ETV Bharat / sports

CSK Vs SRH match: কনৱে’ৰ বেটিং বিস্ফোৰণ তথা জাদেজাৰ স্পীনৰ যাদুৰে হায়দৰাবাদৰ বিৰুদ্ধে জয়লাভ চেন্নাইৰ

author img

By

Published : Apr 21, 2023, 8:40 PM IST

Updated : Apr 22, 2023, 12:29 AM IST

IPL 2023 ৰ এখন খেলত CSK ৰ হাতত পৰাস্ত হয় SRH ৷ চেন্নাইৰ বাবে জয়ৰ নায়ক হৈ পৰে অপেনাৰ কনৱে’ আৰু বলাৰ জাডেজা (Chennai Super Kings vs Sunrisers Hyderabad) ৷

CSK Vs SRH match
Chennai Super Kings vs Sunrisers Hyderabad

নিউজ ডেস্ক, 21 এপ্ৰিল: শুকুৰবাৰে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ এখন মেচত চেন্নাই ছুপাৰ কিংছে ছানৰাইজাৰ্ছ হায়দৰাবাদক ৭ উইকেটত পৰাস্ত কৰে ৷ ডেভন কনৱেই অপেনিং পাৰ্টনাৰ ৰুতুৰাজ গাইকৱাডৰ সৈতে প্ৰথমে ৮৭ ৰান সংগ্ৰহ কৰে । ১৩৪ ৰাণৰ লক্ষ্য অনুসৰণ কৰি নিউজিলেণ্ডৰ এইগৰাকী খেলুৱৈয়ে অপৰাজিতভাৱে ৫৭ বলত ৭৭ ৰান কৰাৰ বিপৰীতে গাইকৱাডে ৩০টা বলত ৩৫ ৰান সংগ্ৰহ কৰে ৷ এম চিদাম্বৰম ষ্টেডিয়ামত চি এছ কেয়ে ১৮.৪ অভাৰত ৩ উইকেটত ১৩৮ ৰাণ সংগ্ৰহ কৰে (Chennai Super Kings vs Sunrisers Hyderabad)।

ইয়াৰ পূৰ্বে ভাৰতৰ স্পিনাৰ ৰবীন্দ্ৰ জাদেজাই তিনিটা গুৰুত্বপূৰ্ণ উইকেট দখল কৰি হায়দৰাবাদক কম স্ক’ৰত সীমাবদ্ধ কৰি ৰাখে । জাদেজাই অ’পেনাৰ অভিষেক শৰ্মা (৩৪), ৰাহুল ত্ৰিপাঠী (২১) আৰু মায়ংক আগৰৱাল (২)ক আউট কৰে ৷ ৩৪ বছৰীয়া খেলুৱৈজন নিজৰ চাৰি অভাৰত ৩/২২ৰ সংখ্যাৰে নিজৰ দলৰ বাবে সৰ্বাধিক সফল বলাৰ হিচাপে পৰিগণিত হয় (IPL match live updates) ।

থোৰতে স্ক’ৰ-

ছানৰাইজাৰ্ছ হায়দৰাবাদ: ২০ অভাৰত ১৩৪/৭ (অভিষেক শৰ্মা ৩৪, ৰাহুল ত্ৰিপাঠী ২১; ৰবীন্দ্ৰ জাদেজা ৩/২২, মথিশা পথিৰানা ১/২২)।

চেন্নাই ছুপাৰ কিংছ: ১৮.৪ অভাৰত ৩ উইকেটত ১৩৮ ৰান (ডেভন কনৱে ৭৭, ৰুতুৰাজ গাইকৱাদ ৩৫; মায়ংক মাৰ্কাণ্ডে ২/২৩)।

শুকুৰবাৰে চেন্নাইত অনুষ্ঠিত হোৱা আই পি এলৰ মেচখনত চেন্নাই ছুপাৰ কিংছৰ স্পিন বলাৰ বিশেষকৈ ৰবীন্দ্ৰ জাডেজাই এক চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়াই আলহী দলটোক ৭ উইকেটত ১৩৪ ৰানত সীমাবদ্ধ কৰি ৰাখে ৷ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বেটছমেনসকলৰ বাবে ই ট্ৰাইল বাই স্পিন আছিল । চি এছ কেৰ হৈ জাদেজাই ২২ ৰাণত ৩ টা উইকেট সংগ্ৰহ কৰি শ্ৰেষ্ঠ বলাৰ হিচাপে পৰিগণিত হয় ৷ আনহাতে অভিষেক শৰ্মা (৩৪) ছানৰাইজাৰ্ছৰ হৈ সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী আছিল (CSK Vs SRH match) ।

হেৰী ব্ৰুক (১৮) আৰু শৰ্মাৰ মাজত প্ৰথম উইকেটত ৩৫ ৰানৰ পাৰ্টনাৰশ্বিপ গঢ় লয় আৰু শৰ্মা আৰু ৰাহুল ত্ৰিপাঠী (২১)ৰ মাজত দ্বিতীয় উইকেটত ৩৬ ৰান সংগ্ৰহ কৰাৰ পাচতো হায়দৰাবাদৰ বেটছমেনসকল স্তব্ধ হৈ পৰে ৷ চি এছ কেৰ স্পিনাৰসকলে হায়দৰাবাদক কম ৰাণত বান্ধি ৰখাৰ দায়িত্ব লয় । চি এছ কে স্পিনাৰৰ বিৰুদ্ধে এক প্ৰকাৰ সংগ্ৰাম কৰি হায়দৰাবাদৰ বেটছমেনসকলে স্ক’ৰ আগুৱাই নিব নোৱাৰাৰ বাবে মিডল অৰ্ডাৰত কোনো উল্লেখযোগ্য পাৰ্টনাৰশ্বিপ দেখা নগ’ল (Chennai vs Hyderabad live blog) ।

ছানৰাইজাৰ্ছ হায়দৰাবাদ (প্লেয়িং একাদশ): হেৰী ব্ৰুক, মায়ংক আগৰৱাল, ৰাহুল ত্ৰিপাঠী, আইডেন মাৰ্কৰাম(C), হাইনৰিচ ক্লাচেন(Wk), অভিষেক শৰ্মা, ৱাশ্বিংটন সুন্দৰ, মাৰ্কো জান্সেন, ভুৱনেশ্বৰ কুমাৰ, মায়ংক মাৰ্কাণ্ডে, উমৰাণ মালিক

এছ আৰ এইচৰ বিকল্প খেলুৱৈ : টি নটৰাজন, বিভ্ৰান্ত শৰ্মা, গ্লেন ফিলিপছ, মায়ংক ডাগাৰ, সনবীৰ সিং

চেন্নাই ছুপাৰ কিংছ (প্লেয়িং একাদশ): ৰুতুৰাজ গাইকৱাদ, ডেভন কনৱে, অজিংক্য ৰাহানে, শিৱম ডুবে, মইন আলী, ৰবীন্দ্ৰ জাডেজা, এম এছ ধোনী(W/C), মহীশ থিকছানা, তুষাৰ দেশপাণ্ডে, আকাশ সিং, মথিশা পাথিৰানা

চি এছ কেৰ বিকল্প খেলুৱৈ : অম্বতি ৰায়ুডু, শ্বেইখ ৰছিদ, এছ সেনাপতি, ডুৱাইন প্ৰেটৰিয়াছ, আৰ হাংগাৰগেকাৰ

লগতে পঢ়ক: IPL 2023 Live updates: KKR ৰ বিৰুদ্ধে 4 উইকেটত জয়ী DC

Last Updated : Apr 22, 2023, 12:29 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.