ETV Bharat / sports

অনিৰ্দিষ্ট কাললৈ স্থগিত আইপিএল-২০২১

ক'ভিড-১৯ মহামাৰীৰ বাবে স্থগিত কৰা হ'ল আইপিএল । সন্দীপ ৱেৰিয়াৰ, বৰুণ চক্ৰৱৰ্তী, ঋদ্ধিমান সাহা আৰু অমিত মিশ্ৰ, লক্ষ্মীপতি বালাজী আৰু চেন্নাই ছুপাৰ কিংছৰ বহু সহায়ক কৰ্মচাৰী মহামাৰীত আক্ৰান্ত হোৱাৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰে বি চি চি আয়ে ।

IPL 2021 SEASON POSTPONED DUE TO COVID
মহামাৰীৰ বাবে স্থগিত আইপিএল
author img

By

Published : May 4, 2021, 2:17 PM IST

স্পৰ্টছ ডেস্ক, ৪ মে': বহুকেইগৰাকী খেলুৱৈ আৰু সহায়ক কৰ্মচাৰী মহামাৰীৰ কবলত পৰাৰ পিছতে মঙলবাৰে বি চি চি আয়ে অনিৰ্দিষ্ট কাললৈ স্থগিত কৰে ২০২১ বৰ্ষৰ আইপিএল । ইতিমধ্যে সন্দীপ ৱেৰিয়াৰ, বৰুণ চক্ৰৱৰ্তী, ঋদ্ধিমান সাহা আৰু অমিত মিশ্ৰ, লক্ষ্মীপতি বালাজী ক'ভিড-১৯ত আক্ৰান্ত হৈছে ।

চেন্নাই ছুপাৰ কিংছৰ বহু সহায়ক কৰ্মচাৰীৰ দেহতো ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ উপস্থিতি । ইয়াৰ পূৰ্বে, খেলুৱৈ আৰু সহায়ক কৰ্মচাৰীসকল আক্ৰান্ত হোৱাৰ কথা পোহৰলৈ অহাৰ পিছত বি চি চি আয়ে আহমেদাবাদত কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ মাজত অনুষ্ঠিত হ'বলগীয়া খেলখন আৰু দিল্লীত চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মাজত অনুষ্ঠিত হ'বলগীয়া খেলখনৰ বাবে সময়সূচী পুনৰ নিৰ্ধাৰণ কৰিছিল ।

মঙলবাৰে, ঋদ্ধিমান সাহা আৰু অমিত মিশ্ৰ ক'ভিড-১৯ত আক্ৰান্ত হয় । এ এন আইৰ মতে, বি চি চি আইৰ উপ-সভাপতি ৰাজীৱ শুক্লাই এই তথ্য নিশ্চিত কৰিছে । ইয়াৰ উপৰিও একাধিক সংবাদ মাধ্যমে এই বাতৰি নিশ্চিত কৰিছে ।

লগতে পঢ়ক:আইপিএলৰ বাকী খেলকেইখন মুম্বাইত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.