্শনৰ দ্বাৰা LSG ৰ বিৰুদ্ধে জয়লাভ GT ৰ ৷ বিজয়ৰ নায়ক হৈ পৰিল পাণ্ডিয়া আৰু মোহিত শৰ্মা (IPL 2023 LIVE UPDATE) ৷

IPL 2023 LIVE UPDATE
লক্ষ্ণৌৰ বিৰুদ্ধে টছত জয়ী হৈ বেটিং গুজৰাটৰ
author img

By

Published : Apr 22, 2023, 5:08 PM IST

Updated : Apr 22, 2023, 7:39 PM IST

স্পৰ্টছ ডেস্ক,২২ এপ্ৰিল : IPL 2023 ৰ আজিৰ প্ৰথমখন খেলত গুজৰাট টাইটানছৰ হাতত শোচনীয়ভাৱে পৰাস্ত হয় লক্ষ্ণৌ ছুপাৰ জায়েন্টছ ৷ 136 ৰাণৰ লক্ষ্যও অতিক্ৰম কৰিবলৈ সক্ষম নহ’ল পইন্ট তালিকাৰ দ্বিতীয় স্থানত থকা LSG ৷ আৰম্ভণিৰ পৰা অন্তিম অভাৰলৈকে খেলি দলক জয়ী কৰাবলৈ অধিনায়ক কে এল ৰাহুলে কৰা চেষ্টা অথলে গ’ল ৷ খেলখনৰ অন্তিম অভাৰটোৱে গোটে প্ৰেক্ষাপট সলনি কৰি দিয়ে (GT beats LSG by 7 runs) ৷

GT ৰ বাবে বিশেষ হৈ পৰিল খেলৰ অন্তিমটো অভাৰ ৷ বিজয়ৰ বাবে ৰাণ সংগ্ৰহ কৰিবলৈ গৈ LSG য়ে সেই অভাৰটোত চাৰিটাকৈ উইকেট হেৰুৱাই ৷ GT ৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়াই শেষৰ অভাৰৰ বাবে বলটো তুলি দিছিল মোহিত শৰ্মাৰ হাতত ৷ অধিনায়কৰ বিশ্বাসক সঁচা প্ৰতিপন্ন কৰি মোহিতে 4 জনকৈ খেলুৱৈক পেভিলিয়নলৈ পঠিয়াবলৈ সক্ষম হয় ৷ ইয়াৰে দুটা কেটচ্ আউট আৰু দুটা ৰাণ আউট (IPL 2023 GT Vs LSG match updates) ৷

GT য়ে প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত 20 অভাৰত 136 ৰাণৰ লক্ষ্য বান্ধি দিছিল LSG ক ৷ এই টাৰ্গেট IPL বাৰ T20 মেচৰ ক্ষেত্ৰত বৰ বিশেষ কঠিন টাৰ্গেট বুলি সাধাৰণতে গণ্য কৰা নহয় ৷ কিন্তু LSG য়ে সেই সামান্য টাৰ্গেটো অতিক্ৰম কৰিবলৈ সক্ষম নহ’ল ৷ অপেনাৰ ৰাহুল আৰু মেয়াৰ্ছে আৰম্ভণিতে সুন্দৰ প্ৰদৰ্শন কৰিছিল ৷ 24 ৰাণ কৰি মেয়াৰ্ছ আউট হোৱাৰ পাচত ক্ৰীজলৈ অহা ক্ৰুণাল পাণ্ডিয়াৰ বেটৰ পৰাও 23 ৰাণ আহে ৷ কিন্তু পাণ্ডিয়া আউট হোৱাৰ পাচতেই নিয়মিত গতিত LSG ৰ উইকেটৰ পতন ঘটে ৷ ৰাহুলে প্ৰথম অভাৰৰ পৰা অন্তিম অভাৰলৈকে খেলি 61 টা বলত 68 ৰাণ সংগ্ৰহ কৰে (LSG Vs GT match result) ৷

ৰাহুল ক্ৰীজত থকালৈকে LSG ৰ জয়ৰ আশা আছিল যদিও 19.2 অভাৰত মোহিত শৰ্মাৰ বলত কেটচ আউট হয় ৰাহুল ৷ ৰাহুলে 61 টা বলত 68 ৰাণ সংগ্ৰহ কৰে ৷ তাৰ পাচতেই বেটিং কৰিবলৈ অহা ষ্টইনিছেও প্ৰথম বলটো বাউণ্ডেৰীলৈ মাৰি পঠিয়াই যদিও মিলাৰে এটা সুন্দৰ কেটচ ধৰি ষ্টইনিছক পেভিলিয়নমুখী কৰে ৷ তাৰ পিচৰ দুটা বলত বাদোনি আৰু দীপক হুদাই 2 ৰাণ ল’বলৈ গৈ ৰাণ আউট হয় ৷ ফলত 7 ৰাণত পৰাস্ত হয় LSG (IPL 2023 live updates) ৷

ইফালে, ধীৰ গতিৰে ৰাণ কৰিলেও আজি GT ৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়াৰ প্ৰদৰ্শন আছিল লেখত ল’ব লগীয়া ৷ অপেনাৰ শুভমন গিল শূন্য ৰাণ আউট হোৱাৰ পিচত ঋদ্ধিমান সাহা আৰু পাণ্ডিয়াই সুন্দৰ বেটিং প্ৰদৰ্শনেৰে দলৰ স্ক’ৰ আগুৱাই নিয়ে ৷ 7 ৰাণ কৰি সাহা আউট হোৱাৰ পাচত অৱশ্যে LSG ৰ দৰেই নিয়মীয়া গতিত GT ৰ উইকেটৰ পতন ঘটে ৷ পাণ্ডিয়াই 50 টা বলত 66 ৰাণ কৰি দলৰ স্ক’ৰ 20 অভাৰত 135 কৰে ৷ ৰাণ কম হ’লেও বলিঙৰ ক্ষেত্ৰত GT য়ে নিজৰ প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হয় ৷ বিশেষকৈ শেষৰ অভাৰটোত মোহিত শৰ্মাৰ বলিং প্ৰদৰ্শন GT ৰ বিজয়ৰ মূল অংশীদাৰী হৈ পৰে ৷

Gujarat Titans Playing XI: ঋদ্ধিমান সাহা (উইকেট কিপাৰ), শুভমান গিল, হাৰ্দিক পাণ্ডিয়া (অধিনায়ক), বিজয় শংকৰ, অভিনৱ মনোহৰ, ডেভিড মিলাৰ, ৰাহুল তেৱাটিয়া, ৰাছিদ খান, মহম্মদ ছামী, নুৰ আহমেদ, মোহিত শৰ্মা ।

Lucknow Super Giants Playing XI: কে এল ৰাহুল (অধিনায়ক), কাইল মেয়াৰছ, দীপক হুডা, মাৰ্কাছ ষ্টইনিছ, ক্ৰুণাল পাণ্ডিয়া, নিকোলাছ পুৰাণ (উইকেট কিপাৰ), আয়ুষ বাডোনি, নবীন-উল-হক, অমিত মিশ্ৰা, আবেশ খান, ৰবি বিষ্ণৈ ।

লগতে পঢ়ক :MI Vs PBKS Match Preview : দুয়োটা দলৰ বাবে অতি প্ৰয়োজন ২ পইণ্ট

Last Updated : Apr 22, 2023, 7:39 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.