নিউজ ডেস্ক, 11 এপ্ৰিল: IPL 2023 ত ক্ৰমাগতভাৱে দুখন মেচত পৰাজয়বৰণ কৰাৰ পাচত মঙলবাৰে প্ৰথমটো জয়ৰ সোৱাদ লাভ কৰিলে মুম্বাই ইণ্ডিয়ানছে । কিন্তু আকৌ এবাৰ পৰাজয়ৰ গ্লানি সহিব লগীয়া হ'ল দিল্লী কেপিটেলছে । অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত খেলখন হাই প্ৰফাইল নাছিল যদি দুটা দলৰ বাবে গুৰুত্বপূৰ্ণ আছিল । কিন্তু খেলি থকা দল দুটাৰ বাবে সমানেই গুৰুত্বপূৰ্ণ আছিল নিজৰ সন্মান বচাবৰ বাবে । কিয়নো এইখন খেলতে DC আৰু MI ৰ ভিতৰত এটা দলে লাভ কৰে IPL2023 ত প্ৰথমটো জয়ৰ সোৱাদ । লক্ষ্যণীয়ভাৱে দুয়োটা দলেই ইয়াৰ আগলৈকে জয় কৰা নাছিল এখনো মেচ (Mumbai Indians vs Delhi Capitals match) ।
টচত জিকি প্ৰথমে বলিঙৰ সিদ্ধান্ত গ্ৰহণ কৰে MI ৰ অধিনায়ক ৰোহিত শৰ্মাই । DC য়ে নিৰ্ধাৰিত 20 অভাৰত 172 ৰাণৰ লক্ষ্য বান্ধি দিয়ে MI ক । MI ৰ হৈ বেটিং কৰিবলৈ আহে ঈশান আৰু ৰোহিত । দুয়োৱেই বিস্ফোৰক আৰম্ভণি কৰে । 26 টা বলত 31 ৰাণ কৰি ঈশান আউট হোৱাৰ পাচত বেটিং কৰিবলৈ অহা তিলক বাৰ্মায়ো মাৰমুখী বেটিং আৰম্ভ কৰে । 41 ৰাণ কৰি বাৰ্মা আউট হোৱাৰ পাচত সূৰ্যকুমাৰ যাদবো ৰাণ নকৰাকৈয়ে আউট হয়। ডেভিদ আৰু ৰোহিতে লক্ষ্য খেদি বেটিং কৰি যায় । 45 বলত 65 ৰাণ কৰি ৰোহিত আউট হোৱাৰ পাচত গ্ৰীণ আৰু ডেভিদে দলক জয়ী কৰায় (IPL 2023 MI vs DC live)।
ইয়াৰ পূৰ্বে বেটিং কৰি ৱাৰ্ণাৰ আৰু শ্বৱে সুন্দৰ আৰম্ভণি কৰে । 15 ৰাণ কৰি শ্ব আউট হোৱাৰ পাচত মনিষ পাণ্ডেয়েও 18 টা বলত 26 ৰাণ কৰি আউচ হয় । তাৰ পাচতে তিনিটা উইকেট ক্ৰমান্বয়ে যায় । ৱাৰ্ণাৰে অক্ষৰ পেটেলৰ সৈতে মিলি দলৰ স্কৰ আগুৱাই নিয়ে । কিন্তু দুয়ো আউট হোৱাৰ পাচতে বাকী কেইটা উইকেটো সোনকালেই যায় । 19.4 অভাৰত 172 ৰাণত অল আউট হয় DC (IPL 2023 live) ।
লগতে পঢ়ক: IPL 2023 LSG Vs RCB: 1 টা বল 1 ৰাণ 1টা উইকেটৰ উৎকণ্ঠা; LSG ৰ জয়