নিউজ ডেস্ক, 20 এপ্ৰিল: IPL 2023 ৰ আন এখন খেলত আজি মুখামুখি হৈছে দিল্লী কেপিটেলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছ ৷ দিল্লী কেপিটেলছৰ অধিনায়ক ডেভিদ ৱাৰ্ণাৰে টছত জয়ী হৈ প্ৰথমে বেটিঙৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ বৰষুণৰ বাবে এঘণ্টা পলমকৈ অনুষ্ঠিত হয় মেচখন । IPL 2023 ত প্ৰথমখন খেলত জয়ৰ সোৱাদ পালে দিল্লী কেপিটেলছে । অধিনায়ক ডেভিড ৱাৰ্ণাৰৰ 57 ৰাণৰ সহায়ত কলকাতাৰ বিৰুদ্ধে জয়লাভ কৰে দিল্লীয়ে। মনীষ পাণ্ডেয়ে 21 আৰু অক্ষৰ পেটেলে 19 ৰাণৰ বৰঙণি আগবঢ়ায়। এই জয়ৰ দ্বাৰা সন্মান ৰক্ষা হ'ল দিল্লীৰ (Delhi Capitals vs Kolkata Knight Riders) ৷
KKR ৰ দুৰ্বল বেটিং প্ৰদৰ্শনৰ বিপৰীতে আজিৰ খেলখনত DC ৰ বলিঙ প্ৰদৰ্শন আছিল আকৰ্ষণীয় ৷ যি KKR দলক 127 ৰাণত অল আউট কৰিবলৈ সক্ষম হয় ৷ KKR ৰ অপেনাৰ জেচন ৰয়ে 39 টা বলত 43 ৰাণ আৰু আন্দ্ৰে ৰাছেলে সপ্তম স্থানত বেটিং কৰিবলৈ আহি 31 টা বলত 38 ৰাণ কৰাৰ বাহিৰে কোনো এজন খেলুৱৈয়ে সন্তুষজনক বেটিং কৰা দেখা নগ’ল ৷ প্ৰথমৰ পৰাই বেটিং বিপৰ্যয় ঘটা KKR দলে মাত্ৰ 128 ৰাণৰহে লক্ষ্য বান্ধি দিয়ে ৷ যাৰ পৰিপ্ৰেক্ষিতত DC য়ে আজি IPL 2023 ৰ প্ৰথমখন খেলত জয়ৰ সোৱাদ লাভ কৰিব বুলি ধাৰণা কৰা হৈছে (KKR Vs Delhi match) ৷
নীতিশ ৰাণা: ক’ভিডৰ বাবে আমি ৩ বছৰৰ পিচত খেলিছো । প্ৰতিটো ক্ষেত্ৰতে নতুন অনুভৱ হৈছে । আমাৰ দলত চাৰিটা পৰিৱৰ্তন ঘটোৱা হৈছে । মনত ৰাখিবলৈ কঠিন । যদি আমি একক হিচাপে খেলোঁ । আমাক পৰাস্ত কৰাটো কঠিন হ'ব লাগে (DC vs KKR live blog) ।
ডেভিদ ৱাৰ্ণাৰ: আমি প্ৰথমে বলিঙৰ সিদ্ধান্ত লৈছোঁ । প্ৰতিকূল বতৰৰ পৰিপ্ৰেক্ষিতত আমি নাজানো খেলখন কেনে ধৰণৰ হ’ব । আমি বলৰ সৈতে শৃংখলাবদ্ধ হোৱা নাই । আমাৰ দলত দুটা পৰিৱৰ্তন আছে (Delhi Capitals vs Kolkata Knight Riders match)।
দিল্লী কেপিটেলছ: ডেভিদ ৱাৰ্ণাৰ (C), ফিলিপ চল্ট (Wk), মিচেল মাৰ্শ্ব, মনীষ পাণ্ডে, অক্ষৰ পেটেল, আমান হাকিম খান, ললিত যাদৱ, কুলদীপ যাদৱ, অনৃখ নৰ্টজে, ইশান্ত শৰ্মা, মুকেশ কুমাৰ (IPL live blog) ।
কলকাতা নাইট ৰাইডাৰ্ছ: নীতিশ ৰাণা (C), ভেংকটেশ আয়াৰ, লিটন দাস (Wk), জেচন ৰয়, সুনীল নাৰিন, ৰিংকু সিং, মনদীপ সিং, আন্দ্ৰে ৰাছেল, বৰুণ চক্ৰৱৰ্তী, উমেশ যাদৱ, কুলৱন্ত খেজৰোলিয়া (DC Vs KKR match updates) ।
উল্লেখ্য যে, বৰ্তমানলৈকে 5খন খেলৰ 2 খনত জয়ী আৰু 3 খনত পৰাস্ত হৈ পইন্ট তালিকাৰ অষ্টম স্থানত আছে KKR ৷ আনহাতে, 5 খন খেলৰ এখনতো জয়ী হ’বলৈ সক্ষম নোহোৱা DC পইন্ট তালিকাৰ একেবাৰে শেষত আছে (IPL 2023 point table) ৷
লগতে পঢ়ক: TATA IPL 2023 : RCB ৰ 24 ৰাণত জয়; 150 ৰাণত অল আউট PBKS