নিউজ ডেস্ক, 14 এপ্ৰিল: IPL 2023 ৰ পূৰ্বৰ খেলখনত চমক সৃষ্টিকাৰী বিজয়ৰ পাচত আজি ছানৰাইজাৰ্ছ হায়দৰাবাদৰ সৈতে হোৱা খেলখনত 23 ৰাণত পৰাজয় বৰণ কৰে কলকাতা নাইট ৰাইডাৰ্ছে ৷ হায়দৰাবাদে নিৰ্ধাৰণ কৰি দিয়া 229 ৰাণৰ লক্ষ্য আগত লৈ খেল আৰম্ভ কৰা কলকাতা দলে 20 ৰাণতে হেৰুৱাই গুৰবাজ, ভেংকটেশ আৰু সুনীল নিৰনৰ উইকেট ৷ কিন্তু তাৰ পাচতেই খেলৰ গতি সলনি কৰে জগদীশন আৰু অধিনায়ক নীতিশ ৰাণাই ৷ 21 বলত 36 ৰাণ কৰি আউট হয় জগদীশন ৷ আন্দ্ৰে ৰাছেলো 3 ৰা কৰিয়েই পেভিলিয়নমুখী হয় (SRH Vs KKR match updates) ৷
গুজৰাটৰ বিৰুদ্ধে অন্তিম অভাৰত 5 টা ছিক্সাৰ মাৰি দলক জয়ী কৰোৱা ৰিংকু সিঙে আজিও বিস্ফোৰক বেটিং কৰে ৷ কিন্তু ধিনায়ক ৰাণাৰ 75 ৰাণৰ ইনিংছটোৰ কথাও উল্লেখ কৰিব লাগিব ৷ 41 টা বল খেলি ৰাণাই 5 টা বাউণ্ডেৰী আৰু 6 টা অভাৰ বাউণ্ডেৰী কোবাই 75 ৰাণ কৰে ৷ ৰিংকুৱে 31 টা বলত 4 টা বাউণ্ডেৰী আৰু 4 টা অভাৰ বাউণ্ডেৰী কোবাই 58 ৰাণ কৰি নট আউট হৈ থাকে ৷ কিন্তু 20 অভাৰত 7 টা উইকেট হেৰুৱাই মাত্ৰ 205 ৰাণহে কৰিবলৈ সক্ষম হয় কলকাতাই ৷ ফলত 23 ৰাণত পৰাস্ত হয় দলটো (IPL SRH Vs KKR match) ৷
ইয়াৰ পূৰ্বে টচত জিকি প্ৰথমে বলিঙৰ সিদ্ধান্ত গ্ৰহণ কৰে কলকাতা দলে ৷ অপেনাৰ হেৰী ব্ৰুক আৰু দ্বিতীয় স্থানত বেটিং কৰিবলৈ অহা এইডেন মাৰ্ক্ৰামৰ বিস্ফোৰক বেটিঙৰ সহায়ত নিৰ্ধাৰিত 20 অভাৰত উইকেট হেৰুৱাই 230 ৰাণ সংগ্ৰহ কৰে SRH দলে (IPL SRH Vs KKR match updates) ৷
প্ৰথমাৱস্থাত মায়াংক আগৰৱাল আৰু ৰাহুল ত্ৰিপঠী সোনকালেই আউট হয় যদিও ব্ৰুক আৰু মাৰ্ক্ৰামে বিস্ফোৰক বেটিঙেৰে KKR ৰ বলাৰক দিশহাৰা কৰি তোলে ৷ 26 টা বলত 2 টা বাউণ্ডেৰী আৰু 5 টা অভাৰ বাউণ্ডেৰী কোবাই 50 ৰাণ কৰি আউট হয় মাৰ্ক্ৰাম ৷ তাৰ পাচত অভিশেষ শৰ্মায়ো 17 টা বলত 32 ৰাণৰ এক সুন্দৰ ইনিংছ খেলে (KKR Vs SRH IPL match) ৷
অপেনাৰ ব্ৰুকে 55 টা বলত 100 ৰাণ কৰি অপৰাজিত হৈ ৰয় ৷ ইনিংছটোত মুঠ 12 টা বাউণ্ডেৰী আৰু 3 টা অভাৰ বাউণ্ডেৰী কোবাই ব্ৰুকে ৷ 20 অভাৰত 4 টা উইকেট হেৰুৱাই 228 ৰাণ সংগ্ৰহ কৰি KKR ক 229 ৰাণৰ বিশাল লক্ষ্য বান্ধি দিয়ে SRH য়ে ৷ আজিৰ খেলখনত IPL 2023ৰ প্ৰথমটো শতক অৰ্জন কৰা খেলুৱৈৰ কৃতিত্ব অৰ্জন কৰে হেৰী ব্ৰুকে ৷ ইফালে 228 ৰাণ হৈছে IPL 2023 ত দলসমূহে দিয়াৰ ভিতৰত সৰ্বোচ্চ টাৰ্গেট ৷ KKR ৰ হৈ আন্দ্ৰে ৰাছেলে 3 টা উইকেট দখল কৰে (IPL 2023 first century) ৷
ছানৰাইজাৰ্ছ হায়দৰাবাদ (প্লেয়িং একাদশ): হেৰী ব্ৰুক, মায়ংক আগৰৱাল, ৰাহুল ত্ৰিপাঠী, আইডেন মাৰ্ক্ৰাম(C), অভিষেক শৰ্মা, হাইনৰিচ ক্লাচেন(Wk), মাৰ্কো জান্সেন, ভুৱনেশ্বৰ কুমাৰ, মায়ংক মাৰ্কাণ্ডে, উমৰাণ মালিক, টি নটৰাজন
কলকাতা নাইট ৰাইডাৰ্ছ (প্লেয়িং একাদশ): ৰহমানুল্লাহ গুৰবাজ (Wk), এন জগদীছন, নীতিশ ৰানা(C), ৰিংকু সিং, আন্দ্ৰে ৰাছেল, সুনীল নাৰিনে, শ্বাৰদুল ঠাকুৰ, উমেশ যাদৱ, সূয়াশ শৰ্মা, লকি ফাৰ্গুচন, বৰুণ চকাৰৱৰ্তী